--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত, অৱশেষত আলিয়া ৰণবীৰৰ বিয়াক লৈ চলি থকা বিৰ্তকৰ অন্ত পৰিল। বৰ্তমান ৰণবীৰ-আলিয়াৰ বিবাহৰ দিনো নিশ্চিত হৈছে বুলি পোহৰলৈ আহিছে। ৰণলিয়াই এপ্ৰিলৰ দ্বিতীয় সপ্তাহত বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে বুলি এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। যদি সকলো ঠিকে থাকে, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে ১৭ এপ্ৰিলত বিবাহপাশত আবদ্ধ হ’ব। অৱশ্যে, আলিয়া ভাটৰ ককাকৰ শাৰীৰিক অৱস্থাৰ বাবে, বিয়াখন হয়তো এদিন বা দুদিন পিছুৱাব পাৰে।

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ পৰিয়ালৰ এক ঘনিষ্ঠ সুত্ৰৰ মতে, অভিনেত্ৰীগৰাকীৰ ককাকৰ স্বাস্থ্যৰ অৱস্থা খুবেই জটিল। গতিকে তেওঁ সোনকালে নাতিনীৰ বিয়া চাব বিচাৰে। উল্লেখ্য যে, আলিয়া ভাটৰ ককাদেউতাকে ৰণবীৰক বৰ ভাল পায়। 

অৱশ্যে, আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিবাহৰ বাবে কোনো নিৰ্দিষ্ট বিবাহ স্থান নাথাকিব। অতিথিৰ তালিকাখনো সীমিত হ’ব। কেৱল আলিয়া-ৰণবীৰৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গ বিবাহস্থলীত উপস্থিত থাকিব।

এতিয়ালৈকে, খবৰ পোৱা গৈছে যে ৰণলিয়াৰ বিয়া ৰণবীৰ কাপুৰৰ পৈতৃক ঘৰত অনুষ্ঠিত হ’ব। বিবাহপৰ্বও দীঘলীয়া নহ’ব। বিবাহৰ সকলো ৰীতি-নীতি দুদিনৰ ভিতৰত শেষ হ’ব।


বিগত বছৰৰ অক্টোবৰ মাহৰ পৰা, ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহৰ বাতৰি বলীউডত চৰ্চাত আছিল। কিছুদিনৰ আগতে, তেওঁ বাৰাণসীত ‘ব্ৰহ্মাস্ত্ৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল। বৰ্তমান মুম্বাইতো আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক একেলগে ঘূৰি-ফুৰা দেখা যায়।

ৰণবীৰ কাপুৰক পৰৱৰ্তী সময়ত শ্ৰদ্ধা কাপুৰৰ সৈতে ‘ল’ভ ৰঞ্জন’ৰ ছবিখনত দেখা যাব। আনহাতে, আলিয়া ভাট কৰণ জোহৰৰ ছবি ‘ৰকী ঔৰ ৰাণী কি প্ৰেম কাহানী’ৰ সৈতে তেওঁৰ গলি বয়ৰ সহ-অভিনেতা ৰণবীৰ সিঙৰ সৈতে ব্যস্ত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক