--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুদিন ধৰি প্ৰিয়ংকা চোপ্ৰাই বলীউডৰ ছবিত কাম কৰা নাই৷ এইবাৰ অভিনেত্ৰীগৰাকীয়ে  'মাৰ্ভেল' খ্যাত ৰুচো ব্ৰাদাৰ্ছৰ সৈতে কাম কৰি আছে। ৱেব শৃংখলাটোৰ কথা  বহু দিন আগতে ঘোষণা কৰা হৈছিল। অৱশেষত অপেক্ষাৰ অন্ত পৰিল।  'চিটাডেল'ৰ কিছু দৃশ্য  এতিয়া মানুহৰ মাজত বিয়পি পৰিছে। প্ৰিয়ংকাই ৱেব শৃংখলাটোত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। 


প্ৰিয়ংকাই অভিনয় কৰিছে গেম অফ থ্ৰোনছ'ৰ তাৰকা ৰিচাৰ্ড মেডেনৰ সৈতে। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ পৰা তেওঁৰ স্বামী নিক জোনাছলৈকে সকলোৱে এতিয়া প্ৰিংকাৰ অভিনয় দেখি আচৰিত হৈ পৰিছে৷ পত্নী প্ৰিয়ংকাই যে ইমান সুন্দৰ অভিনয় কৰে সেয়া নিক জোনাছে যেন এতিয়াহে ভালদৰে উপলব্ধি কৰিব পাৰিছে৷ প্ৰিয়ংকাৰ অভিনয় চাই সেয়ে নিক জোনাছক বাকৰুদ্ধ কৰি পেলাইছে, ইমান সুন্দৰ অভিনয়!  


প্ৰিয়ংকা পোহৰ আৰু অন্ধকাৰত বন্দুক লৈ ৰে’লৰ  দবা এটাত বহি আছে। পিন্ধনত ৰঙা পোছাক, ওঁঠত গাঢ় ৰঙা লিপষ্টিক । এই শৃংখলাটোত  প্ৰিয়ংকাৰ চকুৰ কঠিন অভিব্যক্তিত স্পষ্ট হৈ পৰিছে। আন এটা ৰূপত, 'দেশী গাৰ্ল' ৰিচাৰ্ড মেডেনৰ সৈতে অলপ ঘনিষ্ঠ মুহূৰ্তত দেখা গৈছে প্ৰিংকাক।এনে দৃশ্য  চাই বুজা যায় যে অভিনেত্ৰীগৰাকীক  ৰিচাৰ্ডৰ সৈতে প্ৰেমৰ দৃশ্যতো দেখা যাব পাৰে। এই শৃংখলাটোত প্ৰিয়ংকাৰ চৰিত্ৰটোৰ নাম নাদিয়া সিং। 'দ্য ডেভিল ৱাৰ্ছ প্ৰাডা' খ্যাত তাৰকা ষ্টেনলী টুচিয়েও এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷  প্ৰিয়ংকাই 'চিটাডেল'ৰ বাবে কেইবাটাও একচন দৃশ্যত অভিনয় কৰিছে।

 অভিনেত্ৰীগৰাকীয়ে ষ্টাণ্ট প্ৰদৰ্শন কৰোঁতে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁ সেই ছবিবোৰ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল। অভিনেত্ৰীগৰাকীৰ স্বামী নিক জোনাছেও প্ৰিয়ংকাৰ কামত আনন্দিত  হৈছে। সেয়ে  ছচিয়েল মিডিয়ত  প্ৰিয়ংকাৰ পোষ্টৰ তলত তেওঁ এটা জুইৰ ইমোজি দিছে। ইনষ্টাগ্ৰামত  পত্নীৰ প্ৰিয়ংকাকলৈ নিকে লিখিছে, "মই তোমাকলৈ লৈ গৌৰৱান্বিত"। সামান্থা ৰুথ প্ৰভু, ৰাজকুমাৰ ৰাওৰ দৰে চেলিব্ৰিটিসকলেও প্ৰিয়ংকাক  প্ৰশংসা কৰিছে। সামান্থাই 'চিটাডেল'ৰ ভাৰতীয় সংস্কৰণত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।আমেৰিকান বিজ্ঞান-কল্পকাহিনী শৃংখলা 'চিটাডেল' একচন আৰু ৰহস্য-ৰোমাঞ্চেৰে পৰিপূৰ্ণ। 

শৃংখলাটোৰ চিত্ৰনাট্য 'লাইফ অন মাৰ্চ' খ্যাত জছ আপেলবাউম আৰু ব্ৰায়ান ওহে লিখিছে। শৃংখলাটোৰ দৃশ্যগ্ৰহণ ২০২১ চনত আৰম্ভ হৈছিল। প্ৰিয়ংকা, ৰিচাৰ্ড আৰু অন্যান্যসকলে প্ৰায় এবছৰ ধৰি ইউৰোপৰ একাধিক স্থানত দৃশ্যগ্ৰহণ কৰিছে। বিদেশৰ বহু অনুপম দৃশ্য দেখা যাব চিৰিজটোত৷ এতিয়া বহু ভাৰতীয়ই অপেক্ষা কৰিছে 'চিটাডেল'ৰ বাবে৷ আপুনিও হয়তো কৰিছে অপেক্ষা৷   'চিটাডেল'ৰ প্ৰথম চিজনৰ ছয়টা খণ্ড এপ্ৰিলত অ'টিটি প্লেটফৰ্মত মুকলি হ'ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement