--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছবিগৃহলৈ অতিশীঘ্ৰে আহি আছে বলীউড ছবি ‘গঙ্গুবাই কাঠিয়াৱাড়ী’। ছবিখনৰ মুক্তিৰ দিন চমু চাপি অহাৰ লগে লগে অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উত্‍কন্ঠা। অনুৰাগীৰ মাজতে উলাহে নধৰা হিয়া ইয়াৰ মাজতে আলিয়া ভাট অভিনীত ছবিখনৰ ট্ৰেইলাৰে যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। ছবিখনৰ এটা গীত পোহৰলৈ আহিছে।গীতটোৰ নাম- ‘ধোলীদা’। ইফালে, আলিয়াৰ সংলাপেও অনুৰাগীৰ মন কাঢ়িছে। ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত মুক্তি পাৱলগীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মহেশ কন্যাই। ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ত আলিয়াক এক নতুন ৰূপত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে। অধীৰ আগ্ৰহেৰে ছবিখনৰ মুক্তিৰ দিনটোলৈ বাট চাইছে চলচ্চিত্ৰপ্ৰেমীয়ে। আমোদজনক ভাৱে, যিটো সময়ত ছবিখনৰ আটাইখিনি সদস্য ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ৰ প্ৰচাৰত ব্যস্ত, সেই সময়তে আলিয়া ভাটে ছবিখনক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গঙ্গুবাই কাঠিয়াৱাড়ী ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ত অভিনয়ৰ প্ৰস্তাব দিয়াৰ সময়ত ভয় লাগিছিল বুলি আলিয়াই মিড ডে’ সংবাদ মাধ্যমক দিয়া এক সাক্ষাত্‍কাৰত প্ৰকাশ পাইছে। আলিয়াই কয়, ‘মই ভয় খাইছিলো। এনেকুৱা এখন চিনেমাৰ কথা মই ভাবিবই পৰা নাছিলো। মই ভয় খাইছিলো। মই ছাৰৰ সৈতে এটা প্ৰেমকাহিনী থকা ছবিত অভিনয় কৰিব বিচাৰিছিলো। তেতিয়ালৈকে মই কিতাপখন পঢ়া নাছিলো আৰু গঙ্গুবাইৰ বিষয়ে ভালকৈ জনাও নাছিলো। সঁচাকৈ মই এনে এখন ছবি একেবাৰে আশা কৰা নাছিলো।’ যেতিয়া মই কাহিনীৰ বৰ্ণনা শুনিছিলো তেতিয়া ছাৰক সুধিছিলো - আপুনি ভাবেনে যে মই এইটো চৰিত্ৰত অভিনয় কৰিব পাৰিম? তেতিয়া তেওঁ কৈছিল, ‘মই তোমাক যেনেকৈ নহওক এইটো চৰিত্ৰ কৰামেই।’ আলিয়াই কয়, ‘তেতিয়া মই নিজকে কৈছিলো যে যদি এনে এখন চিনেমা মোৰ সন্মুখত আহে তেন্তে মোৰ মূৰত সন্দেহৰ কোনো সুযোগ থাকিব নালাগিব। মোৰ নিজৰ ওপৰত সন্দেহ আছিল। গতিকে, মই যিমান পাৰো সিমান চেষ্টা কৰিছিলো। কিন্তু এই ক্ষেত্ৰত, সন্দেহ হৈছে জ্ঞানৰ মূল চাবিকাঠি, যাৰ ফলত মই এই চৰিত্ৰটো কিদৰে কৰিব পাৰো তাৰ চৰম অন্বেষণৰ সুবিধা কৰি দিছিল।’ গঙ্গুবাই কাঠিয়াৱাড়ী তদুপৰি আলিয়াই ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ক অভিনয় কেৰিয়াৰৰ জীৱনজোৰা সুযোগ বুলি অভিহিত কৰিছে। মই গঙ্গুবাৰ পৃথিৱীত দুবছৰ ধৰি মজি আছো। শ্বুটিং শেষ হোৱাৰ পাছতো মই চিনেমাখনৰ দৃশ্যবোৰ চাবলৈ ভাঞ্চালীৰ কাৰ্যালয়লৈ গৈছিলো। ইয়াৰ পূৰ্বে কোনো এটা চৰিত্ৰই মোক এনেদৰে গ্ৰাস কৰা নাছিল।’ মন কৰিবলগীয়া যে, ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ ছবিখন ২৫ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ