--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  মোদীয়ে ৭ মাহ পূৰ্বে মুকলি কৰিছিল  ৮০০ কোটিটকীয়া মহাকাল লোক কৰিডৰ প্ৰকল্প। ধৰ্মীয় পৰ্যটনৰ বিকাশৰ বাবে মুকলি কৰা এই কৰিডৰৰ  সপ্তঋষিৰ ৬ টা মূৰ্তি ধ্বংস হৈছে। বতাহত ভাগি পৰিছে মূৰ্তি কেইটা। ইয়াকেলৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। 

উজ্জয়িনীৰ মহাকাল লোক কৰিডৰত যোৱা নিশা ধুমুহা-বৰষুণে  বিধ্বংসী ৰূপ ধাৰণ কৰে।  ধুমুহাৰ ফলত উজ্জয়িনীত দুজন লোকে প্ৰাণ হেৰুৱায়।  আনহাতে ৬ জন লোক গুৰুতৰভাৱে আহত হয়। একে সময়তে ধুমুহাৰ ফলত মহাকাল লোকৰো যথেষ্ট ক্ষতি হয় । মহাকাল লোকত  স্থাপন কৰা সপ্তঋষিৰ ৭ টা মূৰ্তিৰ ভিতৰত ৬  টা মূৰ্তি  তললৈ পৰি যায়।

 ফলত মূৰ্তি কেইটাৰ বিস্তৰ ক্ষতি হয়। মূৰ্তি এটাৰ মূৰটো চিঙি পৰে।  কোনোবাটোৰ আকৌ  হাত চিগি পৰিছে। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু  ক্ৰেইনৰ সহায়ত  মূৰ্তিবোৰ আঁতৰাই দিয়ে। তথ্য অনুসৰ  জানিব পৰা মতে বহু কেইটা  মূৰ্তিত ফাট মেলিছে। এনে সময়তে কংগ্ৰেছৰ নেতা ৰবি ভাদাউৰিয়াই মহাকাল লোকত উপস্থিত হৈ চৰকাৰক সমালোচনা কৰিছে।

কংগ্ৰেছৰ নেতাজনৰ মতে, প্ৰতিমূৰ্তি নিৰ্মাণত কোটি কোটি টকাৰ দুৰ্নীতি  হৈছে। মূৰ্তি নিৰ্মাণত গুণগত মানৰ বিষয়টো উপেক্ষা কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে।  বিষয়টো তদন্ত কৰা উচিত বুলিও তেওঁ কয়।  উজ্জয়িনীত  ধুমুহাৰ ফলত বহু গছ উভালি  পৰিছে।উজ্জয়িনী প্ৰশাসনৰ শীৰ্ষ বিষয়া  কুমাৰ পুৰুষোত্তমৰ মতেশীঘ্ৰেই ইয়াত সপ্তঋষিৰ ডাঙৰ শিলৰ মূৰ্তি স্থাপন কৰা হ'ব।প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ২০২২ চনত উজ্জয়িনীত মহাকালেশ্বৰ মন্দিৰ উদ্বোধন কৰিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস