--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ দিনাই পলাল কইনা। কইনা নিনিয়াকৈ ঘৰলৈ নাযাও বুলি মণ্ডপতে ১৩ দিন বহি থাকিল দৰা। আনকি ১৩ দিন দৰাই চেহেৰাও ঢাকি ৰাখিছিল। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ পালিত। কইনা আনিবলৈ দৰাযাত্ৰী কইনাৰ ঘৰত উপস্থিত হয়। দৰাযাত্ৰীক কইনা ঘৰে আদৰণি জনোৱাৰ লগতে সকলো ৰীতি-নীতি সম্পূৰ্ণ কৰা হয়। 

সাত ফেৰে লোৱাৰ সময়তে কইনাই পেটৰ বিষ আৰু বমিৰ অজুহাতত ঘৰৰ ভিতৰলৈ আহে আৰু সেই সময়তে কইনা প্ৰেমিকৰ সৈতে পলাই যায়। আত্মীয়ই যেতিয়া এই ঘটনাৰ কথা জানিব পাৰিলে, তেতিয়া ঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পৰিয়ালে কইনাক বিচাৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কোনো সন্ধান পোৱা নগ’ল।

কইনাৰ পলায়নৰ খবৰে গাঁওখনত আলোড়নৰ সৃষ্টি কৰিলে। দৰা পক্ষৰ মানুহে কইনাক লৈ যোৱাত অটল হৈ থাকিল। ১৩ ধৰি কইনাঘৰৰ মণ্ডপতে বহি থাকিল দৰা। দৰাৰ লগতে দৰাৰ পৰিয়ালৰ মানুহো কইনাক লগত নিনিয়াকে উভতি নাযাও বুলি দাবী তুলিলে। 

কইনাৰ পৰিয়ালৰ লোকে কন্যাৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে থানাত। আৰক্ষীয়ে ছোৱালীজনীৰ সন্ধানত তদন্ত চলোৱাত পোহৰলৈ আহে যে তেওঁক এজন নাবালকে পলোৱাই নিছে। নাবালক ল’ৰাজন কইনাৰে কোনো আত্মীয়।

১৩ দিনৰ মূৰত আৰক্ষীয়ে অভিযুক্ত ল’ৰাজনক নিজৰ জিম্মাত লৈ কইনাগৰাকীক পৰিয়ালৰ হাতত গতাই দিয়ে। কইনাৰ আগমনৰ লগে লগে দৰাৰ অপেক্ষাৰ অন্ত পৰিল। বিয়াৰ বাকী ৰীতি-নীতি সম্পূৰ্ণ কৰি কইনাক ঘৰলৈ লৈ যায় দৰাই। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ