--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৩ মে’ৰ পৰা উত্তপ্ত হৈ আছে মণিপুৰ৷ ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায় কুকি আৰু মেইটেইৰ মাজৰ জাতিগত সংঘৰ্ষই জটিল ৰূপ ধাৰণ কৰিছে৷ এই সংঘাত-সংঘৰ্ষত এইপৰ্যন্ত ১১৩গৰাকী লোকৰ মৃত্যু হৈছে৷ আহত হৈছে প্ৰায় ২৪০গৰাকী লোক৷ 

৫০ দিনে জ্বলি থকা মণিপুৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উচ্চাৰণ কৰা নাই এটাও শব্দ৷ ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলক ‘অষ্টলক্ষ্মী’ বুলি অভিহিত কৰা প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিত ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে৷ মোদীৰ মৌনতাক লৈ দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ৷ দেশৰ বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীৰ মৌনতাক সমালোচনা কৰিছে৷ 

প্ৰধানমন্ত্ৰীগৰাকীৰ নীৰৱতাই অধিক ক্ষোভিত কৰি তুলিছে মণিপুৰবাসীক৷ একেসময়তে মোদীৰ নীৰৱতাই সৃষ্টি কৰিছে ৰহস্যৰ৷ মণিপুৰৰ ক্ষেত্ৰত নীৰৱ প্ৰধানমন্ত্ৰীগৰাকী সম্প্ৰতি আমেৰিকা ভ্ৰমণত ব্যস্ত৷ মণিপুৰত ‘ডাবল ইঞ্জিন’ৰ চৰকাৰ বুলি অভিহিত কৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক বুধবাৰে চোকা সমালোচনা কৰিছিল কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীয়ে৷

 ছোনিয়া গান্ধীয়ে বুধবাৰে মণিপুৰত শান্তিৰ বাবে আহ্বান জনাই এটা ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰিছিল৷ ছোনিয়া গান্ধীয়ে মণিপুৰৰ জনসাধাৰণক বিশ্বাসৰ বাতাবৰণ পুনৰ গঢ়ি তুলিবলৈ আৰু আহ্বান জনায়। গান্ধীয়ে কয় যে মণিপুৰৰ ইতিহাসত সকলো জাতি, ধৰ্ম আৰু পৃষ্ঠভূমিৰ লোকসকলক আকোৱালি লোৱাৰ সামৰ্থ আৰু এক বৈচিত্ৰ্যপূৰ্ণ সমাজৰ অজস্ৰ সম্ভাৱনাৰ প্ৰমাণ। তেওঁ উল্লেখ কৰে, ভাতৃত্ববোধ কঢ়িয়াই আনিবলৈ বিশ্বাস আৰু সদিচ্ছাৰ প্ৰয়োজন আৰু ঘৃণা আৰু বিভাজনৰ জুই দিবলৈ মাথোঁ এটা ভুল পদক্ষেপৰ প্ৰয়োজন।

কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে কৈছিল যে এগৰাকী মাতৃ হিচাপে তেওঁ তেওঁলোকৰ বেদনাক উপলব্ধি কৰিছে৷ কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত মণিপুৰত বিভাজনমূলক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে আৰু অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰখনে উত্তৰ-পূবৰ ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখাত ব্যৰ্থ হৈছে।


আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা ভ্ৰমণত থাকোতেই কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰিছে সৰ্বদলীয় বৈঠক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২৪ জুনত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে৷

ইপিনে, ১০টা বিৰোধী দলে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰে। মঙলবাৰে ১০টা বিৰোধী দলৰ নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ জনসাধাৰণৰ অনুভূতিক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কেন্দ্ৰ আৰু উত্তৰ-পূবৰ ৰাজ্যখনৰ বিজেপি চৰকাৰৰ হিংসাপীড়িত ৰাজ্যখনত শান্তি পুনৰুদ্ধাৰৰ সংকল্প প্ৰদৰ্শন নকৰাৰ কোনো গোপন কাৰ্যসূচী আছে নেকি বুলিও আশ্চৰ্য প্ৰকাশ কৰে৷ 

প্ৰধানমন্ত্ৰী মোদীৰ মৌনতা সন্দৰ্ভত আজি মুখ খুলিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও৷ গান্ধীয়ে বৃহস্পতিবাৰে মণিপুৰত সংঘৰ্ষক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি এই বিষয়ত প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। তেওঁ লগতে কয় যে সৰ্বদলীয় বৈঠকখন এনে এটা সময়ত আহ্বান কৰা হৈছে যিসময়ত স্বয়ং প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশত নাই৷ ৰাহুল গান্ধীৰ মতে, ইয়ে প্ৰমাণ কৰে এই বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ বাবে গুৰুত্বপূৰ্ণ নহয়৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement