--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগ্য কেতিয়া কাৰ সুপ্ৰসন্ন হয় কোনেও ক’ব নোৱাৰে। সাধাৰণ মূল্যৰ একো খন লটাৰী টিকটেও কাৰোবাৰ ভাগ্যউদয় কৰিব পাৰে। নিশাটোৰ ভিতৰতে কোনোবা হৈ পৰিব পাৰে কোটি টকাৰ গৰাকী। বিভিন্ন মাধ্যমত প্ৰায়ে খবৰ ওলাই থাকে  যে কোনোবাই লটাৰীত এক কোটি টকা জিকিছে। যদি আপুনিও এক কোটি টকাৰ পুৰস্কাৰ লাভ কৰে তেন্তে কৰ কৰ্তন কৰি কিমান টকা আপোনাৰ হাতত পৰিব জানেনে?

 আয়কৰ আইন ১৯৬১ চনত কাৰ্যকৰী হৈছিল। লটাৰীত টকা পালেও চৰকাৰক এই আইনৰ অধীনতে লোক এজনে  কৰ পৰিশোধ কৰিব লাগে । সেই টকাৰ পৰিমাণো কম নহয়।১৯৬১ চনৰ আইকৰ আইনৰ ধাৰা ১৯৪বি ৰ অধীনত লটাৰীত ধন লাভ কৰা লোক এজনে  কৰ পৰিশোধ কৰিব লাগিব। বিজয়ীক ধন  পৰিশোধ কৰাৰ আগতে টিডিএছ কৰ্তন কৰা হয়।

 ১০,০০০ টকাৰ অধিক পুৰষ্কাৰৰ ধনৰ ক্ষেত্ৰত  ৩০ শতাংশ টিডিএছ কৰ্তন কৰা হয়। অতিৰিক্ত চাৰ্চাৰ্জ আৰু উপকৰ যোগ দিয়াৰ পিছত টিডিএছ ৩১.২ শতাংশ  লৈকে হ'ব পাৰে।লটাৰী টিকটত পুৰস্কাৰ পোৱাৰ পিছত এই কৰ পৰিশোধ কৰাটো বাধ্যতামূলক। গতিকে লটাৰীত ১ কোটি টকা জিকিলে আপোনাৰ হাতত কৰ কৰ্তনৰ পিছত খুব বেছি ৬৫ লাখ বা তাতকৈ কিছু বেছি টকাহে পৰিব। 

এই ক্ষেত্ৰত, বহুলোকে কৰ পৰামৰ্শদাতাৰ সহায় লয়।কেইদিনমান আগতে এজন ট্ৰাক  চালকে ড্ৰীম ইলেভেন লটাৰীত  ১.৫ কোটি টকা জিকিছিল। তেওঁ মাত্ৰ ৪৯ টকাত টিকট ক্ৰয় কৰি  এই বৃহৎ পুৰস্কাৰ জিকিছিল।পশ্চিমবংগৰ এজন দিন হাজিৰা কৰা যুৱকেও কিছুদিন আগতে ১ কোটি টকাৰ লটাৰীৰ ধন জিকিছিল। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ