--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুদিন ধৰি প্ৰিয়ংকা চোপ্ৰাই বলীউডৰ ছবিত কাম কৰা নাই৷ এইবাৰ অভিনেত্ৰীগৰাকীয়ে  'মাৰ্ভেল' খ্যাত ৰুচো ব্ৰাদাৰ্ছৰ সৈতে কাম কৰি আছে। ৱেব শৃংখলাটোৰ কথা  বহু দিন আগতে ঘোষণা কৰা হৈছিল। অৱশেষত অপেক্ষাৰ অন্ত পৰিল।  'চিটাডেল'ৰ কিছু দৃশ্য  এতিয়া মানুহৰ মাজত বিয়পি পৰিছে। প্ৰিয়ংকাই ৱেব শৃংখলাটোত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। 


প্ৰিয়ংকাই অভিনয় কৰিছে গেম অফ থ্ৰোনছ'ৰ তাৰকা ৰিচাৰ্ড মেডেনৰ সৈতে। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ পৰা তেওঁৰ স্বামী নিক জোনাছলৈকে সকলোৱে এতিয়া প্ৰিংকাৰ অভিনয় দেখি আচৰিত হৈ পৰিছে৷ পত্নী প্ৰিয়ংকাই যে ইমান সুন্দৰ অভিনয় কৰে সেয়া নিক জোনাছে যেন এতিয়াহে ভালদৰে উপলব্ধি কৰিব পাৰিছে৷ প্ৰিয়ংকাৰ অভিনয় চাই সেয়ে নিক জোনাছক বাকৰুদ্ধ কৰি পেলাইছে, ইমান সুন্দৰ অভিনয়!  


প্ৰিয়ংকা পোহৰ আৰু অন্ধকাৰত বন্দুক লৈ ৰে’লৰ  দবা এটাত বহি আছে। পিন্ধনত ৰঙা পোছাক, ওঁঠত গাঢ় ৰঙা লিপষ্টিক । এই শৃংখলাটোত  প্ৰিয়ংকাৰ চকুৰ কঠিন অভিব্যক্তিত স্পষ্ট হৈ পৰিছে। আন এটা ৰূপত, 'দেশী গাৰ্ল' ৰিচাৰ্ড মেডেনৰ সৈতে অলপ ঘনিষ্ঠ মুহূৰ্তত দেখা গৈছে প্ৰিংকাক।এনে দৃশ্য  চাই বুজা যায় যে অভিনেত্ৰীগৰাকীক  ৰিচাৰ্ডৰ সৈতে প্ৰেমৰ দৃশ্যতো দেখা যাব পাৰে। এই শৃংখলাটোত প্ৰিয়ংকাৰ চৰিত্ৰটোৰ নাম নাদিয়া সিং। 'দ্য ডেভিল ৱাৰ্ছ প্ৰাডা' খ্যাত তাৰকা ষ্টেনলী টুচিয়েও এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷  প্ৰিয়ংকাই 'চিটাডেল'ৰ বাবে কেইবাটাও একচন দৃশ্যত অভিনয় কৰিছে।

 অভিনেত্ৰীগৰাকীয়ে ষ্টাণ্ট প্ৰদৰ্শন কৰোঁতে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁ সেই ছবিবোৰ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল। অভিনেত্ৰীগৰাকীৰ স্বামী নিক জোনাছেও প্ৰিয়ংকাৰ কামত আনন্দিত  হৈছে। সেয়ে  ছচিয়েল মিডিয়ত  প্ৰিয়ংকাৰ পোষ্টৰ তলত তেওঁ এটা জুইৰ ইমোজি দিছে। ইনষ্টাগ্ৰামত  পত্নীৰ প্ৰিয়ংকাকলৈ নিকে লিখিছে, "মই তোমাকলৈ লৈ গৌৰৱান্বিত"। সামান্থা ৰুথ প্ৰভু, ৰাজকুমাৰ ৰাওৰ দৰে চেলিব্ৰিটিসকলেও প্ৰিয়ংকাক  প্ৰশংসা কৰিছে। সামান্থাই 'চিটাডেল'ৰ ভাৰতীয় সংস্কৰণত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।আমেৰিকান বিজ্ঞান-কল্পকাহিনী শৃংখলা 'চিটাডেল' একচন আৰু ৰহস্য-ৰোমাঞ্চেৰে পৰিপূৰ্ণ। 

শৃংখলাটোৰ চিত্ৰনাট্য 'লাইফ অন মাৰ্চ' খ্যাত জছ আপেলবাউম আৰু ব্ৰায়ান ওহে লিখিছে। শৃংখলাটোৰ দৃশ্যগ্ৰহণ ২০২১ চনত আৰম্ভ হৈছিল। প্ৰিয়ংকা, ৰিচাৰ্ড আৰু অন্যান্যসকলে প্ৰায় এবছৰ ধৰি ইউৰোপৰ একাধিক স্থানত দৃশ্যগ্ৰহণ কৰিছে। বিদেশৰ বহু অনুপম দৃশ্য দেখা যাব চিৰিজটোত৷ এতিয়া বহু ভাৰতীয়ই অপেক্ষা কৰিছে 'চিটাডেল'ৰ বাবে৷ আপুনিও হয়তো কৰিছে অপেক্ষা৷   'চিটাডেল'ৰ প্ৰথম চিজনৰ ছয়টা খণ্ড এপ্ৰিলত অ'টিটি প্লেটফৰ্মত মুকলি হ'ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু