--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি প্ৰতিৰক্ষাকৰ্মীৰ  দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰতিৰক্ষা বিভাগক অধিক ব্যয় কৰিবলৈ আহ্বান জনায়। সিঙে সোমবাৰে নতুন দিল্লীত অনুষ্ঠিতপ্ৰতিৰক্ষা সম্পৰ্কীয়  সন্মিলনখন উদ্বোধন কৰি প্ৰতিৰক্ষা বাজেটত অধিক ধন বিনিয়োগৰ আহ্বান জনায়।। তেওঁ কয় যে ৫.২৫ লাখ কোটি টকাৰ প্ৰতিৰক্ষা বাজেট দক্ষতাৰে আৰু "যুক্তিসঙ্গতভাৱে" ব্যৱহাৰ কৰিব লাগিব। তেওঁ লগতে জোৰ দি কৈছিল যে প্ৰতিৰক্ষা বাজেটৰ ধনৰ যাতে কোনো অপচয় নহয় সেই কথাৰ প্ৰতি গুৰুত্ব দিব লাগিব।

সিঙে কয় যে মন্ত্ৰালয়ে প্ৰতিৰক্ষা খণ্ডত অধিক ব্যয় নিশ্চিত কৰিব যাতে ভাৰতৰ ওচৰত সকলো প্ৰয়োজনীয় সকলো সম্পদ মজুত  থাকে। তেওঁ কয় "মই প্ৰতিৰক্ষা একাউণ্ট বিভাগক পৰামৰ্শ দিব বিচাৰো যে যদি মন্ত্ৰালয়ে যিকোনো ঠাইত কম খৰচ কৰিছে, তেন্তে আমাক অধিক ব্যয় কৰিবলৈ পৰামৰ্শ দিয়ক। নহলে পৰৱৰ্তী সময়ত এটা সমস্যা হ'ব ।"

উল্লেখ্য ভাৰতৰ প্ৰতিৰক্ষা বাজেট হৈছে ৫.২৫ লাখ কোটি টকা। এই ধনৰাশি  ৬ লাখ কোটি টকাতকৈ অধিক হ'ব লাগে বুলিও সিঙে কয়। প্ৰতিৰক্ষা একাউণ্ট বিভাগে প্ৰতিৰক্ষা মন্ত্ৰালয়ক পুঁজি আৱণ্টন কৰে আৰু বছৰটোৰ বাবে এক প্ৰতিৰক্ষা বাজেট তৈয়াৰ কৰে। এই বাজেটত কৰ্মচাৰীৰ দৰমহা,  ভাট্টা আৰু অন্যান্য কাৰ্যৰ ভিতৰত পেঞ্চন পৰিশোধ আদি কথাবোৰ  অন্তৰ্ভুক্ত হৈ থাকে । ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ক ৫.২৫ লাখ কোটি টকাৰ বাজেট আৱণ্টন কৰা হৈছিল। ইয়াৰ ভিতৰত ১.১৯ লাখ কোটি পেঞ্চন পৰিশোধৰ বাবে ৰাখি থোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক