--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি প্ৰতিৰক্ষাকৰ্মীৰ  দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰতিৰক্ষা বিভাগক অধিক ব্যয় কৰিবলৈ আহ্বান জনায়। সিঙে সোমবাৰে নতুন দিল্লীত অনুষ্ঠিতপ্ৰতিৰক্ষা সম্পৰ্কীয়  সন্মিলনখন উদ্বোধন কৰি প্ৰতিৰক্ষা বাজেটত অধিক ধন বিনিয়োগৰ আহ্বান জনায়।। তেওঁ কয় যে ৫.২৫ লাখ কোটি টকাৰ প্ৰতিৰক্ষা বাজেট দক্ষতাৰে আৰু "যুক্তিসঙ্গতভাৱে" ব্যৱহাৰ কৰিব লাগিব। তেওঁ লগতে জোৰ দি কৈছিল যে প্ৰতিৰক্ষা বাজেটৰ ধনৰ যাতে কোনো অপচয় নহয় সেই কথাৰ প্ৰতি গুৰুত্ব দিব লাগিব।

সিঙে কয় যে মন্ত্ৰালয়ে প্ৰতিৰক্ষা খণ্ডত অধিক ব্যয় নিশ্চিত কৰিব যাতে ভাৰতৰ ওচৰত সকলো প্ৰয়োজনীয় সকলো সম্পদ মজুত  থাকে। তেওঁ কয় "মই প্ৰতিৰক্ষা একাউণ্ট বিভাগক পৰামৰ্শ দিব বিচাৰো যে যদি মন্ত্ৰালয়ে যিকোনো ঠাইত কম খৰচ কৰিছে, তেন্তে আমাক অধিক ব্যয় কৰিবলৈ পৰামৰ্শ দিয়ক। নহলে পৰৱৰ্তী সময়ত এটা সমস্যা হ'ব ।"

উল্লেখ্য ভাৰতৰ প্ৰতিৰক্ষা বাজেট হৈছে ৫.২৫ লাখ কোটি টকা। এই ধনৰাশি  ৬ লাখ কোটি টকাতকৈ অধিক হ'ব লাগে বুলিও সিঙে কয়। প্ৰতিৰক্ষা একাউণ্ট বিভাগে প্ৰতিৰক্ষা মন্ত্ৰালয়ক পুঁজি আৱণ্টন কৰে আৰু বছৰটোৰ বাবে এক প্ৰতিৰক্ষা বাজেট তৈয়াৰ কৰে। এই বাজেটত কৰ্মচাৰীৰ দৰমহা,  ভাট্টা আৰু অন্যান্য কাৰ্যৰ ভিতৰত পেঞ্চন পৰিশোধ আদি কথাবোৰ  অন্তৰ্ভুক্ত হৈ থাকে । ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ক ৫.২৫ লাখ কোটি টকাৰ বাজেট আৱণ্টন কৰা হৈছিল। ইয়াৰ ভিতৰত ১.১৯ লাখ কোটি পেঞ্চন পৰিশোধৰ বাবে ৰাখি থোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু