--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানে জিলাত অৱস্থিত অম্বৰনাথৰ এটা ছাগলীৰ মৃত্যু বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। শ্বেৰু নামৰ এই ছাগলীটোৰ দেহত উৰ্দু ভাষাত ‘আল্লা’ আৰু ‘মহম্মদ’ লিখা আছিল। এই ছাগলীটোৰ মালিক শ্বাকিলে মূল্য ১ কোটি ১২ লাখ ৭৮৬ টকা নিৰ্ধাৰণ কৰিছিল।

এইবাৰ বকৰিদ উপলক্ষে ভাল দামত ছাগলীটো বিক্ৰী কৰাৰ আশা শ্বাকিলে কৰিছিল যদিও ছাগলীটোৰ হঠাৎ মৃত্যু হোৱাৰ ফলত পৰিয়ালটো শোকত ভাগি পৰিছিল।

অম্বাৰনাথ ৰেলৱে ষ্টেচনৰ সন্মুখৰ পথত কাপোৰ বিক্ৰী কৰি পৰিয়াল চলাই থকা শ্বাকীলৰ ছাগলী পালন এটা চখ। তেওঁ বহু বছৰ ধৰি ছাগলী পালন কৰি আহিছে, যিসমূহ তেওঁ আগতে বকৰিদ উপলক্ষে বিক্ৰী কৰি ভাল উপাৰ্জন কৰিছিল।


প্ৰায় দুবছৰ আগতে তেওঁৰ তত্বাৱধানত থকা এটা ছাগলীয়ে এটা অতি ধুনীয়া পোৱালি দিছিল। শ্বাকিলৰ ল’ৰা-ছোৱালীয়ে তাৰ নাম ৰাখিলে শ্বেৰু।শ্বাকীলে ছাগলীটো বহুত মৰমেৰে ডাঙৰ-দীঘল কৰিবলৈ ধৰিলে। তেওঁ প্ৰতিদিনে আপেল, আঙুৰ, কাজু,বাদাম আদি বস্তু খুৱাবলৈ ধৰিলে। এই খাদ্যৰ ফলস্বৰূপে দুবছৰীয়া শ্বেৰুৰ ​​ওজন প্ৰায় ১০০ কিলোগ্ৰাম হৈ পৰিল৷ কিন্তু  ইয়াৰ মাজতে শ্বেৰুৰ ​​স্বাস্থ্যৰ অৱনতি ঘটে।


শ্বাকিলৰ মতে, তেওঁ ইয়াৰ বাবে বহু চিকিৎসা কৰাইছিল। তেওঁ কয় যে শ্বেৰুক দৈনিক দুহাজাৰ টকাৰ ঔষধ দিয়া হৈছিল, কিন্তু এই ঔষধবোৰে কাম নকৰিলে আৰু তাৰ পাছত হঠাতে এদিন শ্বেৰুৰ মৃত্যু হ’ল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement