--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াঘৰত সকলো ঠিকেই চলি আছিল। কিন্তু হঠাতে কইনাই আৰম্ভ কৰিলে গুলীচালনা। অৱশ্যে কাকো লক্ষ্য কৰি কইনাই গুলী চলোৱা নাছিল, শূন্যলৈহে গুলী চলাইছিল। কইনাৰ এনে ৰূপ দেখি ভয়তে কম্পমান হ’ল কাইনাৰ কাষতে বহি থকা দৰা।  দৰা -কইনাই মাত্ৰ মালা  বদলি কৰি নিজৰ আসনত বহিছিলহে। তেনেতে কইনাই আৰম্ভ কৰিলে গুলীচালনা।

 দৰা-কইনা  দুয়ো বিয়াৰ পেণ্ডেলত বাকী ৰীতি-নীতি পালন কৰিবলৈ বহি আছিল। সেই সময়তে  গুলীবৰ্ষণৰ শব্দই বেণ্ডপাৰ্টিৰ শব্দত তল পেলাই দিলে। কইনাই হাতত তুলি ল’লে ৰিভলভাৰ  । সেই ৰিভলভাৰেৰে কইনাই  তেওঁ শূন্যতে ৪  ৰাউণ্ড গুলীচালনা কৰে। মাত্ৰ ৫ ছেকেণ্ডত, একেৰাহে ৪ ৰাউণ্ড গুলীৰ ফুটাইহে যেন কইনা ক্ষান্ত হ’ল। ঘটনাটো উত্তৰ প্ৰদেশৰ হাতৰাছ অঞ্চলত সংঘটিত হৈছে। বিয়াৰ পেণ্ডেলত কইনাই ৰিভলভাৰেৰে শূন্যতে  গুলীচালনা কৰাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই। 


জানিব পৰা মতে শুক্ৰবাৰে নিশা হাতৰাছৰ চালেমপুৰ গাঁৱৰ এটা অতিথিশালাত বিয়াখন অনুষ্ঠিত হৈছিল।ভিডিঅ'টোত, এজন  ক'লা পোছাক পিন্ধা লোকে  ৰিভলভাৰটো তেওঁৰ পকেটৰ পৰা উলিয়াই কইনাক দিয়া দেখা গৈছে। ইয়াৰ পিছত কইনাই ৰিভলভাৰটোৰে শূন্যলৈ গুলীচালনা কৰে। কইনাগৰাকীৰ এই 'কৃতিত্ব' দেখি ক'লা পোছাক পিন্ধা ব্যক্তিজনে হাঁহি থকা দেখা গৈছে। 

কিন্তু এনে ঘটনা দেখি দৰাজনে ভয় খোৱাও পৰিলক্ষিত হৈছে। তেওঁৰ চকুত ভয়ৰ ছবি প্ৰকটমান হৈছে। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ  লগে লগে আৰক্ষীও হতবাক হৈ পৰিছে। হাতৰাছৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অশোক কুমাৰ সিঙে কয় যে ভিডিঅ'টোৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে। কইনাৰ পৰিয়ালৰ সদস্যসকলক সোনকালেই সোধা-পোছা কৰা হ'ব। ৰিভলভাৰটো লৈ অহা ব্যক্তিজনক চিনাক্ত কৰাৰ চেষ্টা চলি আছে, অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ