--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'সনাতন ধৰ্ম' বিতৰ্ক এতিয়া অধিক গাঢ় হৈ পৰিছে। বিজেপিৰ প্ৰায় সংখ্যক নেতাই এতিয়া  ডিএমকে নেতা তথা তামিলনাডুৰ মন্ত্ৰী উদয়ানিধি ষ্টেলিনে সনাতন ধৰ্মকলৈ কৰা মন্তব্যত মাত মাতিছে।  "মহ, ডেংগু, মেলেৰিয়া, জ্বৰ আৰু কৰোনা"ৰ সৈতে 'সনাতন ধৰ্ম'ক তুলনা কৰা উদয়ানিধিক তুলাধুনা দিছে বিজেপিয়ে।  তেওঁক  সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে বুধবাৰে কয় যে ভগৱান কৃষ্ণৰ বাবে শ্লোগান ইমান জোৰেৰে হ'ব লাগে যে সেয়া  সনাতন ধৰ্মক প্ৰত্যাহ্বান জনোৱা লোকসকলৰ ওচৰলৈ যাব পাৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দ্বাৰকাত জন্মাষ্টমী উদযাপনত উধায়ানিধি ষ্টেলিন আৰু তেওঁ "সনাতন ধৰ্ম"কলৈ কৰা  মন্তব্যক সমৰ্থন কৰা সকলকো সমালোচনা কৰে। "আমাৰ কণ্ঠস্বৰ সেই লোকসকলৰ ওচৰলৈ যাব লাগিব যিসকলে 'সনাতন ধৰ্ম'ক প্ৰত্যাহ্বান জনাইছিল। তেওঁ কয় -ভক্তসকল জীয়াই থকালৈকে, কোনেও আমাৰ 'ধৰ্ম' আৰু বিশ্বাসক প্ৰত্যাহ্বান জনাব নোৱাৰে..."।


ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত বিষয়টো উত্থাপন কৰিছিল। সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীয়ে কয়  মন্ত্ৰীসকলে সনাতন ধৰ্ম বিতৰ্কৰ উপযুক্ত প্ৰত্যুত্তৰ দিব লাগে আৰু বিৰোধীক প্ৰতিহত কৰিবলৈ তথ্য ব্যৱহাৰ কৰিব লাগে। 

তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী উদয়ানিধি ষ্টেলিন আৰু কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেৰ বিৰুদ্ধে "ধৰ্মীয় আৱেগক আঘাত কৰা" বুলি গোচৰ ৰুজু কৰা হৈছে। উত্তৰ প্ৰদেশৰ ৰামপুৰত দুজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত এখন এজাহাৰ দাখিল কৰা হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিৰোধীপক্ষক আক্ৰমণ কৰি কয়  যে তেওঁলোকে সনাতন ধৰ্মৰ বিৰুদ্ধে নিৰন্তৰ "বিহ বিয়পাই আছে"।   কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে এয়া ইণ্ডিয়া মিত্ৰজোঁটৰ  ৰাজনৈতিক অস্ত্ৰ ।

 তেওঁ কয়  যে বিৰোধী ইণ্ডিয়া  মিত্ৰজোঁটে প্ৰকৃততে "হিন্দুত্বক ঘৃণা কৰে। তেওঁলোকৰ উদ্দেশ্য হৈছে "পৰম্পৰাৰ ওপৰত আক্ৰমণ" কৰা"।উল্লেখ্য উদয়নিধিয়ে অলপতেএখন ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰি কৈছিল, "কিছুমান বস্তুৰ প্ৰতিবাদ কৰিব নোৱাৰি। সেইবোৰ বিলুপ্ত কৰিব লাগিব। আমি ডেংগু, মহ, মেলেৰিয়া বা কৰোনাৰ বিৰোধী নহয়। আমি ইয়াক আঁতৰ কৰিব লাগিব। একেদৰে, আমি সনাতন ধৰ্ম বাতিল কৰিব লাগিব। 'সনাতন' শব্দটো সংস্কৃতৰ পৰা আহিছে। এয়া সামাজিক ন্যায় আৰু সমতাৰ বিৰুদ্ধে। "

তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই কৰা মন্তব্যই  বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয়ই দাবী কৰিছে যে উদয়নিধিয়ে যি কৈছিল সেয়া ৮০ শতাংশ লোকক হত্যা কৰাৰ প্ৰৰোচনাৰ বাহিৰে আন একো নহয়। দক্ষিণৰ ৰাজ্যসমূহৰ কেইবাজনো বিজেপি নেতাই একে ধৰণেই প্ৰতিক্ৰিয়া ব্যক্ত  কৰিছে । বিতৰ্কৰ সন্মুখীন হৈ উদয়নিধিয়ে দাবী কৰিছে যে তেওঁ কেতিয়াও  গণহত্যাৰ আহ্বান জনোৱা নাছিল। ইয়াৰ পিছতে দেওবাৰে ৰাজস্থানত অমিত শ্বাহে কয়, "যদি মোদী জয়ী হয়, তেন্তে পৰম্পৰাগত শাসন চলি থাকিব। সনাতনে মানুহৰ হৃদয়ত ৰাজত্ব কৰে।’’ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে লগতে কয় যে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ভাৰত সংবিধান অনুসৰি চলিব বুলি কৈ আহিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক