--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ৭ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জয়ছালমেৰৰ সূৰ্যগড় প্ৰাসাদত বিবাহপাশত আবদ্ধ হয় সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে। দুয়োপক্ষৰ পৰিয়ালৰ বাহিৰেও বিবাহ উপলক্ষে বলিউডৰ তাৰকাসকল উপস্থিত আছিল।

বিবাহ অনুষ্ঠানত উপহাৰৰ অভাৱ নাছিল। অতিথিসকলে উপহাৰেৰে নৱবিবাহিত দম্পতীসকলৰ ওপৰত মৰম আৰু আশীৰ্বাদৰ বৰষুণ দিলে। কিন্তু ইয়াৰ ভিতৰত আটাইতকৈ বেছি চৰ্চা কৰা হৈছে কৰ্ণ জোহৰ আৰু ঈশা আম্বানীক লৈ।

কৰণৰ 'শ্বেৰশ্বাহ’ত সিদ্ধাৰ্থ আৰু কিয়াৰাই যুটি হিচাপে অভিনয় কৰিছিল। ডাঙৰ পৰ্দাত এই তাৰকা যুটিটোৰ কেমিষ্ট্ৰী দৰ্শকে ভাল পাইছিল। এই ছবিখনো হিট হৈছিল। সেই কথা মনত ৰাখি কৰণে নৱবিবাহিনীক নিজৰ এটা বিশেষ উপহাৰ দিলে।

কৰণে সিদ্ধাৰ্থ আৰু কিয়াৰাক তেওঁৰ পৰৱৰ্তী তিনিখন ছবিত মুখ্য চৰিত্ৰৰ প্ৰস্তাৱ দিছে। অৰ্থাৎ তাৰকা যুটিটোৱে কৰণৰ পৰৱৰ্তী তিনিখন ছবিত একেলগে অভিনয় কৰা দেখা যাব। সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিয়াত কৰণে এই উপহাৰ দিয়ে। অৱশ্যে কৰণ বা তেওঁৰ প্ৰডাকচন কোম্পানীয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

তিনিওখন ছবি ৰোমান্টিক কমেডী হ’ব বুলি গুজৱৰ সৃষ্টি হৈছে। কৰণৰ ‘হাম্পটি শৰ্মা কি দুলহনীয়া’, ‘বদ্ৰীনাথ কি দুলহনীয়া’ আদি ছবিত অভিনয় কৰা বৰুণ ধাৱন আৰু আলিয়া ভাটৰ দৰে চিদ-কিয়াৰাকো এনে তিনিখন ছবিত দেখা যাব।

বলীউডৰ এটা অংশই দাবী কৰিছে যে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ প্ৰথমখন ৰোমান্টিক কমেডী ছবিৰ নাম হ’ব পাৰে ‘আদাল বাদল’। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই।

কৰণৰ ছবিত অভিনয় কৰি সিদ্ধাৰ্থই বলিউডত খোজ দিছিল। ইয়াৰ উপৰিও কিয়াৰাইও কৰণৰ সৈতে ‘লাষ্ট ষ্ট’ৰীজ’ নামৰ ৱেব ছিৰিজৰ এটা খণ্ডত কাম কৰিছিল।

কৰণৰ ৰিয়েলিটি শ্ব’তো দুয়োগৰাকী তাৰকাই পৃথকে পৃথকে অতিথি হিচাপে ভাগ লৈছিল। কৰণৰ শ্ব’লৈ আহি সিদ্ধাৰ্থই তেওঁৰ আৰু কিয়াৰাৰ বিবাহৰ আভাস দিছিল।

আনহাতে আম্বানী পৰিয়ালে সিদ-কিয়াৰাত দিয়া উপহাৰক লৈও চৰ্চা চলিছে। কিয়াৰাৰ ঘনিষ্ঠ বান্ধৱী ঈশা আম্বানী। বিবাহ উপলক্ষে ঈশাই নিজৰ কোম্পানীৰ স’তে যোগ কৰিছে কিয়াৰাক। আম্বানী পৰিয়ালে সিদ্ধাৰ্থ আৰু কিয়াৰাক ৰিলায়েন্স ট্ৰেণ্ড ফুটৱেয়াৰ কোম্পানীৰ বিজ্ঞাপন অভিযানৰ মূল মুখ হিচাপে লোৱাৰ সিদ্ধান্ত লয়।

ৰিলায়েন্স ৰিটেইল ফেশ্বন এণ্ড লাইফষ্টাইলৰ চিইঅ’ অখিলেশ প্ৰসাদে কয়- ''সিদ্ধাৰ্থ আৰু কিয়াৰা দুয়োজনেই বলীউডৰ বিখ্যাত তাৰকা। তেওঁলোকৰ জনপ্ৰিয়তাও বৰ বেছি। সিদ্ধাৰ্থ আৰু কিয়াৰাক বিজ্ঞাপনৰ মুখ হিচাপে লৈ তেওঁলোকৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সৈতে আমাৰ সম্পৰ্ক সুদৃঢ় হ’ব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ