--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দক্ষিণৰ চলচ্চিত্ৰৰ পৰা বলীউডলৈকে ৰশ্মিকা মন্দনাৰ জনপ্ৰিয়তা এতিয়া শীৰ্ষত। তেওঁৰ জনপ্ৰিয়তা আন তাৰকাসকলতকৈ পৃথক। মঙলবাৰে তেওঁৰ ২৬সংখ্যক জন্মদিন। ৰশ্মিকাই ২০১৪ চনত এটা মডেলিং প্ৰতিযোগিতা বিজয় সাব্যস্ত কৰিছিল। তাৰ পাছত তেওঁ পেছাদাৰী মডেলিং কৰিবলৈ আৰম্ভ কৰে। ২০১৬ চনত ৰশ্মিকাই কানাড়া চলচ্চিত্ৰৰ জৰিয়তে ছবি জগতত আত্মপ্ৰকাশ ঘটে। ৪ কোটি টকাত নিৰ্মিত ছবিখনে ৫০ কোটি টকাৰ ব্যৱসায় কৰিছিল। ব্যৱসায়ৰ ক্ষেত্ৰত এই চলচ্চিত্ৰখন এতিয়ালৈকে আটাইতকৈ লাভজনক কানাড়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।  

ৰশ্মিকা মন্দনাই এতিয়ালৈকে ১৪খন চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ বেছিভাগ চলচ্চিত্ৰই চুপাৰহিট। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে 'পুষ্পা'। ৰশ্মিকা সেই অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী যাৰ চলচ্চিত্ৰই কম সময়ৰ ভিতৰতে ১০০ কোটি টকাৰ ক্লাবত স্থান লাভ কৰিছে। পুষ্পাৰ সফলতাৰ পাছত সমগ্ৰ দেশতে ৰশ্মিকাৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। অভিনেত্ৰীগৰাকীয়ে আহিবলগীয়া হিন্দী ছবি এনিমেলত ৰণবীৰ কাপুৰৰ সৈতে ইতিমধ্য চুক্তিবদ্ধ হৈছে। ৰশ্মিকাক সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে 'মিছন মজনু'ত আৰু অমিতাভ বচ্চনৰ সৈতে 'গুডবাই'ত দেখা যাব।

এখন চলচ্চিত্ৰৰ বাবে ৰশ্মিকাৰ বৰ্তমানৰ পাৰিশ্ৰমিক হৈছে ৩-৪ কোটি টকা। মুম্বাই, গোৱা, বেংগালুৰু, কুৰ্গ আৰু হায়দৰাবাদত ৰশ্মিকাৰ নিজা ঘৰ আছে। কেতিয়াবা অভিনেত্ৰীগৰাকীয়ে কামৰ বাবে বা ভেকছনৰ বাবে তেওঁ তালৈ যায়। অৱশ্যে কেৱল ঘৰেই নহয়, তেওঁৰ গাড়ীৰ সংগ্ৰহো অতি আকৰ্ষণীয়। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে চাৰিখন গাড়ী কিনিছে। জানিব পৰা মতে ৰশ্মিকা মন্দনাৰ ২৬ বছৰ বয়সত ৩৫ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement