--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশ তথা বিদেশৰ প্ৰখ্যাত সংগীতজ্ঞ এ.আৰ. ৰহমানে তেওঁৰ ব্যক্তিগত জীৱনৰ কথা খুব কমেইহে আনৰ আগত প্ৰকাশ কৰে।তেওঁৰ পিতৃ  এজন প্ৰখ্যাত তামিল সংগীত পৰিচালক আছিল। সেয়ে এ আৰ ৰহমানে  ৪ বছৰ বয়সতে তেওঁৰ দেউতাকৰ ষ্টুডিঅ'ত কী বৰ্ড বজাবলৈ আৰম্ভ কৰিছিল। শেহতীয়াকৈ ৰহমানৰ বৈবাহিক জীৱনৰ বিষয়ে বহু কথাই পোহৰলৈ আহিছে। 

 এ আৰ ৰহমানে কেৰিয়াৰৰ আৰম্ভণিতে চাইৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ তিনিটা সন্তান ৰহিমা, খাতিজা আৰু এ আৰ আমিন। শিল্পীগৰাকীয়ে  শেহতীয়াকৈ তেওঁৰ ব্যক্তিগত জীৱন আৰু বিবাহৰ বিষয়ে মুকলি কৈ কৈছে। 

ৰহমানে কৈছে  যে বিবাহে তেওঁক তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে সফলতা অৰ্জন কৰাত সহায় কৰিছিল। ৰহমানে এফালে তেওঁৰ কেৰিয়াৰ আৰু আনফালে তেওঁৰ পৰিয়াল দুয়োটা বজাই ৰাখিবলৈ শিকিছিল। জীৱনৰ দুয়োটা দিশৰ প্ৰতি তেওঁৰ সমান প্ৰেম আছিল। ৰহমানৰ মতে বিবাহে মানুহক সলনি কৰে আৰু তেওঁলোকক প্ৰেম কৰিবলৈ শিকায়। 

এক সাক্ষাৎকাৰত এ.আৰ. ৰহমানে কয়, "বিবাহ আৰু বৈবাহিক সম্পৰ্কই  মানুহক ভিতৰৰ পৰা সলনি কৰে। মই ভাবো ইয়াৰ কিছুমান ভাল দিশ আছে, লগতে ভয়ানক দিশো  আছে। বিবাহৰ অৰ্থ হৈছে আপুনি এনে এগৰাকী  মানুহৰ সৈতে থাকিব লাগিব যাক  আপুনি আগতে নাজানে। কিন্তু মোৰ বাবে, বিবাহ শাৰীৰিক সম্পৰ্কতকৈ আত্মাৰ সম্পৰ্ক আছিল। যাৰ বাবে মই মোৰ জীৱনত অহা বহু ধুমুহাৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছো। '

ৰহমানে  দেউতাকৰ পৰা বেছি শিকিবলৈ সময় পোৱা নাছিল। ৯ বছৰ বয়সত দেউতাকক হেৰুওৱাৰ পিছত  তেওঁৰ জীৱন সলনি হৈছিল। পৰিয়ালত আৰ্থিক সকাহ দিয়া দিবলৈ দেউতাকৰ বাদ্যযন্ত্ৰ ভাড়াত দিয়া হৈছিল। পিছলৈ ৰহমানে  পৰিয়ালটোক সহায় কৰিবলৈ নিজে কাম কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু ইয়াৰ ফলত তেওঁৰ পঢ়াশুনাত চূড়ান্ত প্ৰভাৱ পৰিছিল।

পৰীক্ষাত তেওঁ প্ৰায়ে বিফল হৈছিল। স্কুলৰ পৰা তেওঁৰ মাকক ফোন কৰা হৈছিল আৰু কোৱা হৈছিল যে ৰহমানে  পঢ়াশুনাত মনোনিৱেশ কৰিব লাগিব। এক সাক্ষাৎকাৰত, তেওঁ কয় যে তেওঁৰ মাকক তেওঁক বিদ্যালয়লৈ নপঠিয়াই  ৰাস্তাত ভিক্ষা কৰিবলৈ কোৱা হৈছিল। তাৰ পিছতে তেওঁ বিদ্যালয়খন সলনি কৰিছিল। সংগীতে তেওঁক কেতিয়াও এৰি যোৱা নাছিল। তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে এটা বেণ্ড গঠন কৰিছিল। মাকক জনাই তেওঁ স্কুললৈ যোৱা বন্ধ কৰিছিল আৰু  সংগীতৰ পৃথিৱীত ডুব গৈছিল। তেওঁৰ কেৰিয়াৰ প্ৰথমে কীবৰ্ড বজোৱাৰ দ্বাৰা  আৰম্ভ হৈছিল। 

তেওঁ বিভিন্ন বেণ্ডৰ সৈতে পিয়ানো বজাইছিল। লাহে লাহে তেওঁ একাধিক বাদ্যযন্ত্ৰত দক্ষ হৈ পৰিছিল। তেতিয়াৰে পৰা এ আৰ ৰহমানে আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। নিজৰ অনন্য সৃষ্টিৰে তেওঁ শ্ৰোতা-দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। তেওঁ লাভ কৰিছে একাধিক পুৰস্কাৰ আছে। এ আৰ ৰহমানৰ এই সকলো  সফলতাৰ এটা কাৰণ হ'ল তেওঁৰ বিয়া বুলিও তেওঁ অকপটে স্বীকাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু