--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২০ জুনত দক্ষিণ চলচ্চিত্ৰ জগতৰ তাৰকা ৰাম চৰণ আৰু উপাসনা গৃহত এগৰাকী কন্যাৰ জন্ম হয়। উপাসনাই জন্ম দিলে এটি কন্যা সন্তান। কন্যা সন্তানৰ জন্মৰ তথ্য ৰাম চৰণে সামাজিক মাধ্যমৰ দ্বাৰা প্ৰকাশ কৰে। আজি ৰাম চৰণৰ কন্যাৰ নামকৰণ অনুষ্ঠান। যাৰ কিছু আভাস উপাসনাই অনুৰাগীক ছ’চিয়েল মিডিয়াত দেখুৱাইছিল। এতিয়া ৰাম চৰণ আৰু উপাসনাই ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি কন্যাৰ নাম প্ৰকাশ কৰিছে। ইয়াৰ লগতে তেওঁ নামকৰণ অনুষ্ঠানৰ ছবিও শ্বেয়াৰ কৰিছে। য’ত কন্যাগৰাকীৰ পিতৃৰ ফালৰ ককাক-আইতাক আৰু মাতৃৰ ফালৰ পৰা ককাক-আইতাকক শিশুটিৰ সৈতে দেখা যায়।


ৰাম চৰণে নিজৰ কন্যাক অতি মৰমলগা নাম দিছে। তেওঁলোকে কন্যাৰ নাম ৰাখিছে "কালিন কাৰা কনিডেলা।" পোষ্টটো শ্বেয়াৰ কৰাৰ সময়ত উপাসনাই লিখিছে – "ললিতা সহস্ৰানামৰ পৰা লোৱা এই নামটোৰ অৰ্থ হৈছে আধ্যাত্মিক জাগৰণ কঢ়িয়াই অনা শক্তিৰ প্ৰতীক।"


সামাজিক মাধ্যমত বিলাই দিয়া ফটোখনত থকা সকলো মানুহক পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছে। সকলোৰে মুখত স্পষ্টকৈ দেখা যায় যদিও ৰাম চৰণে এতিয়াও অনুৰাগীক নিজৰ কন্যাৰ মুখ দেখুৱাব পৰা নাই। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে কালিনৰ প্ৰথম দৰ্শন চাবলৈ। অনুৰাগীয়ে তেওঁৰ এই পোষ্টটোত মন্তব্য কৰি অভিনন্দন অভিনন্দন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক