ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহু অপৰাধীৰ নামে সাধাৰণ মানুহকে নহয়, আৰক্ষীকো অস্বস্তিত পেলাই আহিছে। এই তালিকাত মহিলা গেংষ্টাৰৰ সংখ্যা তুলনামূলকভাৱে কম। কিন্তু যিসকল আছে বা আছিল তেওঁলোকৰ কাণ্ড-কাৰখানাসমূহ পুৰুষ গেংষ্টাৰতকৈও চৰা। তাৰে এগৰাকী মহিলা গেংষ্টাৰ হৈছে পূজা পাঠক।
বিহাৰৰ ‘কিডনেপিং কুইন’ হিচাপে পৰিচিত পূজা। তেওঁৰ বিৰুদ্ধে আছে অপহৰণ, ধন দাবী আদি কেইবাটাও গুৰুতৰ অপৰাধৰ অভিযোগ। এই কেইটামান অপৰাধত দোষী সাব্যস্ত হোৱা পূজাই বৰ্তমান আদালতৰ নিৰ্দেশত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে।
বিহাৰৰ কুখ্যাত অপহৰণকাৰীৰ তালিকাৰ শীৰ্ষত আছে পূজাৰ নাম। আজিও বিহাৰত তেওঁৰ নামত মানুহে ভয়ত কঁপি থাকে৷
পাটনাত থকাৰ সময়ত পূজাই স্থানীয় পলিটেকনিক মহাবিদ্যালয়ত ভৰ্তি হৈছিল। তাত পঢ়াৰ লগে লগে তেওঁ অপৰাধৰ জগতখনত প্ৰৱেশ কৰিলে। কলেজত পূজাৰ লগ হয় কৈলাস ফৌজী নামৰ এজন গেংষ্টাৰৰ স’তে৷ তেওঁলোকৰ বন্ধুত্ব গভীৰ হৈ পৰিল।
পূজাই কৈলাসৰ স’তে অপহৰণ কাণ্ড আৰম্ভ কৰে। ২০১৩ চনত দুজনকৈ লোকক অপহৰণ কৰাৰ পিছত পূজাৰ নামে শিৰোনাম দখল কৰিছিল।
২০১৩ চনৰ ১৬ জুলাইত সংঘটিত হৈছিল এই ঘটনা। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ হাথোৰী থানাৰ অন্তৰ্গত আমৱা গাঁৱৰ বাসিন্দা নীৰজ কুমাৰে এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল। কোম্পানীৰ লেনদেনৰ সকলো একাউণ্ট নীৰজৰ হাতত আছিল।
ঘটনাৰ দিনা নীৰজ অফিচৰ পৰা ঘৰলৈ উভতি আহোঁতে স্ক’ৰপিঅ’ গাড়ী এখনে তেওঁক খেদিবলৈ ধৰিলে। কিছু সময়ৰ পাছত নীৰজক অপহৰণ কৰি লৈ নিৰ্জন ঠাইলৈ লৈ যোৱা হৈছিল।
অপহৰণকাৰীয়ে নীৰজক ধৰি ৰাখি পৰিয়ালৰ পৰা মুক্তিপণ দাবী কৰে। অপহৰণকাৰীক ধন দিবলৈ বাইকত নিৰাপত্তাৰক্ষী লৈ আহি উপস্থিত হয় নীৰজৰ ভায়েক।
নিৰাপত্তাৰক্ষীজনক দেখি গাড়ীত বহি থকা পূজাৰ গেঙে তেওঁৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাৰক্ষীজনক গুলীয়াই হত্যা কৰা হয়। লগতে অপহৰণকাৰীয়ে নীৰজৰ ভায়েকক আটক কৰি নিৰাপত্তাৰক্ষীক লগত অনাৰ শাস্তি হিচাপে আৰু ৫০ হাজাৰ টকা দিবলৈ কয়।
নীৰজৰ পৰিয়ালে আৰু কোনো নিৰাপত্তাৰক্ষী পঠিয়াবলৈ সাহস নকৰিলে। নীৰজৰ ককাকে টকাখিনি লৈ অকলে দুস্কৃতিকাৰীয়ে দিয়া ঠিকনা পালেগৈ। টকাখিনি দিয়াৰ পাছতে নীৰজ আৰু তেওঁৰ ভায়েকক মুকলি কৰি দিয়া হয়।
অপহৰণকাৰীৰ পৰা মুক্ত হোৱাৰ পিছত নীৰজে সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। এই সন্দৰ্ভত ৫জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। তদন্তত আৰক্ষীয়ে উপলব্ধি কৰে যে সমগ্ৰ ঘটনাৰ আঁৰত পূজা আছে।
পূজাৰ নাম ওলোৱাৰ পিছতে বিহাৰত আতংকৰ সৃষ্টি হয়। এনে অৱস্থা আছিল যে তেওঁৰ নাম শুনি মানুহে কঁপিবলৈ ধৰিলে।
কেইবাদিনো আৰক্ষীৰ চকুত ধূলী দিবলৈ সক্ষম হোৱা পূজাই অৱশেষত মুজাফ্ফৰপুৰ অপহৰণ গোচৰত গ্ৰেপ্তাৰ হৈছিল। অপহৰণ আৰু মুক্তিপণৰ দাবীৰ সৈতে জড়িত নীৰজকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পিছত পূজাক জেললৈ প্ৰেৰণ কৰা হয়।
পূজা জেললৈ যোৱাৰ পিছত তেওঁৰ আৰু অধিক অপৰাধ পোহৰলৈ আহিবলৈ ধৰিলে। তেওঁৰ জামিন আৱেদনকো আদালতে নাকচ কৰে।
গ্ৰেপ্তাৰৰ পিছত তেওঁক বিহাৰৰ শিৱাহৰ মণ্ডলকাৰা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। তাতেই বিহাৰৰ আন এজন কুখ্যাত গেংষ্টাৰ মুকেশ পাঠকক লগ পায়। জেলত থকাৰ সময়তে মুকেশ-পূজা ইজনে সিজনৰ লগত বহুত ঘনিষ্ঠ হৈ পৰিল। ইজনে সিজনৰ প্ৰেমতো পৰে।
এমাহ জেলত থকাৰ পিছত মুকেশ-পূজাই বিয়াৰ সিদ্ধান্ত লয়। ২০১৩ চনৰ ১৪ অক্টোবৰত জেলত থকাৰ সময়তে পূজাই প্ৰেমিক মুকেশৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
গেংষ্টাৰ দম্পতীহালৰ বিবাহৰ সাক্ষী হৈছিল তেতিয়াৰ মুজাফ্ফৰপুৰৰ এছ পি হিমাংশু ত্ৰিবেদী আৰু অন্যান্য প্ৰশাসনিক বিষয়াই। কন্যাদান কৰে তেতিয়াৰ জেলসুপাৰ ৰামচন্দ্ৰ ছাফীয়ে।
বিয়া হ’লেও মুকেশ আৰু পূজাৰ মিলন হ’ব পৰা নাছিল। জেলত লগ পোৱাৰ সুযোগ খুব কমেইহে পাইছিল। প্ৰায় দুবছৰৰ পাছত সহকাৰী জেল ছুপাৰৰ কাৰ্যালয়ত জেলৰ কেইজনমান কৰ্মচাৰীৰ সহায়ত দম্পতিহালে এক লগ হোৱাৰ সুযোগ পালে। দুয়োৰে মাজত সংগম হয়।
২০১৫ চনৰ জুলাই মাহত শাৰীৰিক অসুস্থতাৰ বাবে মুকেশক শিৱহাৰ সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ সময়তে তেওঁ আৰক্ষী জোৱানসকলক টোপনিৰ ঔষধ খুৱাই পলায়ন কৰে।
কিছুদিনৰ ভিতৰতে পূজাও হঠাৎ অসুস্থ হৈ পৰিল। পূজাক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে জনোৱা মতে, পূজা ১২ সপ্তাহ গৰ্ভৱতী। এই খবৰ শুনি জেল কৰ্তৃপক্ষই স্তম্ভিত হৈ পৰে। প্ৰশ্ন উত্থাপন হ’ল, কাৰাগাৰত এজন কয়দী কেনেকৈ গৰ্ভৱতী হ’ব পাৰে!
তদন্তত পোহৰলৈ আহে যে শিৱহাৰ জেলতে পূজাই গৰ্ভৱতী হৈছিল। এই খবৰৰ পিছতে নিলম্বন কৰা হ’ল জেলৰ অধীক্ষক।
পূজাৰ স্বাস্থ্যৰ অৱনতি ঘটাত মুজাফ্ফৰপুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাতেই ২০১৬ চনৰ ১ মাৰ্চত কন্যা সন্তান জন্ম দিয়ে। সুস্থ হৈ উঠাৰ পাছত পুনৰ জেললৈ যাব লগা হৈছে পূজা।
আৰক্ষীয়ে পূজাৰ কুখ্যাত গেংষ্টাৰ স্বামী মুকেশক বিচাৰিবলৈ আৰম্ভ কৰে। দৰভঙাৰ অভিযন্তা হত্যাকাণ্ডৰ মূল অভিযুক্তও আছিল তেওঁ।
কাৰাগাৰত থকাৰ সময়ত পূজাক আন কেইবাটাও অপহৰণ, ধন দাবী আৰু ডকাইতিৰ গোচৰত দোষী সাব্যস্ত কৰে আদালতে। কাৰাগাৰত থকাৰ সময়তো পূজাৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ উঠি আহিছে।