--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ এটা টেলিফোন কোম্পানীৰ কৰ্মচাৰী হিচাপে কেইবছৰমান কাম কৰাৰ পিছত ২০০৩ চনত বলিউডত ভৰি দিছিল চেলিনা জেটলীয়ে। কেৰিয়াৰৰ আৰম্ভণিতে অভিনেত্ৰীগৰাকীয়ে প্ৰশংসা লাভ কৰিবলৈ আৰম্ভ কৰে। পাৰবীন ববি আৰু জিনাট অমনৰ দৰে অভিনেত্ৰীৰ সৈতেও চেলিনাৰ সৌন্দৰ্য্যক তুলনা কৰা হৈছিল। কিন্তু তেওঁৰ কামতকৈও বেছি তেওঁৰ নাম বহু বিতৰ্কৰ মাজত জড়িত হৈ আছে।

শুনা গৈছিল যে ২০১০ চনত চেলিনাই অষ্ট্ৰিয়াৰ এজন হোটেল মালিক পিটাৰ হাগৰ সৈতে কথা-বতৰা পাতিছিল। ডুবাইৰ এখন ফেশ্বন ষ্ট’ৰ মুকলি অনুষ্ঠানত দুয়োৰে সাক্ষাৎ হয়। পিছলৈ পিটাৰে চেলিনাৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল আৰু প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল। ২০১০ চনত দুয়োজনে গোপনে আঙঠি বিনিময় কৰিছিল। 

অৱশ্যে শেহতীয়াকৈ এটা পোষ্টত চেলিনাই সমগ্ৰ বিষয়টোক উৰাবাতৰি বুলি দাবী কৰে। অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ বিবাহ প্ৰেমৰ দ্বাৰা হোৱা নাছিল, দুয়োজনে পৰিয়ালৰ সূত্ৰৰ জৰিয়তে এই বিষয়ে কথা পাতিছিল। 

পোষ্টটোত চেলিনাই লিখিছে, “আমাৰ প্ৰথম কথা-বতৰা হৈছিল ডুবাইত। সেইদিনা খুড়া, খুৰী, ভাই-ভনী সকলো আমাৰ লগত আছিল। সেইদিনা সন্ধিয়া আমি প্ৰথমবাৰৰ বাবে কথা পাতিলোঁ, কিন্তু মোৰ এগৰাকী পেহীয়েকে গোটেই সময়খিনি আমাৰ লগত বহি থাকিল। বিয়াৰ আগতে মাত্ৰ কেইমাহমানহে ডেটিং কৰিছিলো। সেই সময়ত মোৰ জীৱনটো আছিল এখন গোটেই চিনেমাৰ দৰে, নাটকেৰে ভৰা। আমি একেলগে জীৱনত বহু উত্থান-পতন দেখিছো। ২০১০ চনত অষ্ট্ৰিয়াৰ এখন আদালতত আমাৰ বিয়া হৈছিল। ২০১২ চনত মই প্ৰথমবাৰৰ বাবে যমজ সন্তানৰ মাতৃ হৈছিলো। যদিও ভাৰতৰ প্ৰতিটো সংবাদ মাধ্যমৰ বাতৰিয়ে কৈছিল যে মই বিয়াৰ আগতেই গৰ্ভৱতী হৈছিলো। যদিও বিয়াৰ আগতে গৰ্ভধাৰণ কৰাটো ভুল বুলি মই নাভাবো। যদি ইজনে সিজনৰ প্ৰতি প্ৰেম থাকে, যদি সম্পৰ্কত ইজনে সিজনৰ প্ৰতি দায়িত্ব থাকে, তেন্তে বিয়াৰ আগতে মাতৃ হোৱাৰ কি ক্ষতি?''

কেইদিনমানৰ পিছত চেলিনাৰ প্ৰথম ছেটৰ যমজ সন্তানটোৱে ১২ বছৰ সম্পূৰ্ণ কৰিব। ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া পেজত সমগ্ৰ বিষয়টো প্ৰকাশ কৰিব বিচাৰিছিল। ২০২০ চনত শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা গৈছিল অভিনেত্ৰীগৰাকীক। বৰ্তমান তেওঁ ছচিয়েল মিডিয়াত ব্যস্ত। তেওঁ এতিয়া ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ কন্টেন্ট তৈয়াৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ