--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্কঃ বিয়া পাতি দিয়া হ’ল এহাল কুকুৰক! আচৰিত যেন লাগিলেও গুৰুগ্ৰামৰ এই কুকুৰৰ বিয়াখনে ব্যাপক চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে, কুকুৰহালৰ নাম ক্ৰমে শ্বেৰু আৰু চুইটি। গুৰুগ্ৰামৰ এহাল দম্পত্তিয়ে ৩ বছৰ পূৰ্বে চুইটী নামৰ মাইকী কুকুৰজনী পোহা আৰম্ভণি কৰিছিল। দম্পত্তিহালৰ নাম ক্ৰমে ৰাজা আৰু সবিতা।

ৰাজা আৰু সবিতা নিঃসন্তান দম্পতি। সেয়ে কুকুৰজনীক তেওঁলোকে নিজৰ সন্তানৰ দৰে গণ্য কৰে।  সবিতাই জনায় যে এবাৰ স্বামী ৰাজাই কাষৰে মন্দিৰলৈ যাওতে এজনী কুকুৰে তেওঁৰ পিছা লয়। কুকুৰজনীক তেওঁলোকে ঘৰলৈ আনি পুঁহে। নাম ৰাখে চুইটী।

আনহাতে, তেওঁলোকৰ প্ৰতিবেশী ৰামসেৱকৰ পোহনীয়া কুকুৰটোৰ নাম শ্বেৰু। শ্বেৰুৰু স’তে চুইটীৰ প্ৰেম হয়। সবিতাই কয় যে কুকুৰহালৰ মিলা-মিছা আৰম্ভ হোৱাৰে পৰা তেওঁলোকে বিয়াৰ কথা ভাবিব ধৰে।

দুয়োটা পৰিয়ালে বিয়াৰ আয়োজন ঠিক কৰে। ১০০ৰ ওপৰত বেছি কাৰ্ড প্ৰিণ্ট কৰা হয়। আমন্ত্ৰণ জনোৱা হয় আত্মীয়সকলক। ইতিমধ্যে গুৰুগ্ৰামৰ পালাম বিহাৰ এক্সটেনশ্বনেৰ জৈল সিংহ কল’নিত বিবাহানুষ্ঠানৰ মাংগলিক কৰ্মসমূহ কৰা হৈছে।

আনহাতে, শ্বেৰুৰ মালিক মানিতাই কয় যে তেওঁলোকৰ লগত শ্বেৰু যোৱা ৮ বছৰ ধৰি আছে। সেয়ে কুকুৰটো তেওঁলোকৰ সন্তানৰ দৰে।

চুইটীৰ মালিক ৰাজা এজন চাহ বিক্ৰেতা। কিন্তু চুইটীৰ বিয়াত তেওঁ কোনো কাৰ্পণ্য কৰা নাই। আমন্ত্ৰিতসকলৰ বাবে বিৰাট ভোজৰ আয়োজন কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক