--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্ক আৰু উৰ্ফি জাভেদ যেন এতিয়া গ্লেমাৰ জগতৰ সমাৰ্থক শব্দ। পোছাকৰ বাবে প্ৰায় প্ৰতিদিনে সংবাদ শিৰোনাম দখল কৰি আহিছে এইগৰাকী মডেল-অভিনেত্ৰীয়ে। ‘বিগ বছ অ’টিটি’ৰ যোগেদিয়েই চৰ্চালৈ আহিছিল উৰ্ফি জাভেদ। ‘বিগ বছ’ৰ মঞ্চত দীঘলীয়া সময়লৈকে তিষ্ঠি থাকিব নোৱাৰিলেও ৰীয়েল পৃথিৱীত উৰ্ফিৰ লাস্যময়ী ৰূপে ছ’চিয়েল মিডিয়াৰ চৰ্চাৰ কেন্দ্ৰবিন্দু কৰি ৰাখিছে। পোছাক পিন্ধাৰ নানা আজব কায়দাই সম্প্ৰতি উৰ্ফিৰ পৰিচয় হৈ পৰিছে। ট্ৰ’ল, সমালোচনা আৰু উপহাস যেন উৰ্ফিৰ দৈনন্দিন জীৱনৰ সংগী। তথাপি এইবোৰলৈ যেন কোনো ভ্ৰুক্ষেপ নাই উৰ্ফিৰ। নিজকে ইণ্টাৰনেট ফেশ্বন ষ্টাৰ বুলিয়েই ভাবে উৰ্ফিয়ে!

মানুহৰ হাজাৰ ব্যংগ-বিদ্ৰুপৰ লক্ষ্য হৈ পৰিলেও নিজৰ ফেশ্বন ষ্টেটমেণ্টক লৈ বেশ আত্মবিশ্বাসী এইগৰাকী অভিনেত্ৰী। সকলোধৰণৰ নিগেটিভিটীক একাশৰীয়া কৰি মনেবিচৰা ধৰণে জীৱনটো উদযাপন কৰি গৈছে ডেমকেয়াৰ উৰ্ফিয়ে। নিৰন্তৰ ব’ল্ড অৱতাৰ ধাৰণেৰে হওক বা আকৰ্ষণীয় ভিডিঅ’ শ্বুটিঙেৰেই হওক প্ৰায়ে লাইমলাইটত থাকে উৰ্ফি জাভেদে। কেতিয়াবা যদি উৰ্ফিৰ ডেনিম জেকেটৰ তলত উঁকি মাৰিছে অন্তৰ্বাসে, কেতিয়াবা আকৌ কিছুমান ফটা সূঁতাৰ সমষ্টিয়েই হৈ পৰিছে তেওঁৰ পোছাক, কেতিয়াবা আকৌ বুকুত এটুকুৰা কাপোৰৰ আৱৰণ দিয়েই লহৰি যায় বিমানবন্দৰলৈ! মুঠৰ ওপৰত উৰ্ফি মানেই যেন সকলোৰে বাবে এক কৌতুহল!

শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ এটি নতুন ভিডিঅ’ ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰীৰ পোছাক দেখি চকু কপালত উঠিছে অনুৰাগীৰ। এইবাৰ অভিনেত্ৰীগৰাকীয়ে ছেফটিপিনেৰে তৈয়াৰী পোছাক পিন্ধি ফটোশ্বুট কৰা দেখা গৈছে। উৰ্ফিৰ এনে অৱতাৰে এতিয়া আচৰিত কৰি তুলিছে সকলোকে। উৰ্ফিয়ে নিজৰ ইনষ্টাগ্ৰাম পষ্টত এটা ভিডিঅ’ পষ্ট কৰি কেপচনত লিখিছে, ‘পোছাকযোৰ ছেফটিপিনেৰে তৈয়াৰী। ৩দিন সময় লাগিছে পোছাকযোৰ তৈয়াৰ কৰোতে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু