--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ সময়তে দুজন  কৃষকে মৃত্যুক সাৱটি লৈছে৷   দেওবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ সত্তৰ বছৰীয়া মনজিৎ সিঙৰ মৃত্যু হৈছিল । ১৬ ফেব্ৰুৱাৰীত প্ৰতিবাদৰ সময়ত ৭৮ বছৰীয়া জিয়ান সিঙৰ মৃত্যু ঘটিছিল৷ মনজিৎ সিং পাটিয়ালা জিলাৰ কোন্থালা গাঁৱৰ বাসিন্দা আছিল। 

তেওঁ দেওবাৰে কানাউৰী সীমান্তৰ ওচৰত কৃষকৰ  প্ৰতিবাদত যোগদান কৰিছিল। জানিব পৰা মতে  হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ পিছতে  ফলত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল। তেওঁক অচেতন অৱস্থাত এখন স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকসকলে তেওঁক ৰজিন্দ্ৰ চিকিৎসালয়লৈ স্থানান্তৰিত  কৰিবলৈ পৰামৰ্শ দিছিল। অৱশ্যে, মনজিৎ সিঙক তালৈ লৈ যোৱাৰ পিছত মৃত ঘোষণা কৰা হয়৷ 

ইয়াৰ পূৰ্বে গুৰদাসপুৰ জিলাৰ বাসিন্দা জিয়ান সিঙৰো হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। তেওঁ কেন্দ্ৰৰ বিৰুদ্ধে চলি থকা কৃষক বিদ্ৰোহৰ প্ৰথমগৰাকী মৃত কৃষক৷  পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ শম্ভু সীমান্তত  প্ৰতিবাদ কৰি থকা অৱস্থাতে তেওঁৰ মৃত্যু ঘটিছিল৷ 

ইফালে, দীঘলীয়া বিদ্ৰোহৰ পিছত অৱশেষত বৰফ গলাৰ  লক্ষণ দেখা গৈছে৷  কেন্দ্ৰই অহা পাঁচ বছৰৰ বাবে শস্যৰ নূন্যতম  সমৰ্থন মূল্যত কৃষকসকলৰ পৰা শস্য ক্ৰয় কৰিব বুলি কথা দিছে৷  কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেল, কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে এখন বৈঠকত এই কথা প্ৰকাশ কৰে। 

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো বৈঠকত  উপস্থিত আছিল। দেওবাৰে মাজনিশালৈকে দুয়োপক্ষৰ মাজত আলোচনা অব্যাহত আছিল। ইয়াৰ পিছত গোৱেলে কয় যে কেন্দ্ৰই কৃষকসকলৰ বাবে এক বিশেষ প্ৰস্তাৱ দিছে। অৱশ্যে কৃষক নেতাসকলে প্ৰস্তাৱটো গ্ৰহণ কৰিব নে নাই সেই বিষয়ে আলোচনা কৰিবলৈ দুদিন সময় বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী