--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দক্ষিণৰ চলচ্চিত্ৰৰ পৰা বলীউডলৈকে ৰশ্মিকা মন্দনাৰ জনপ্ৰিয়তা এতিয়া শীৰ্ষত। তেওঁৰ জনপ্ৰিয়তা আন তাৰকাসকলতকৈ পৃথক। মঙলবাৰে তেওঁৰ ২৬সংখ্যক জন্মদিন। ৰশ্মিকাই ২০১৪ চনত এটা মডেলিং প্ৰতিযোগিতা বিজয় সাব্যস্ত কৰিছিল। তাৰ পাছত তেওঁ পেছাদাৰী মডেলিং কৰিবলৈ আৰম্ভ কৰে। ২০১৬ চনত ৰশ্মিকাই কানাড়া চলচ্চিত্ৰৰ জৰিয়তে ছবি জগতত আত্মপ্ৰকাশ ঘটে। ৪ কোটি টকাত নিৰ্মিত ছবিখনে ৫০ কোটি টকাৰ ব্যৱসায় কৰিছিল। ব্যৱসায়ৰ ক্ষেত্ৰত এই চলচ্চিত্ৰখন এতিয়ালৈকে আটাইতকৈ লাভজনক কানাড়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।  

ৰশ্মিকা মন্দনাই এতিয়ালৈকে ১৪খন চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ বেছিভাগ চলচ্চিত্ৰই চুপাৰহিট। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে 'পুষ্পা'। ৰশ্মিকা সেই অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী যাৰ চলচ্চিত্ৰই কম সময়ৰ ভিতৰতে ১০০ কোটি টকাৰ ক্লাবত স্থান লাভ কৰিছে। পুষ্পাৰ সফলতাৰ পাছত সমগ্ৰ দেশতে ৰশ্মিকাৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। অভিনেত্ৰীগৰাকীয়ে আহিবলগীয়া হিন্দী ছবি এনিমেলত ৰণবীৰ কাপুৰৰ সৈতে ইতিমধ্য চুক্তিবদ্ধ হৈছে। ৰশ্মিকাক সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে 'মিছন মজনু'ত আৰু অমিতাভ বচ্চনৰ সৈতে 'গুডবাই'ত দেখা যাব।

এখন চলচ্চিত্ৰৰ বাবে ৰশ্মিকাৰ বৰ্তমানৰ পাৰিশ্ৰমিক হৈছে ৩-৪ কোটি টকা। মুম্বাই, গোৱা, বেংগালুৰু, কুৰ্গ আৰু হায়দৰাবাদত ৰশ্মিকাৰ নিজা ঘৰ আছে। কেতিয়াবা অভিনেত্ৰীগৰাকীয়ে কামৰ বাবে বা ভেকছনৰ বাবে তেওঁ তালৈ যায়। অৱশ্যে কেৱল ঘৰেই নহয়, তেওঁৰ গাড়ীৰ সংগ্ৰহো অতি আকৰ্ষণীয়। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে চাৰিখন গাড়ী কিনিছে। জানিব পৰা মতে ৰশ্মিকা মন্দনাৰ ২৬ বছৰ বয়সত ৩৫ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু