--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম্ভৱ ধুনিয়া এইগৰাকী অভিনেত্ৰী। কাম কৰিছে কেইবাখনো ৱেব চিৰিজত। নাম- কাব্যা থাপাৰ। অভিনেত্ৰীগৰাকীক দেখাৰ লগে লগে অনুৰাগীসকলে কৈ উঠিছে যে বলিউডৰ নায়িকাসকলক তক্কৰ দিয়াৰ ক্ষমতা আছে এওঁৰ! জানো আহক অভিনেত্ৰীগৰাকীৰ বিষয়ে!

ৱেব ছিৰিজ ‘ফাৰ্জী’ বৃহস্পতিবাৰে মুক্তি পায়। এই ধাৰাবাহিকখনত কাব্য থাপাৰে শ্বাহিদ কাপুৰৰ স’তে অভিনয় কৰিছে। শ্বাহিদৰ প্ৰেমিকা অনন্যাৰ চৰিত্ৰত অৱতীৰ্ণ হৈছে কাব্যা।

ইয়াৰ পূৰ্বে কাব্যাই বহু ছবিত কাম কৰিছিল যদিও ‘ফাৰ্জী’ত অভিনয় কৰি জনপ্ৰিয় হৈছে। ২৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কেৱল হিন্দী ছবিতে নহয়, তামিল আৰু তেলেগু ছবিতো অভিনয় কৰিছে।

১৯৯৫ চনৰ ২০ আগষ্টত মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিল কাব্যাই। তেওঁ মুম্বাইৰ বম্বে স্কটিছ স্কুলৰ পৰা অধ্যয়ন কৰিছিল। উচ্চ শিক্ষাৰ বাবে মুম্বাইৰ ঠাকুৰ বিজ্ঞান মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ত নামভৰ্তি লাভ কৰে। তাৰ পৰাই তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলে।

কলেজীয়া শিক্ষা সমাপ্ত কৰি কাব্যাই অভিনয় আৰম্ভ কৰিছিল। ‘তটকল’ নামৰ এখন চুটি হিন্দী চিনেমাৰে আত্মপ্ৰকাশ কৰিছিল ইয়াৰ পিছত কাব্যাক তেলেগু ছবিত অভিনয় কৰা দেখা গৈছিল। ২০১৮ চনত তেওঁ ‘ই মায়া পেৰেমিটো’ নামৰ এখন তেলেগু ছবিত অভিনয় কৰাৰ সুযোগ পাইছিল।

তেলেগু ভাষাৰ ছবিখন মুক্তি পোৱাৰ ১ বছৰৰ পাছত কাব্যাই ‘মাৰ্কেট ৰাজা এম বি বি এছ’ নামৰ এখন তামিল ছবিত অভিনয় কৰে।

শুনা যায় যে কাব্যই আৰু এখন তামিল ছবিত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে। অৱশ্যে সেই ছবিখনৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। বিজয় এণ্টনীৰ বিপৰীতে তেওঁ অভিনয় কৰা দেখা যাব বুলি জানিব পৰা গৈছে।

২০২২ চনৰ অক্টোবৰৰ আৰম্ভণিতে কাব্যাই তেওঁৰ পৰৱৰ্তী ছবিৰ কথা ঘোষণা কৰিছিল। তেওঁ কয় যে ৰবি তেজাৰ সৈতে তেলেগু ছবিত অভিনয় কৰিব।

নৃত্য, গান আৰু কবিতা লিখাৰ প্ৰতি আগ্ৰহী কাব্য। এইবোৰ তেওঁ আজৰি সময়ত কৰে। ইয়াৰ বাহিৰেও তেওঁ ছৱি আঁকিও ভাল পায়। বিভিন্ন দেশৰ ভাষা শিকিবলৈও তেওঁ আগ্ৰহী। ইতিমধ্যে কাব্যাৰ অনুৰাগীৰ সংখ্যা বিপুল। এই পৰ্যন্ত তেওঁৰ ইনষ্টাগ্ৰামত প্ৰায় ১১ লাখ অনুৰাগী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু