--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো যাত্ৰীয়ে বাছত ছিটৰ আশা কৰিয়ে বাছত উঠে। বহিবলৈ ছিট নাথাকিলে থিয় হৈ যোৱা হয় আৰু বাৰে বাৰে চকু দি থকা হয় কোনোবা যাত্ৰী নামিছে নেকি কোনো ষ্টপেজত যাতে ছিটটো ল’ব পৰা যায়। এজন যাত্ৰী নামি যোৱাৰ লগে লগে থিয় হৈ যোৱা যাত্ৰীজনে ছিটটো পোৱাৰ পাছত তেওঁৰ মন আনন্দৰে ভৰি পৰে। দৈনিক চিটি বাছত যাত্ৰা কৰা লোকসকলে এই কথা ভালকৈয়ে অনুভৱ কৰিব পাৰিব। 

পাছে আপুনি কেতিয়াবা বাছৰ ছিটক লৈ যাত্ৰীয়ে কাজিয়া কৰা দেখিছেনে? শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখিবলৈ পোৱা গৈছে বাছৰ এটা ছিটক লৈ দুই মহিলাৰ মাজত প্ৰচণ্ড কাজিয়া। ঘটনাটো কৰ্ণাটকৰ।  

কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ গঠনৰ পিছত মহিলাসকলৰ বাবে ‘শক্তি যোজনা’ ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে মহিলাসকলে বাছত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। এই আঁচনিৰ ঘোষণাৰ পিছত এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত যাত্ৰীৰে ভৰা এখন বাছত ছিটৰ বাবে যুঁজ দিছে দুগৰাকী মহিলাই।


তথ্য অনুসৰি এই বাছখন মহীশূৰৰ পৰা চামুণ্ডি পাহাৰলৈ গৈ আছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে কৰ্ণাটক ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছত এটা ছিটক লৈ দুগৰাকী মহিলাৰ মাজত কাজিয়া হৈছে। দুয়োগৰাকীয়ে ইজনে সিজনৰ চুলি টানিছে, ঘুচা আৰু চৰ মাৰিছে। বাছখনৰ বাকী যাত্ৰীসকলে দুয়োকে ৰখাবলৈ চেষ্টা কৰিছে।

জানিব পৰা মতে, দুয়োৰে মাজত কাজিয়াৰ কাৰণ হ’ল এগৰাকী মহিলাই বাছখনত ছিট ৰিজাৰ্ভ কৰিবলৈ নিজৰ ৰুমালখন ৰাখিছিল। ইফালে আন এগৰাকী মহিলা আহি ৰুমালখন আঁতৰাই তাতেই বহিল। তাৰপাছতে দুয়োৰে মাজত তৰ্কাতৰ্কি হ’ল আৰু অলপ পাছতে তৰ্কটো প্ৰচণ্ড কাজিয়ালৈ পৰিণত হ’ল।

এই ভিডিঅ'টো বাছখনত এজন যাত্ৰীয়ে শ্বুট কৰিছিল আৰু তাৰপাছত এই ভিডিঅ'টো ফেচবুক, টুইটাৰকে ধৰি ছ'চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এতিয়া ভাইৰেল হৈ পৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু