--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্কঃ বিয়া পাতি দিয়া হ’ল এহাল কুকুৰক! আচৰিত যেন লাগিলেও গুৰুগ্ৰামৰ এই কুকুৰৰ বিয়াখনে ব্যাপক চৰ্চা লাভ কৰিছে।

জানিব পৰা মতে, কুকুৰহালৰ নাম ক্ৰমে শ্বেৰু আৰু চুইটি। গুৰুগ্ৰামৰ এহাল দম্পত্তিয়ে ৩ বছৰ পূৰ্বে চুইটী নামৰ মাইকী কুকুৰজনী পোহা আৰম্ভণি কৰিছিল। দম্পত্তিহালৰ নাম ক্ৰমে ৰাজা আৰু সবিতা।

ৰাজা আৰু সবিতা নিঃসন্তান দম্পতি। সেয়ে কুকুৰজনীক তেওঁলোকে নিজৰ সন্তানৰ দৰে গণ্য কৰে।  সবিতাই জনায় যে এবাৰ স্বামী ৰাজাই কাষৰে মন্দিৰলৈ যাওতে এজনী কুকুৰে তেওঁৰ পিছা লয়। কুকুৰজনীক তেওঁলোকে ঘৰলৈ আনি পুঁহে। নাম ৰাখে চুইটী।

আনহাতে, তেওঁলোকৰ প্ৰতিবেশী ৰামসেৱকৰ পোহনীয়া কুকুৰটোৰ নাম শ্বেৰু। শ্বেৰুৰু স’তে চুইটীৰ প্ৰেম হয়। সবিতাই কয় যে কুকুৰহালৰ মিলা-মিছা আৰম্ভ হোৱাৰে পৰা তেওঁলোকে বিয়াৰ কথা ভাবিব ধৰে।

দুয়োটা পৰিয়ালে বিয়াৰ আয়োজন ঠিক কৰে। ১০০ৰ ওপৰত বেছি কাৰ্ড প্ৰিণ্ট কৰা হয়। আমন্ত্ৰণ জনোৱা হয় আত্মীয়সকলক। ইতিমধ্যে গুৰুগ্ৰামৰ পালাম বিহাৰ এক্সটেনশ্বনেৰ জৈল সিংহ কল’নিত বিবাহানুষ্ঠানৰ মাংগলিক কৰ্মসমূহ কৰা হৈছে।

আনহাতে, শ্বেৰুৰ মালিক মানিতাই কয় যে তেওঁলোকৰ লগত শ্বেৰু যোৱা ৮ বছৰ ধৰি আছে। সেয়ে কুকুৰটো তেওঁলোকৰ সন্তানৰ দৰে।

চুইটীৰ মালিক ৰাজা এজন চাহ বিক্ৰেতা। কিন্তু চুইটীৰ বিয়াত তেওঁ কোনো কাৰ্পণ্য কৰা নাই। আমন্ত্ৰিতসকলৰ বাবে বিৰাট ভোজৰ আয়োজন কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু