--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২০ জুনত দক্ষিণ চলচ্চিত্ৰ জগতৰ তাৰকা ৰাম চৰণ আৰু উপাসনা গৃহত এগৰাকী কন্যাৰ জন্ম হয়। উপাসনাই জন্ম দিলে এটি কন্যা সন্তান। কন্যা সন্তানৰ জন্মৰ তথ্য ৰাম চৰণে সামাজিক মাধ্যমৰ দ্বাৰা প্ৰকাশ কৰে। আজি ৰাম চৰণৰ কন্যাৰ নামকৰণ অনুষ্ঠান। যাৰ কিছু আভাস উপাসনাই অনুৰাগীক ছ’চিয়েল মিডিয়াত দেখুৱাইছিল। এতিয়া ৰাম চৰণ আৰু উপাসনাই ছচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি কন্যাৰ নাম প্ৰকাশ কৰিছে। ইয়াৰ লগতে তেওঁ নামকৰণ অনুষ্ঠানৰ ছবিও শ্বেয়াৰ কৰিছে। য’ত কন্যাগৰাকীৰ পিতৃৰ ফালৰ ককাক-আইতাক আৰু মাতৃৰ ফালৰ পৰা ককাক-আইতাকক শিশুটিৰ সৈতে দেখা যায়।


ৰাম চৰণে নিজৰ কন্যাক অতি মৰমলগা নাম দিছে। তেওঁলোকে কন্যাৰ নাম ৰাখিছে "কালিন কাৰা কনিডেলা।" পোষ্টটো শ্বেয়াৰ কৰাৰ সময়ত উপাসনাই লিখিছে – "ললিতা সহস্ৰানামৰ পৰা লোৱা এই নামটোৰ অৰ্থ হৈছে আধ্যাত্মিক জাগৰণ কঢ়িয়াই অনা শক্তিৰ প্ৰতীক।"


সামাজিক মাধ্যমত বিলাই দিয়া ফটোখনত থকা সকলো মানুহক পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছে। সকলোৰে মুখত স্পষ্টকৈ দেখা যায় যদিও ৰাম চৰণে এতিয়াও অনুৰাগীক নিজৰ কন্যাৰ মুখ দেখুৱাব পৰা নাই। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে কালিনৰ প্ৰথম দৰ্শন চাবলৈ। অনুৰাগীয়ে তেওঁৰ এই পোষ্টটোত মন্তব্য কৰি অভিনন্দন অভিনন্দন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু