--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগ্য কেতিয়া কাৰ সুপ্ৰসন্ন হয় কোনেও ক’ব নোৱাৰে। সাধাৰণ মূল্যৰ একো খন লটাৰী টিকটেও কাৰোবাৰ ভাগ্যউদয় কৰিব পাৰে। নিশাটোৰ ভিতৰতে কোনোবা হৈ পৰিব পাৰে কোটি টকাৰ গৰাকী। বিভিন্ন মাধ্যমত প্ৰায়ে খবৰ ওলাই থাকে  যে কোনোবাই লটাৰীত এক কোটি টকা জিকিছে। যদি আপুনিও এক কোটি টকাৰ পুৰস্কাৰ লাভ কৰে তেন্তে কৰ কৰ্তন কৰি কিমান টকা আপোনাৰ হাতত পৰিব জানেনে?

 আয়কৰ আইন ১৯৬১ চনত কাৰ্যকৰী হৈছিল। লটাৰীত টকা পালেও চৰকাৰক এই আইনৰ অধীনতে লোক এজনে  কৰ পৰিশোধ কৰিব লাগে । সেই টকাৰ পৰিমাণো কম নহয়।১৯৬১ চনৰ আইকৰ আইনৰ ধাৰা ১৯৪বি ৰ অধীনত লটাৰীত ধন লাভ কৰা লোক এজনে  কৰ পৰিশোধ কৰিব লাগিব। বিজয়ীক ধন  পৰিশোধ কৰাৰ আগতে টিডিএছ কৰ্তন কৰা হয়।

 ১০,০০০ টকাৰ অধিক পুৰষ্কাৰৰ ধনৰ ক্ষেত্ৰত  ৩০ শতাংশ টিডিএছ কৰ্তন কৰা হয়। অতিৰিক্ত চাৰ্চাৰ্জ আৰু উপকৰ যোগ দিয়াৰ পিছত টিডিএছ ৩১.২ শতাংশ  লৈকে হ'ব পাৰে।লটাৰী টিকটত পুৰস্কাৰ পোৱাৰ পিছত এই কৰ পৰিশোধ কৰাটো বাধ্যতামূলক। গতিকে লটাৰীত ১ কোটি টকা জিকিলে আপোনাৰ হাতত কৰ কৰ্তনৰ পিছত খুব বেছি ৬৫ লাখ বা তাতকৈ কিছু বেছি টকাহে পৰিব। 

এই ক্ষেত্ৰত, বহুলোকে কৰ পৰামৰ্শদাতাৰ সহায় লয়।কেইদিনমান আগতে এজন ট্ৰাক  চালকে ড্ৰীম ইলেভেন লটাৰীত  ১.৫ কোটি টকা জিকিছিল। তেওঁ মাত্ৰ ৪৯ টকাত টিকট ক্ৰয় কৰি  এই বৃহৎ পুৰস্কাৰ জিকিছিল।পশ্চিমবংগৰ এজন দিন হাজিৰা কৰা যুৱকেও কিছুদিন আগতে ১ কোটি টকাৰ লটাৰীৰ ধন জিকিছিল। 












FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত