--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত থকাৰ মাজতে আজি এক সাক্ষাৎকাৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰে প্ৰধানমন্ত্ৰী মোদী সম্পৰ্কে কেতবোৰ মন্তব্য কৰিছে৷ সাংসদ শশী থাৰুৰে আজি প্ৰধানমন্ত্ৰী মোদীৰ ভাষিক দক্ষতাক ‘চিত্তাকৰ্ষক’ বুলি প্ৰশংসা কৰে কিন্তু ভাষ্য আৰু ৰূপায়ণৰ মাজত সংযোগ বিচ্ছিন্ন হোৱাৰ বাবে সেয়া এক দুৰ্বলতা বুলিও তেওঁ অভিহিত কৰে৷

প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত থাৰুৰে কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হ’লে তেওঁ কি কৰিব আৰু আগন্তুক প্ৰত্যাহ্বানসমূহ সম্পৰ্কেও ব্যাখ্যা কৰে৷ যিটোৱে প্ৰধানমন্ত্ৰী মোদীক আলোচনালৈ আনিছিল যিহেতু বিজেপি কংগ্ৰেছৰ আটাইতকৈ নিকট প্ৰতিদ্বন্দ্বী।

তেওঁ কয়, মই ভাবো প্ৰধানমন্ত্ৰী মোদীৰ ভাষ্য সম্পূৰ্ণৰূপে আকৰ্ষণীয় আৰু চিত্তাকৰ্ষক। তেওঁ সম্ভৱতঃ হিন্দীৰ সৰ্বশ্ৰেষ্ঠ বক্তা যিটো আমাৰ দেশে দেখিছে, যদিও কোনোবাই যুক্তি দিব যে অটল বিহাৰী বাজপেয়ীৰো সেই খ্যাতি আছিল তথাপি মোদী অধিক কাৰ্যকৰী। তেওঁ অধিক নাটকীয় আৰু অধিক কাৰ্যকৰী৷ কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ বাবে আজি মনোননয়ন পত্ৰ দাখিল কৰা থাৰুৰে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰে এই সাক্ষাৎকাৰত এই মন্তব্য কৰে৷

থাৰুৰৰ মতে প্ৰধানমন্ত্ৰী মোদীৰ দুৰ্বলতা হৈছে তেওঁ লোকসকলক কোৱা কথা আৰু তেওঁলোকৰ কাৰ্যকৰীকৰণৰ মাজত সংযোগ বিচ্ছিন্ন হোৱা। তেওঁ লগতে কয়, মোদীয়ে উত্তম ভাষণ দিয়ে য’ত তেওঁ সমস্যাবোৰ নিৰ্ণয় কৰে আৰু আনকি সমাধানৰ পৰামৰ্শ দিয়া যেন লাগে। কিন্তু তাৰ পাছত তাৰ ওলোটাটো হয়৷ বিমুদ্ৰাকৰণ ইয়াৰ এটা ডাঙৰ উদাহৰণ৷
 
থাৰুৰে কংগ্ৰেছৰ আভ্যন্তৰীণ নিৰ্বাচনত দলৰ সহকৰ্মী মল্লিকাৰ্জুন খাৰ্গেৰ মুখামুখি হৈছে৷ কেৰালাৰ সাংসদগৰাকীয়ে এই নিৰ্বাচন বন্ধুত্বপূৰ্ণ হ’ব আৰু প্ৰতিদ্বন্দীৰ মাজত যুদ্ধ নহয়।

উল্লেখ্য, কংগ্ৰেছৰ নতুন সভাপতিগৰাকীৰ সন্মুখত এই বছৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ পৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈকে এক দীঘলীয়া পৰিক্ৰমাত অৱতীৰ্ণ হ'ব লাগিব৷ আনকি, দলটোৰ নৱনিৰ্বাচিত মুৰব্বীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিৰ দৰে নতুন প্ৰত্যাহ্বানকাৰীৰ পৰাও কংগ্ৰেছক ৰক্ষা কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক