--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ সময়তে দুজন  কৃষকে মৃত্যুক সাৱটি লৈছে৷   দেওবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ সত্তৰ বছৰীয়া মনজিৎ সিঙৰ মৃত্যু হৈছিল । ১৬ ফেব্ৰুৱাৰীত প্ৰতিবাদৰ সময়ত ৭৮ বছৰীয়া জিয়ান সিঙৰ মৃত্যু ঘটিছিল৷ মনজিৎ সিং পাটিয়ালা জিলাৰ কোন্থালা গাঁৱৰ বাসিন্দা আছিল। 

তেওঁ দেওবাৰে কানাউৰী সীমান্তৰ ওচৰত কৃষকৰ  প্ৰতিবাদত যোগদান কৰিছিল। জানিব পৰা মতে  হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ পিছতে  ফলত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল। তেওঁক অচেতন অৱস্থাত এখন স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকসকলে তেওঁক ৰজিন্দ্ৰ চিকিৎসালয়লৈ স্থানান্তৰিত  কৰিবলৈ পৰামৰ্শ দিছিল। অৱশ্যে, মনজিৎ সিঙক তালৈ লৈ যোৱাৰ পিছত মৃত ঘোষণা কৰা হয়৷ 

ইয়াৰ পূৰ্বে গুৰদাসপুৰ জিলাৰ বাসিন্দা জিয়ান সিঙৰো হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। তেওঁ কেন্দ্ৰৰ বিৰুদ্ধে চলি থকা কৃষক বিদ্ৰোহৰ প্ৰথমগৰাকী মৃত কৃষক৷  পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ শম্ভু সীমান্তত  প্ৰতিবাদ কৰি থকা অৱস্থাতে তেওঁৰ মৃত্যু ঘটিছিল৷ 

ইফালে, দীঘলীয়া বিদ্ৰোহৰ পিছত অৱশেষত বৰফ গলাৰ  লক্ষণ দেখা গৈছে৷  কেন্দ্ৰই অহা পাঁচ বছৰৰ বাবে শস্যৰ নূন্যতম  সমৰ্থন মূল্যত কৃষকসকলৰ পৰা শস্য ক্ৰয় কৰিব বুলি কথা দিছে৷  কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেল, কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে এখন বৈঠকত এই কথা প্ৰকাশ কৰে। 

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো বৈঠকত  উপস্থিত আছিল। দেওবাৰে মাজনিশালৈকে দুয়োপক্ষৰ মাজত আলোচনা অব্যাহত আছিল। ইয়াৰ পিছত গোৱেলে কয় যে কেন্দ্ৰই কৃষকসকলৰ বাবে এক বিশেষ প্ৰস্তাৱ দিছে। অৱশ্যে কৃষক নেতাসকলে প্ৰস্তাৱটো গ্ৰহণ কৰিব নে নাই সেই বিষয়ে আলোচনা কৰিবলৈ দুদিন সময় বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু