--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিয়াত ভয়ংকৰ অঘটন। বিয়াখন চলি থকাৰ মাজতেই হঠাতে চলিল মৌ-মাখিৰ আক্ৰমণ। পৰিয়াল আৰু বিয়াৰ অতিথিৰ ওপৰত মৌ-মাখিয়ে আক্ৰমণ কৰে।

মধ্যপ্ৰদেশৰ গুনাত সংঘটিত হৈছে এই ঘটনা। এই আকস্মিক ঘটনাৰ ফলত হুলস্থুলৰ সৃষ্টি হয়। কইনাৰ পিতৃ আৰু ভাতৃকে ধৰি বহু আত্মীয়ক মৌমাখিয়ে আক্ৰমণ কৰে। ৬ টা শিশু আৰু ১০ গৰাকী মহিলাকে ধৰি ২৫ জন লোক আহত হৈছে। যেতিয়া ৩ জন লোকৰ অৱস্থা সংকটজনক হৈ পৰে তেতিয়া তেওঁলোকক ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰিব লগা হয়।

প্ৰমোদ আগৰৱালাৰ পৰিয়ালটো মহানগৰীৰ কস্তুৰী গাৰ্ডেনত কন্যাৰ বিয়াৰ প্ৰস্তুতিত ব্যস্ত আছিল। প্ৰমোদ আগৰৱালাই কয় যে তেওঁ শনিবাৰে কস্তুৰী গাৰ্ডেনলৈ আহিছিল। আলহী, আত্মীয়-স্বজনকে ধৰি সকলোৱে আগদিনাৰ পৰাই ইয়াতে থাকিছিল। থকাৰ ব্যৱস্থা, খোৱা-বোৱাকে ধৰি সকলো ব্যৱস্থা এই স্থানতে কৰা হৈছিল। কিন্তু বিয়াত মৌমাখিবোৰে আক্ৰমণ কৰি সকলোকে ভয়ংকৰ বিপদত পেলালে। এই ঘটনা সন্দৰ্ভত কস্তুৰী গাৰ্ডেনৰ সঞ্চালকে ক্ষমা বিচাৰিছে।

মৌমাখিৰ আক্ৰমণৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াত মানুহৰ দৌৰা-দৌৰি দেখা যায়। একাংশ লোকে মাটিত পৰি নিজৰ জীৱন ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছে। এই ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে কস্তুৰী গাৰ্ডেনৰ সঞ্চালকজনৰ গাফিলতি। তেওঁ মৌমাখিৰ মৌচাক আঁতৰোৱা নাছিল। ইয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

চিকিৎসা বিশেষজ্ঞ ডাঃ গৌৰৱ তিৱাৰীয়ে কয় যে যদি কোনো মৌমাখিয়ে কামোৰে তেন্তে তৎকালীন চিকিৎসা লোৱাটো প্ৰয়োজনীয়। ইয়াৰ শুঙত ফৰ্মিক এচিড থাকে। ই অতি বেদনাদায়ক আৰু জ্বলন্ত। গতিকে তৎকালীন চিকিৎসাৰ প্ৰয়োজন। বহু সময়ত অসাৱধানতাৰ বাবে মানুহৰ জীৱন বিপদত পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু