--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ঘৰলৈ বকৰিদৰ বাবে ছাগলী অনাৰ প্ৰতিবাদমুখৰ হৈ পৰিল এখন ছ’চাইটিৰ গৰিষ্ঠসংখ্যক লোক৷বকৰিদৰ পূৰ্বে এজন মুছলমান লোকে নিজৰ ঘৰলৈ দুটা ছাগলী অনাৰ বাবে মুম্বাইৰ মীৰা ৰোডৰ উপকণ্ঠ অঞ্চলৰ এখন হাউছিং ছ’চাইটিৰ আন বাসিন্দাসকলে প্ৰতিবাদৰ সৃষ্টি কৰে আৰু হনুমান চালিছা পাঠ কৰা দেখা যায়৷

ছ’চাইটিখনৰ চিচিটিভি ফুটেজত মহছিন শ্বেখক লিফ্টৰ পৰা নামি অহা দেখা গৈছে। তেওঁৰ লগত আছে পত্নী আৰু তেওঁলোকৰ পুত্ৰ। শ্বেখে ছাগলীকেইটাক নিজৰ ঘৰলৈ লৈ যোৱা দেখা যায়।

শ্বেখে কয় যে তেওঁলোকৰ আৱাসিক সমাজত প্ৰায় ২০০-২৫০ মুছলমান পৰিয়াল বাস কৰে। তেওঁৰ মতে আৱাসিক সমাজখনৰ নিৰ্মাতাই তেওঁলোকক প্ৰতি বছৰে ছাগলী ৰখাৰ বাবে নিৰ্দিষ্ট স্থান প্ৰদান কৰে। এই বছৰ অৱশ্যে বিল্ডাৰজনে নাকচ কৰি পৰিয়ালসমূহক ইয়াৰ পৰিৱৰ্তে আৱাসিক সমাজখনৰ সৈতে কথা পাতিবলৈ কয় বুলি শ্বেখে দাবী কৰে।

মহছিন খান আৰু তেওঁৰ পত্নী য়াছমিনে কয় যে যদিহে ছাগলীকেইটাক হাউছিং কলনীৰ ভিতৰলৈ অনাটো আইনৰ বিৰুদ্ধে আছিল, তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগ দাখিল কৰিব লাগিছিল৷কিন্তু তেনে একো কৰা নহ’ল৷

আৰক্ষীয়ে হস্তক্ষেপ কৰি বিবাদ নিষ্পত্তি কৰি সমাজৰ সদস্যসকলক আশ্বাস দিয়ে যে নিয়ম অনুসৰি চৌহদৰ ভিতৰত পশু বলিৰ অনুমতি দিয়া নহ’ব। শ্বেখে নিয়ম উলংঘা কৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতিও দিয়ে পুলিচে৷পাছত শ্বেখে ছাগলীকেইটা আৱাসিক সমাজৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস