--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ দিনাই পলাল কইনা। কইনা নিনিয়াকৈ ঘৰলৈ নাযাও বুলি মণ্ডপতে ১৩ দিন বহি থাকিল দৰা। আনকি ১৩ দিন দৰাই চেহেৰাও ঢাকি ৰাখিছিল। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ পালিত। কইনা আনিবলৈ দৰাযাত্ৰী কইনাৰ ঘৰত উপস্থিত হয়। দৰাযাত্ৰীক কইনা ঘৰে আদৰণি জনোৱাৰ লগতে সকলো ৰীতি-নীতি সম্পূৰ্ণ কৰা হয়। 

সাত ফেৰে লোৱাৰ সময়তে কইনাই পেটৰ বিষ আৰু বমিৰ অজুহাতত ঘৰৰ ভিতৰলৈ আহে আৰু সেই সময়তে কইনা প্ৰেমিকৰ সৈতে পলাই যায়। আত্মীয়ই যেতিয়া এই ঘটনাৰ কথা জানিব পাৰিলে, তেতিয়া ঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পৰিয়ালে কইনাক বিচাৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কোনো সন্ধান পোৱা নগ’ল।

কইনাৰ পলায়নৰ খবৰে গাঁওখনত আলোড়নৰ সৃষ্টি কৰিলে। দৰা পক্ষৰ মানুহে কইনাক লৈ যোৱাত অটল হৈ থাকিল। ১৩ ধৰি কইনাঘৰৰ মণ্ডপতে বহি থাকিল দৰা। দৰাৰ লগতে দৰাৰ পৰিয়ালৰ মানুহো কইনাক লগত নিনিয়াকে উভতি নাযাও বুলি দাবী তুলিলে। 

কইনাৰ পৰিয়ালৰ লোকে কন্যাৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে থানাত। আৰক্ষীয়ে ছোৱালীজনীৰ সন্ধানত তদন্ত চলোৱাত পোহৰলৈ আহে যে তেওঁক এজন নাবালকে পলোৱাই নিছে। নাবালক ল’ৰাজন কইনাৰে কোনো আত্মীয়।

১৩ দিনৰ মূৰত আৰক্ষীয়ে অভিযুক্ত ল’ৰাজনক নিজৰ জিম্মাত লৈ কইনাগৰাকীক পৰিয়ালৰ হাতত গতাই দিয়ে। কইনাৰ আগমনৰ লগে লগে দৰাৰ অপেক্ষাৰ অন্ত পৰিল। বিয়াৰ বাকী ৰীতি-নীতি সম্পূৰ্ণ কৰি কইনাক ঘৰলৈ লৈ যায় দৰাই। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস