--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াঘৰত সকলো ঠিকেই চলি আছিল। কিন্তু হঠাতে কইনাই আৰম্ভ কৰিলে গুলীচালনা। অৱশ্যে কাকো লক্ষ্য কৰি কইনাই গুলী চলোৱা নাছিল, শূন্যলৈহে গুলী চলাইছিল। কইনাৰ এনে ৰূপ দেখি ভয়তে কম্পমান হ’ল কাইনাৰ কাষতে বহি থকা দৰা।  দৰা -কইনাই মাত্ৰ মালা  বদলি কৰি নিজৰ আসনত বহিছিলহে। তেনেতে কইনাই আৰম্ভ কৰিলে গুলীচালনা।

 দৰা-কইনা  দুয়ো বিয়াৰ পেণ্ডেলত বাকী ৰীতি-নীতি পালন কৰিবলৈ বহি আছিল। সেই সময়তে  গুলীবৰ্ষণৰ শব্দই বেণ্ডপাৰ্টিৰ শব্দত তল পেলাই দিলে। কইনাই হাতত তুলি ল’লে ৰিভলভাৰ  । সেই ৰিভলভাৰেৰে কইনাই  তেওঁ শূন্যতে ৪  ৰাউণ্ড গুলীচালনা কৰে। মাত্ৰ ৫ ছেকেণ্ডত, একেৰাহে ৪ ৰাউণ্ড গুলীৰ ফুটাইহে যেন কইনা ক্ষান্ত হ’ল। ঘটনাটো উত্তৰ প্ৰদেশৰ হাতৰাছ অঞ্চলত সংঘটিত হৈছে। বিয়াৰ পেণ্ডেলত কইনাই ৰিভলভাৰেৰে শূন্যতে  গুলীচালনা কৰাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই। 


জানিব পৰা মতে শুক্ৰবাৰে নিশা হাতৰাছৰ চালেমপুৰ গাঁৱৰ এটা অতিথিশালাত বিয়াখন অনুষ্ঠিত হৈছিল।ভিডিঅ'টোত, এজন  ক'লা পোছাক পিন্ধা লোকে  ৰিভলভাৰটো তেওঁৰ পকেটৰ পৰা উলিয়াই কইনাক দিয়া দেখা গৈছে। ইয়াৰ পিছত কইনাই ৰিভলভাৰটোৰে শূন্যলৈ গুলীচালনা কৰে। কইনাগৰাকীৰ এই 'কৃতিত্ব' দেখি ক'লা পোছাক পিন্ধা ব্যক্তিজনে হাঁহি থকা দেখা গৈছে। 

কিন্তু এনে ঘটনা দেখি দৰাজনে ভয় খোৱাও পৰিলক্ষিত হৈছে। তেওঁৰ চকুত ভয়ৰ ছবি প্ৰকটমান হৈছে। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ  লগে লগে আৰক্ষীও হতবাক হৈ পৰিছে। হাতৰাছৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অশোক কুমাৰ সিঙে কয় যে ভিডিঅ'টোৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে। কইনাৰ পৰিয়ালৰ সদস্যসকলক সোনকালেই সোধা-পোছা কৰা হ'ব। ৰিভলভাৰটো লৈ অহা ব্যক্তিজনক চিনাক্ত কৰাৰ চেষ্টা চলি আছে, অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ