--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ তথা বিদেশৰ প্ৰখ্যাত সংগীতজ্ঞ এ.আৰ. ৰহমানে তেওঁৰ ব্যক্তিগত জীৱনৰ কথা খুব কমেইহে আনৰ আগত প্ৰকাশ কৰে।তেওঁৰ পিতৃ  এজন প্ৰখ্যাত তামিল সংগীত পৰিচালক আছিল। সেয়ে এ আৰ ৰহমানে  ৪ বছৰ বয়সতে তেওঁৰ দেউতাকৰ ষ্টুডিঅ'ত কী বৰ্ড বজাবলৈ আৰম্ভ কৰিছিল। শেহতীয়াকৈ ৰহমানৰ বৈবাহিক জীৱনৰ বিষয়ে বহু কথাই পোহৰলৈ আহিছে। 

 এ আৰ ৰহমানে কেৰিয়াৰৰ আৰম্ভণিতে চাইৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ তিনিটা সন্তান ৰহিমা, খাতিজা আৰু এ আৰ আমিন। শিল্পীগৰাকীয়ে  শেহতীয়াকৈ তেওঁৰ ব্যক্তিগত জীৱন আৰু বিবাহৰ বিষয়ে মুকলি কৈ কৈছে। 

ৰহমানে কৈছে  যে বিবাহে তেওঁক তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে সফলতা অৰ্জন কৰাত সহায় কৰিছিল। ৰহমানে এফালে তেওঁৰ কেৰিয়াৰ আৰু আনফালে তেওঁৰ পৰিয়াল দুয়োটা বজাই ৰাখিবলৈ শিকিছিল। জীৱনৰ দুয়োটা দিশৰ প্ৰতি তেওঁৰ সমান প্ৰেম আছিল। ৰহমানৰ মতে বিবাহে মানুহক সলনি কৰে আৰু তেওঁলোকক প্ৰেম কৰিবলৈ শিকায়। 

এক সাক্ষাৎকাৰত এ.আৰ. ৰহমানে কয়, "বিবাহ আৰু বৈবাহিক সম্পৰ্কই  মানুহক ভিতৰৰ পৰা সলনি কৰে। মই ভাবো ইয়াৰ কিছুমান ভাল দিশ আছে, লগতে ভয়ানক দিশো  আছে। বিবাহৰ অৰ্থ হৈছে আপুনি এনে এগৰাকী  মানুহৰ সৈতে থাকিব লাগিব যাক  আপুনি আগতে নাজানে। কিন্তু মোৰ বাবে, বিবাহ শাৰীৰিক সম্পৰ্কতকৈ আত্মাৰ সম্পৰ্ক আছিল। যাৰ বাবে মই মোৰ জীৱনত অহা বহু ধুমুহাৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছো। '

ৰহমানে  দেউতাকৰ পৰা বেছি শিকিবলৈ সময় পোৱা নাছিল। ৯ বছৰ বয়সত দেউতাকক হেৰুওৱাৰ পিছত  তেওঁৰ জীৱন সলনি হৈছিল। পৰিয়ালত আৰ্থিক সকাহ দিয়া দিবলৈ দেউতাকৰ বাদ্যযন্ত্ৰ ভাড়াত দিয়া হৈছিল। পিছলৈ ৰহমানে  পৰিয়ালটোক সহায় কৰিবলৈ নিজে কাম কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু ইয়াৰ ফলত তেওঁৰ পঢ়াশুনাত চূড়ান্ত প্ৰভাৱ পৰিছিল।

পৰীক্ষাত তেওঁ প্ৰায়ে বিফল হৈছিল। স্কুলৰ পৰা তেওঁৰ মাকক ফোন কৰা হৈছিল আৰু কোৱা হৈছিল যে ৰহমানে  পঢ়াশুনাত মনোনিৱেশ কৰিব লাগিব। এক সাক্ষাৎকাৰত, তেওঁ কয় যে তেওঁৰ মাকক তেওঁক বিদ্যালয়লৈ নপঠিয়াই  ৰাস্তাত ভিক্ষা কৰিবলৈ কোৱা হৈছিল। তাৰ পিছতে তেওঁ বিদ্যালয়খন সলনি কৰিছিল। সংগীতে তেওঁক কেতিয়াও এৰি যোৱা নাছিল। তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে এটা বেণ্ড গঠন কৰিছিল। মাকক জনাই তেওঁ স্কুললৈ যোৱা বন্ধ কৰিছিল আৰু  সংগীতৰ পৃথিৱীত ডুব গৈছিল। তেওঁৰ কেৰিয়াৰ প্ৰথমে কীবৰ্ড বজোৱাৰ দ্বাৰা  আৰম্ভ হৈছিল। 

তেওঁ বিভিন্ন বেণ্ডৰ সৈতে পিয়ানো বজাইছিল। লাহে লাহে তেওঁ একাধিক বাদ্যযন্ত্ৰত দক্ষ হৈ পৰিছিল। তেতিয়াৰে পৰা এ আৰ ৰহমানে আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। নিজৰ অনন্য সৃষ্টিৰে তেওঁ শ্ৰোতা-দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। তেওঁ লাভ কৰিছে একাধিক পুৰস্কাৰ আছে। এ আৰ ৰহমানৰ এই সকলো  সফলতাৰ এটা কাৰণ হ'ল তেওঁৰ বিয়া বুলিও তেওঁ অকপটে স্বীকাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক