--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ঘৰলৈ বকৰিদৰ বাবে ছাগলী অনাৰ প্ৰতিবাদমুখৰ হৈ পৰিল এখন ছ’চাইটিৰ গৰিষ্ঠসংখ্যক লোক৷বকৰিদৰ পূৰ্বে এজন মুছলমান লোকে নিজৰ ঘৰলৈ দুটা ছাগলী অনাৰ বাবে মুম্বাইৰ মীৰা ৰোডৰ উপকণ্ঠ অঞ্চলৰ এখন হাউছিং ছ’চাইটিৰ আন বাসিন্দাসকলে প্ৰতিবাদৰ সৃষ্টি কৰে আৰু হনুমান চালিছা পাঠ কৰা দেখা যায়৷

ছ’চাইটিখনৰ চিচিটিভি ফুটেজত মহছিন শ্বেখক লিফ্টৰ পৰা নামি অহা দেখা গৈছে। তেওঁৰ লগত আছে পত্নী আৰু তেওঁলোকৰ পুত্ৰ। শ্বেখে ছাগলীকেইটাক নিজৰ ঘৰলৈ লৈ যোৱা দেখা যায়।

শ্বেখে কয় যে তেওঁলোকৰ আৱাসিক সমাজত প্ৰায় ২০০-২৫০ মুছলমান পৰিয়াল বাস কৰে। তেওঁৰ মতে আৱাসিক সমাজখনৰ নিৰ্মাতাই তেওঁলোকক প্ৰতি বছৰে ছাগলী ৰখাৰ বাবে নিৰ্দিষ্ট স্থান প্ৰদান কৰে। এই বছৰ অৱশ্যে বিল্ডাৰজনে নাকচ কৰি পৰিয়ালসমূহক ইয়াৰ পৰিৱৰ্তে আৱাসিক সমাজখনৰ সৈতে কথা পাতিবলৈ কয় বুলি শ্বেখে দাবী কৰে।

মহছিন খান আৰু তেওঁৰ পত্নী য়াছমিনে কয় যে যদিহে ছাগলীকেইটাক হাউছিং কলনীৰ ভিতৰলৈ অনাটো আইনৰ বিৰুদ্ধে আছিল, তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগ দাখিল কৰিব লাগিছিল৷কিন্তু তেনে একো কৰা নহ’ল৷

আৰক্ষীয়ে হস্তক্ষেপ কৰি বিবাদ নিষ্পত্তি কৰি সমাজৰ সদস্যসকলক আশ্বাস দিয়ে যে নিয়ম অনুসৰি চৌহদৰ ভিতৰত পশু বলিৰ অনুমতি দিয়া নহ’ব। শ্বেখে নিয়ম উলংঘা কৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতিও দিয়ে পুলিচে৷পাছত শ্বেখে ছাগলীকেইটা আৱাসিক সমাজৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি