--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্ক আৰু উৰ্ফি জাভেদ যেন এতিয়া গ্লেমাৰ জগতৰ সমাৰ্থক শব্দ। পোছাকৰ বাবে প্ৰায় প্ৰতিদিনে সংবাদ শিৰোনাম দখল কৰি আহিছে এইগৰাকী মডেল-অভিনেত্ৰীয়ে। ‘বিগ বছ অ’টিটি’ৰ যোগেদিয়েই চৰ্চালৈ আহিছিল উৰ্ফি জাভেদ। ‘বিগ বছ’ৰ মঞ্চত দীঘলীয়া সময়লৈকে তিষ্ঠি থাকিব নোৱাৰিলেও ৰীয়েল পৃথিৱীত উৰ্ফিৰ লাস্যময়ী ৰূপে ছ’চিয়েল মিডিয়াৰ চৰ্চাৰ কেন্দ্ৰবিন্দু কৰি ৰাখিছে। পোছাক পিন্ধাৰ নানা আজব কায়দাই সম্প্ৰতি উৰ্ফিৰ পৰিচয় হৈ পৰিছে। ট্ৰ’ল, সমালোচনা আৰু উপহাস যেন উৰ্ফিৰ দৈনন্দিন জীৱনৰ সংগী। তথাপি এইবোৰলৈ যেন কোনো ভ্ৰুক্ষেপ নাই উৰ্ফিৰ। নিজকে ইণ্টাৰনেট ফেশ্বন ষ্টাৰ বুলিয়েই ভাবে উৰ্ফিয়ে!

মানুহৰ হাজাৰ ব্যংগ-বিদ্ৰুপৰ লক্ষ্য হৈ পৰিলেও নিজৰ ফেশ্বন ষ্টেটমেণ্টক লৈ বেশ আত্মবিশ্বাসী এইগৰাকী অভিনেত্ৰী। সকলোধৰণৰ নিগেটিভিটীক একাশৰীয়া কৰি মনেবিচৰা ধৰণে জীৱনটো উদযাপন কৰি গৈছে ডেমকেয়াৰ উৰ্ফিয়ে। নিৰন্তৰ ব’ল্ড অৱতাৰ ধাৰণেৰে হওক বা আকৰ্ষণীয় ভিডিঅ’ শ্বুটিঙেৰেই হওক প্ৰায়ে লাইমলাইটত থাকে উৰ্ফি জাভেদে। কেতিয়াবা যদি উৰ্ফিৰ ডেনিম জেকেটৰ তলত উঁকি মাৰিছে অন্তৰ্বাসে, কেতিয়াবা আকৌ কিছুমান ফটা সূঁতাৰ সমষ্টিয়েই হৈ পৰিছে তেওঁৰ পোছাক, কেতিয়াবা আকৌ বুকুত এটুকুৰা কাপোৰৰ আৱৰণ দিয়েই লহৰি যায় বিমানবন্দৰলৈ! মুঠৰ ওপৰত উৰ্ফি মানেই যেন সকলোৰে বাবে এক কৌতুহল!

শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ এটি নতুন ভিডিঅ’ ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰীৰ পোছাক দেখি চকু কপালত উঠিছে অনুৰাগীৰ। এইবাৰ অভিনেত্ৰীগৰাকীয়ে ছেফটিপিনেৰে তৈয়াৰী পোছাক পিন্ধি ফটোশ্বুট কৰা দেখা গৈছে। উৰ্ফিৰ এনে অৱতাৰে এতিয়া আচৰিত কৰি তুলিছে সকলোকে। উৰ্ফিয়ে নিজৰ ইনষ্টাগ্ৰাম পষ্টত এটা ভিডিঅ’ পষ্ট কৰি কেপচনত লিখিছে, ‘পোছাকযোৰ ছেফটিপিনেৰে তৈয়াৰী। ৩দিন সময় লাগিছে পোছাকযোৰ তৈয়াৰ কৰোতে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ