--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কি কি থাকিব ৰণবীৰ আৰু আলিয়াৰ  বিয়াৰ অভ্যৰ্থনাত৷ মেনুক লৈ ব্যস্ত এতিয়া ৰণবীৰ-আলিয়াৰ পৰিয়াল৷ ইতিমধ্যে বলীউডৰ দুই চেলিবিট্ৰি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ তাৰিখে গুঞ্জন তুলিছে ছ'চিয়েল মিডিয়াকে ধৰি বলীউডকো৷ প্ৰতিদিনে এই দুই চেলিব্ৰিটিৰ বিবাহক লৈ ন-ন চৰ্চা অব্যাহত আছে৷ এইবাৰ অনুৰাগীসকলৰ এটাই চিন্তা আলিয়া ৰণবীৰৰ বিয়াৰ মেনুত থাকিব কি? 

যদিও ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে এপ্ৰিলৰ মাজভাগত বিবাহপাশত আবদ্ধ হ'ব, তেওঁলোকে এপ্ৰিলৰ শেষৰ ফালে এক বিশাল বিবাহ অভ্যৰ্থনা আয়োজন কৰিবলৈ গৈ আছে৷ দম্পতীটোৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে যে, ইতিমধ্য বিবাহৰ অভ্যৰ্থনাৰ যো-জাও চলিছে৷ পিছে কোন কোন চেলিব্ৰিটীক তেওঁলোকৰ অভ্যৰ্থনালৈ আমন্ত্ৰণ জনোৱা হৈছে?

এক সূত্ৰই লগতে কয়, 'ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ অভ্যৰ্থনা এক আড়ম্বৰপূৰ্ণ বিষয় হ'ব। ৰণবীৰ সিং, দীপিকা পাডুকন, সঞ্জয় লীলা ভাঞ্চালী, আদিত্য চোপ্ৰা, শ্বাহৰুখ খান, অয়ন মুখাৰ্জী, আদিত্য ৰয় কাপুৰ, অৰ্জুন কাপুৰ, কৰণ জোহৰৰ দৰে বলীউডৰ তাৰকাসকলক ৰণবীৰ আৰু আলিয়াৰ অভ্যৰ্থনা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।'

ৰণবীৰ-আলিয়াৰ বিয়াৰ বিষয়ে কথা পাতি উদ্যোগৰ ভিতৰুৱা এজনে কয়, 'দুয়োটা পৰিয়ালে সিদ্ধান্ত লৈছে যে বিয়াখন এপ্ৰিলৰ মাজভাগত হ'ব। এই সিদ্ধান্তটো ৰণবীৰ আৰু আলিয়াৰ কামৰ প্ৰতিশ্ৰুতি আৰু পৰিয়ালৰ পণ্ডিতৰ দ্বাৰা বাছনি কৰা তাৰিখৰ ওপৰত আধাৰিত কৰি লোৱা হৈছে।' ৰণবীৰ আৰু আলিয়াৰ বিবাহৰ পাছত প্ৰথমখন ছবি অয়ন মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ'ই মুক্তি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু