--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত, অৱশেষত আলিয়া ৰণবীৰৰ বিয়াক লৈ চলি থকা বিৰ্তকৰ অন্ত পৰিল। বৰ্তমান ৰণবীৰ-আলিয়াৰ বিবাহৰ দিনো নিশ্চিত হৈছে বুলি পোহৰলৈ আহিছে। ৰণলিয়াই এপ্ৰিলৰ দ্বিতীয় সপ্তাহত বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে বুলি এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। যদি সকলো ঠিকে থাকে, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে ১৭ এপ্ৰিলত বিবাহপাশত আবদ্ধ হ’ব। অৱশ্যে, আলিয়া ভাটৰ ককাকৰ শাৰীৰিক অৱস্থাৰ বাবে, বিয়াখন হয়তো এদিন বা দুদিন পিছুৱাব পাৰে।

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ পৰিয়ালৰ এক ঘনিষ্ঠ সুত্ৰৰ মতে, অভিনেত্ৰীগৰাকীৰ ককাকৰ স্বাস্থ্যৰ অৱস্থা খুবেই জটিল। গতিকে তেওঁ সোনকালে নাতিনীৰ বিয়া চাব বিচাৰে। উল্লেখ্য যে, আলিয়া ভাটৰ ককাদেউতাকে ৰণবীৰক বৰ ভাল পায়। 

অৱশ্যে, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ বাবে কোনো নিৰ্দিষ্ট বিবাহ স্থান নাথাকিব। অতিথিৰ তালিকাখনো সীমিত হ’ব। কেৱল আলিয়া-ৰণবীৰৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গ বিবাহস্থলীত উপস্থিত থাকিব।

এতিয়ালৈকে, খবৰ পোৱা গৈছে যে ৰণলিয়াৰ বিয়া ৰণবীৰ কাপুৰৰ পৈতৃক ঘৰত অনুষ্ঠিত হ’ব। বিবাহপৰ্বও দীঘলীয়া নহ’ব। বিবাহৰ সকলো ৰীতি-নীতি দুদিনৰ ভিতৰত শেষ হ’ব।


বিগত বছৰৰ অক্টোবৰ মাহৰ পৰা, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ বাতৰি বলীউডত চৰ্চাত আছিল। কিছুদিনৰ আগতে, তেওঁ বাৰাণসীত ‘ব্ৰহ্মাস্ত্ৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল। বৰ্তমান মুম্বাইতো আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক একেলগে ঘূৰি-ফুৰা দেখা যায়।

ৰণবীৰ কাপুৰক পৰৱৰ্তী সময়ত শ্ৰদ্ধা কাপুৰৰ সৈতে ‘ল’ভ ৰঞ্জন’ৰ ছবিখনত দেখা যাব। আনহাতে, আলিয়া ভাট কৰণ জোহৰৰ ছবি ‘ৰকী ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ সৈতে তেওঁৰ গলি বয়ৰ সহ-অভিনেতা ৰণবীৰ সিঙৰ সৈতে ব্যস্ত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু