--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰু মাত্ৰ কেইঘণ্টামান বাকী। তাৰ পাছতে, কাপুৰ আৰু ভট্ট পৰিয়ালে 'বিগ ফেট ৱেডিং' উদযাপন কৰিব! আলিয়া ভাটে ১৭ এপ্ৰিলত ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ সাজু হৈছে। বুধবাৰে, মেহেন্দী পৰ্ব। দুয়োটা পৰিয়ালে মানুহৰ অজ্ঞাতে বিয়াখন অনুষ্ঠিত কৰিব বিচাৰিছে।

বলীউডত এই বিবাহক লৈ হেঁপাহৰ অন্ত নাইকিয়া হৈছে। দুয়োৰে বিবাহৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। প্ৰথমতে খবৰ পোৱা গৈছিল যে বিয়াখন চেম্বুৰৰ পৈতৃক গৃহত হ’ব, পাছত, বান্দ্ৰাৰ ‘বাস্তু’ত ‘ৰনলিয়াৰ’ বিবাহ অনুষ্ঠিত হ’ব বুলি প্ৰকাশ পাইছিল। 

কাপুৰ আৰু ভট্ট পৰিয়ালে এতিয়াও ৰাজহুৱাভাৱে ৰণলিয়াৰ বিবাহৰ বিষয়ে মুকলি কৰিবলৈ অনিচ্ছুক। নীতু কাপুৰ বা মহেশ ভট্টও এই বিয়াখনক এক উৰাবাতৰি হিচাপে খাৰিজ কৰিছে। 

শুনা গৈছে যে শদী স্কোয়াড নামৰ এটা কোম্পানীক বিয়াখন আয়োজন কৰাৰ দায়িত্ব দিয়া হৈছে। মন কৰিকৰিব লগীয়া যে কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিয়াও একেটা কোম্পানীয়ে আয়োজন কৰিছিল। 

ইফালে, সোমবাৰে আবেলি সবিয়াসাঁচী আতিয়া আলিয়াৰ মুম্বাইৰ বান্দ্ৰাৰ ‘বাস্তুৰ বাসগৃহত উপস্থিত হয়। আলিয়াই বিভিন্ন বিবাহ অনুষ্ঠানত সব্যসাঁচীৰ দ্বাৰা ডিজাইন কৰা পোছাক পিন্ধিব বুলি ধাৰণা কৰা হৈছে। শুনা গৈছে যে, ৰণবীৰ-আলিয়াৰ বিয়াখন পাঞ্জাবী শৈলীত আয়োজন কৰা হৈছে। অৱশ্যে, এই বিবাহত অলপ আধুনিকতা আছে। 

কিন্তু এই সকলোবোৰৰ মাজত, নীতু কাপুৰে গোটেই কথাটো স্বীকাৰ কৰিবলৈ অনিচ্ছুক। আজি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিওঁতে নীতুৱে কয়, ‘আপুনালোক যাৱক! মোক এইবোৰ কথা সুধি নাথাকিব। যিহেতু আমাৰ পুত্ৰ আৰু জী। আমি যেতিয়াই বিচাৰো তেতিয়াই বিয়া পাতিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ