--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছবিগৃহলৈ অতিশীঘ্ৰে আহি আছে বলীউড ছবি ‘গঙ্গুবাই কাঠিয়াৱাড়ী’। ছবিখনৰ মুক্তিৰ দিন চমু চাপি অহাৰ লগে লগে অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উত্‍কন্ঠা। অনুৰাগীৰ মাজতে উলাহে নধৰা হিয়া ইয়াৰ মাজতে আলিয়া ভাট অভিনীত ছবিখনৰ ট্ৰেইলাৰে যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। ছবিখনৰ এটা গীত পোহৰলৈ আহিছে।গীতটোৰ নাম- ‘ধোলীদা’। ইফালে, আলিয়াৰ সংলাপেও অনুৰাগীৰ মন কাঢ়িছে। ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত মুক্তি পাৱলগীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মহেশ কন্যাই। ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ত আলিয়াক এক নতুন ৰূপত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে। অধীৰ আগ্ৰহেৰে ছবিখনৰ মুক্তিৰ দিনটোলৈ বাট চাইছে চলচ্চিত্ৰপ্ৰেমীয়ে। আমোদজনক ভাৱে, যিটো সময়ত ছবিখনৰ আটাইখিনি সদস্য ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ৰ প্ৰচাৰত ব্যস্ত, সেই সময়তে আলিয়া ভাটে ছবিখনক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গঙ্গুবাই কাঠিয়াৱাড়ী ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ত অভিনয়ৰ প্ৰস্তাব দিয়াৰ সময়ত ভয় লাগিছিল বুলি আলিয়াই মিড ডে’ সংবাদ মাধ্যমক দিয়া এক সাক্ষাত্‍কাৰত প্ৰকাশ পাইছে। আলিয়াই কয়, ‘মই ভয় খাইছিলো। এনেকুৱা এখন চিনেমাৰ কথা মই ভাবিবই পৰা নাছিলো। মই ভয় খাইছিলো। মই ছাৰৰ সৈতে এটা প্ৰেমকাহিনী থকা ছবিত অভিনয় কৰিব বিচাৰিছিলো। তেতিয়ালৈকে মই কিতাপখন পঢ়া নাছিলো আৰু গঙ্গুবাইৰ বিষয়ে ভালকৈ জনাও নাছিলো। সঁচাকৈ মই এনে এখন ছবি একেবাৰে আশা কৰা নাছিলো।’ যেতিয়া মই কাহিনীৰ বৰ্ণনা শুনিছিলো তেতিয়া ছাৰক সুধিছিলো - আপুনি ভাবেনে যে মই এইটো চৰিত্ৰত অভিনয় কৰিব পাৰিম? তেতিয়া তেওঁ কৈছিল, ‘মই তোমাক যেনেকৈ নহওক এইটো চৰিত্ৰ কৰামেই।’ আলিয়াই কয়, ‘তেতিয়া মই নিজকে কৈছিলো যে যদি এনে এখন চিনেমা মোৰ সন্মুখত আহে তেন্তে মোৰ মূৰত সন্দেহৰ কোনো সুযোগ থাকিব নালাগিব। মোৰ নিজৰ ওপৰত সন্দেহ আছিল। গতিকে, মই যিমান পাৰো সিমান চেষ্টা কৰিছিলো। কিন্তু এই ক্ষেত্ৰত, সন্দেহ হৈছে জ্ঞানৰ মূল চাবিকাঠি, যাৰ ফলত মই এই চৰিত্ৰটো কিদৰে কৰিব পাৰো তাৰ চৰম অন্বেষণৰ সুবিধা কৰি দিছিল।’ গঙ্গুবাই কাঠিয়াৱাড়ী তদুপৰি আলিয়াই ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ক অভিনয় কেৰিয়াৰৰ জীৱনজোৰা সুযোগ বুলি অভিহিত কৰিছে। মই গঙ্গুবাৰ পৃথিৱীত দুবছৰ ধৰি মজি আছো। শ্বুটিং শেষ হোৱাৰ পাছতো মই চিনেমাখনৰ দৃশ্যবোৰ চাবলৈ ভাঞ্চালীৰ কাৰ্যালয়লৈ গৈছিলো। ইয়াৰ পূৰ্বে কোনো এটা চৰিত্ৰই মোক এনেদৰে গ্ৰাস কৰা নাছিল।’ মন কৰিবলগীয়া যে, ‘গঙ্গুবাই কাঠিয়াৱাড়ী’ ছবিখন ২৫ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু