--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম্ভৱ ধুনিয়া এইগৰাকী অভিনেত্ৰী। কাম কৰিছে কেইবাখনো ৱেব চিৰিজত। নাম- কাব্যা থাপাৰ। অভিনেত্ৰীগৰাকীক দেখাৰ লগে লগে অনুৰাগীসকলে কৈ উঠিছে যে বলিউডৰ নায়িকাসকলক তক্কৰ দিয়াৰ ক্ষমতা আছে এওঁৰ! জানো আহক অভিনেত্ৰীগৰাকীৰ বিষয়ে!

ৱেব ছিৰিজ ‘ফাৰ্জী’ বৃহস্পতিবাৰে মুক্তি পায়। এই ধাৰাবাহিকখনত কাব্য থাপাৰে শ্বাহিদ কাপুৰৰ স’তে অভিনয় কৰিছে। শ্বাহিদৰ প্ৰেমিকা অনন্যাৰ চৰিত্ৰত অৱতীৰ্ণ হৈছে কাব্যা।

ইয়াৰ পূৰ্বে কাব্যাই বহু ছবিত কাম কৰিছিল যদিও ‘ফাৰ্জী’ত অভিনয় কৰি জনপ্ৰিয় হৈছে। ২৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কেৱল হিন্দী ছবিতে নহয়, তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে।

১৯৯৫ চনৰ ২০ আগষ্টত মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিল কাব্যাই। তেওঁ মুম্বাইৰ বম্বে স্কটিছ স্কুলৰ পৰা অধ্যয়ন কৰিছিল। উচ্চ শিক্ষাৰ বাবে মুম্বাইৰ ঠাকুৰ বিজ্ঞান মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ত নামভৰ্তি লাভ কৰে। তাৰ পৰাই তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলে।

কলেজীয়া শিক্ষা সমাপ্ত কৰি কাব্যাই অভিনয় আৰম্ভ কৰিছিল। ‘তটকল’ নামৰ এখন চুটি হিন্দী চিনেমাৰে আত্মপ্ৰকাশ কৰিছিল ইয়াৰ পিছত কাব্যাক তেলেগু ছবিত অভিনয় কৰা দেখা গৈছিল। ২০১৮ চনত তেওঁ ‘ই মায়া পেৰেমিটো’ নামৰ এখন তেলেগু ছবিত অভিনয় কৰাৰ সুযোগ পাইছিল।

তেলেগু ভাষাৰ ছবিখন মুক্তি পোৱাৰ ১ বছৰৰ পাছত কাব্যাই ‘মাৰ্কেট ৰাজা এম বি বি এছ’ নামৰ এখন তামিল ছবিত অভিনয় কৰে।

শুনা যায় যে কাব্যই আৰু এখন তামিল ছবিত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে। অৱশ্যে সেই ছবিখনৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। বিজয় এণ্টনীৰ বিপৰীতে তেওঁ অভিনয় কৰা দেখা যাব বুলি জানিব পৰা গৈছে।

২০২২ চনৰ অক্টোবৰৰ আৰম্ভণিতে কাব্যাই তেওঁৰ পৰৱৰ্তী ছবিৰ কথা ঘোষণা কৰিছিল। তেওঁ কয় যে ৰবি তেজাৰ সৈতে তেলেগু ছবিত অভিনয় কৰিব।

নৃত্য, গান আৰু কবিতা লিখাৰ প্ৰতি আগ্ৰহী কাব্য। এইবোৰ তেওঁ আজৰি সময়ত কৰে। ইয়াৰ বাহিৰেও তেওঁ ছৱি আঁকিও ভাল পায়। বিভিন্ন দেশৰ ভাষা শিকিবলৈও তেওঁ আগ্ৰহী। ইতিমধ্যে কাব্যাৰ অনুৰাগীৰ সংখ্যা বিপুল। এই পৰ্যন্ত তেওঁৰ ইনষ্টাগ্ৰামত প্ৰায় ১১ লাখ অনুৰাগী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ