--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো যাত্ৰীয়ে বাছত ছিটৰ আশা কৰিয়ে বাছত উঠে। বহিবলৈ ছিট নাথাকিলে থিয় হৈ যোৱা হয় আৰু বাৰে বাৰে চকু দি থকা হয় কোনোবা যাত্ৰী নামিছে নেকি কোনো ষ্টপেজত যাতে ছিটটো লব পৰা যায়। এজন যাত্ৰী নামি যোৱাৰ লগে লগে থিয় হৈ যোৱা যাত্ৰীজনে ছিটটো পোৱাৰ পাছত তেওঁৰ মন আনন্দৰে ভৰি পৰে। দৈনিক চিটি বাছত যাত্ৰা কৰা লোকসকলে এই কথা ভালকৈয়ে অনুভৱ কৰিব পাৰিব। 

পাছে আপুনি কেতিয়াবা বাছৰ ছিটক লৈ যাত্ৰীয়ে কাজিয়া কৰা দেখিছেনে? শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখিবলৈ পোৱা গৈছে বাছৰ এটা ছিটক লৈ দুই মহিলাৰ মাজত প্ৰচণ্ড কাজিয়া। ঘটনাটো কৰ্ণাটকৰ।  

কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ গঠনৰ পিছত মহিলাসকলৰ বাবে ‘শক্তি যোজনা’ ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে মহিলাসকলে বাছত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। এই আঁচনিৰ ঘোষণাৰ পিছত এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত যাত্ৰীৰে ভৰা এখন বাছত ছিটৰ বাবে যুঁজ দিছে দুগৰাকী মহিলাই।


তথ্য অনুসৰি এই বাছখন মহীশূৰৰ পৰা চামুণ্ডি পাহাৰলৈ গৈ আছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছত এটা ছিটক লৈ দুগৰাকী মহিলাৰ মাজত কাজিয়া হৈছে। দুয়োগৰাকীয়ে ইজনে সিজনৰ চুলি টানিছে, ঘুচা আৰু চৰ মাৰিছে। বাছখনৰ বাকী যাত্ৰীসকলে দুয়োকে ৰখাবলৈ চেষ্টা কৰিছে।

জানিব পৰা মতে, দুয়োৰে মাজত কাজিয়াৰ কাৰণ হ’ল এগৰাকী মহিলাই বাছখনত ছিট ৰিজাৰ্ভ কৰিবলৈ নিজৰ ৰুমালখন ৰাখিছিল। ইফালে আন এগৰাকী মহিলা আহি ৰুমালখন আঁতৰাই তাতেই বহিল। তাৰপাছতে দুয়োৰে মাজত তৰ্কাতৰ্কি হ’ল আৰু অলপ পাছতে তৰ্কটো প্ৰচণ্ড কাজিয়ালৈ পৰিণত হ’ল।

এই ভিডিঅ'টো বাছখনত এজন যাত্ৰীয়ে শ্বুট কৰিছিল আৰু তাৰপাছত এই ভিডিঅ'টো ফেচবুক, টুইটাৰকে ধৰি ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এতিয়া ভাইৰেল হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে