--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিয়াত ভয়ংকৰ অঘটন। বিয়াখন চলি থকাৰ মাজতেই হঠাতে চলিল মৌ-মাখিৰ আক্ৰমণ। পৰিয়াল আৰু বিয়াৰ অতিথিৰ ওপৰত মৌ-মাখিয়ে আক্ৰমণ কৰে।

মধ্যপ্ৰদেশৰ গুনাত সংঘটিত হৈছে এই ঘটনা। এই আকস্মিক ঘটনাৰ ফলত হুলস্থুলৰ সৃষ্টি হয়। কইনাৰ পিতৃ আৰু ভাতৃকে ধৰি বহু আত্মীয়ক মৌমাখিয়ে আক্ৰমণ কৰে। ৬ টা শিশু আৰু ১০ গৰাকী মহিলাকে ধৰি ২৫ জন লোক আহত হৈছে। যেতিয়া ৩ জন লোকৰ অৱস্থা সংকটজনক হৈ পৰে তেতিয়া তেওঁলোকক ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰিব লগা হয়।

প্ৰমোদ আগৰৱালাৰ পৰিয়ালটো মহানগৰীৰ কস্তুৰী গাৰ্ডেনত কন্যাৰ বিয়াৰ প্ৰস্তুতিত ব্যস্ত আছিল। প্ৰমোদ আগৰৱালাই কয় যে তেওঁ শনিবাৰে কস্তুৰী গাৰ্ডেনলৈ আহিছিল। আলহী, আত্মীয়-স্বজনকে ধৰি সকলোৱে আগদিনাৰ পৰাই ইয়াতে থাকিছিল। থকাৰ ব্যৱস্থা, খোৱা-বোৱাকে ধৰি সকলো ব্যৱস্থা এই স্থানতে কৰা হৈছিল। কিন্তু বিয়াত মৌমাখিবোৰে আক্ৰমণ কৰি সকলোকে ভয়ংকৰ বিপদত পেলালে। এই ঘটনা সন্দৰ্ভত কস্তুৰী গাৰ্ডেনৰ সঞ্চালকে ক্ষমা বিচাৰিছে।

মৌমাখিৰ আক্ৰমণৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াত মানুহৰ দৌৰা-দৌৰি দেখা যায়। একাংশ লোকে মাটিত পৰি নিজৰ জীৱন ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছে। এই ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে কস্তুৰী গাৰ্ডেনৰ সঞ্চালকজনৰ গাফিলতি। তেওঁ মৌমাখিৰ মৌচাক আঁতৰোৱা নাছিল। ইয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।

চিকিৎসা বিশেষজ্ঞ ডাঃ গৌৰৱ তিৱাৰীয়ে কয় যে যদি কোনো মৌমাখিয়ে কামোৰে তেন্তে তৎকালীন চিকিৎসা লোৱাটো প্ৰয়োজনীয়। ইয়াৰ শুঙত ফৰ্মিক এচিড থাকে। ই অতি বেদনাদায়ক আৰু জ্বলন্ত। গতিকে তৎকালীন চিকিৎসাৰ প্ৰয়োজন। বহু সময়ত অসাৱধানতাৰ বাবে মানুহৰ জীৱন বিপদত পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী