--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  মোদীয়ে ৭ মাহ পূৰ্বে মুকলি কৰিছিল  ৮০০ কোটিটকীয়া মহাকাল লোক কৰিডৰ প্ৰকল্প। ধৰ্মীয় পৰ্যটনৰ বিকাশৰ বাবে মুকলি কৰা এই কৰিডৰৰ  সপ্তঋষিৰ ৬ টা মূৰ্তি ধ্বংস হৈছে। বতাহত ভাগি পৰিছে মূৰ্তি কেইটা। ইয়াকেলৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। 

উজ্জয়িনীৰ মহাকাল লোক কৰিডৰত যোৱা নিশা ধুমুহা-বৰষুণে  বিধ্বংসী ৰূপ ধাৰণ কৰে।  ধুমুহাৰ ফলত উজ্জয়িনীত দুজন লোকে প্ৰাণ হেৰুৱায়।  আনহাতে ৬ জন লোক গুৰুতৰভাৱে আহত হয়। একে সময়তে ধুমুহাৰ ফলত মহাকাল লোকৰো যথেষ্ট ক্ষতি হয় । মহাকাল লোকত  স্থাপন কৰা সপ্তঋষিৰ ৭ টা মূৰ্তিৰ ভিতৰত ৬  টা মূৰ্তি  তললৈ পৰি যায়।

 ফলত মূৰ্তি কেইটাৰ বিস্তৰ ক্ষতি হয়। মূৰ্তি এটাৰ মূৰটো চিঙি পৰে।  কোনোবাটোৰ আকৌ  হাত চিগি পৰিছে। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু  ক্ৰেইনৰ সহায়ত  মূৰ্তিবোৰ আঁতৰাই দিয়ে। তথ্য অনুসৰ  জানিব পৰা মতে বহু কেইটা  মূৰ্তিত ফাট মেলিছে। এনে সময়তে কংগ্ৰেছৰ নেতা ৰবি ভাদাউৰিয়াই মহাকাল লোকত উপস্থিত হৈ চৰকাৰক সমালোচনা কৰিছে।

কংগ্ৰেছৰ নেতাজনৰ মতে, প্ৰতিমূৰ্তি নিৰ্মাণত কোটি কোটি টকাৰ দুৰ্নীতি  হৈছে। মূৰ্তি নিৰ্মাণত গুণগত মানৰ বিষয়টো উপেক্ষা কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে।  বিষয়টো তদন্ত কৰা উচিত বুলিও তেওঁ কয়।  উজ্জয়িনীত  ধুমুহাৰ ফলত বহু গছ উভালি  পৰিছে।উজ্জয়িনী প্ৰশাসনৰ শীৰ্ষ বিষয়া  কুমাৰ পুৰুষোত্তমৰ মতেশীঘ্ৰেই ইয়াত সপ্তঋষিৰ ডাঙৰ শিলৰ মূৰ্তি স্থাপন কৰা হ'ব।প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ২০২২ চনত উজ্জয়িনীত মহাকালেশ্বৰ মন্দিৰ উদ্বোধন কৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়