--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিপ্ৰেছনে আজিকালি সকলোকে নিজৰ কবলত লৈছে আৰু এতিয়া এজন নিৰাপত্তাৰক্ষী বিষয়াও হতাশাৰ কৱলত পৰিছে। প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ গৱেষণা আৰু বিশ্লেষণ শাখাৰ এজন বিষয়াই দিল্লীৰ নিজেই কাৰ্যালয়ৰ দশম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছে।

এই ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে কয় যে এইজন RAW বিষয়াই দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি আছিল। আৰক্ষীয়ে জনোৱা মতে, লোধি কলনীত অৱস্থিত RAW কার্যালয়ৰ পৰা অজ্ঞাত কাৰণত বিষয়াজনে দশম মহলাৰ পৰা জপিয়াই পৰা বুলি তথ্য লাভ কৰে৷ পকাত পৰি কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা মতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে, যোৱা কেইদিনমানৰ পৰা বিষয়াজন মানসিক চাপত আছিল বুলি কোৱা হৈছে। বৰ্তমান উক্ত বিষয়টো সকলো দিশৰ পৰা তদন্ত কৰা হৈছে কাৰণ তেওঁ আছিল অতি গুৰুত্বপূৰ্ণ এজেন্সীৰ বিষয়া।

উল্লেখযোগ্য যে RAW হৈছে চোৰাংচোৱা পদ্ধতিৰে কাম কৰা এজেন্সী। এই এজেন্সী এনেকুৱা য’ত কাম কৰা বিষয়াজনৰ বিষয়ে কাৰো হাতত কোনো তথ্য নাথাকে। ই মূলতঃ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে কাম কৰে আৰু বিশ্বৰ প্ৰায় সকলো দেশতে ইয়াৰ এজেণ্ট আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা