--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলটোৱে পোনে পোনে গৈ মিডল ষ্টাম্প ভাঙে। বলাৰজনে ন’বল কৰা নাই। বলটো আছিল একেবাৰে আইনী। কিন্তু বলাৰগৰাকীৰ আউটৰ আবেদন নাকচ কৰা হয়। অপৰাজিত হৈ থাকিল বেটছমেনগৰাকী। এনে এক নতুন ঘটনা সংঘটিত হৈছিল অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ এখন ক্লাব ক্ৰিকেট খেলত। যদিও বেটাৰ ব’ল্ড হৈছিল, আম্পায়াৰসকলে আউট দিয়া নাছিল। মিডল-ষ্টাম্পটো যথেষ্ট লৰচৰ কৰাৰ পিছতো বল দুটা লেগ আৰু অফ-ষ্টাম্পত আাঘাট কৰা নাছিল। এই অদ্ভুত ঘটনাৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বল কৰাৰ পিছতো বেটাৰজন কিয় আউট নহয়? অষ্ট্ৰেলিয়াৰ বেটছমেনগৰাকীক ৰক্ষা কৰে মেৰ্লব’ৰ্ণ ক্ৰিকেট ক্লাবৰ ২৯ নম্বৰ নিয়মে। এম চি চিৰ নিয়ম অনুসৰি এজন বেটছমেনক আউট কৰিবলৈ এটা উইকেট সম্পূৰ্ণৰূপে ভাঙিব লাগিব। অষ্ট্ৰেলিয়াৰ ক্লাব ক্ৰিকেটৰ এই ঘটনাত মাজৰ ষ্টাম্পটো বহু পিছুৱাই গৈছিল যদিও বল দুটা অদ্ভুতভাৱে লেগ আৰু অফ-ষ্টাম্পত আবদ্ধ হৈ পৰিছিল। মাজৰ ষ্টাম্পটোও মাটিৰ পৰা সম্পূৰ্ণৰূপে উভালি যোৱা নাই। অৰ্থাৎ উইকেট সম্পূৰ্ণ ভাঙি যোৱা নাই। গতিকে ক্ৰিকেটৰ নিয়ম অনুসৰি বেটছমেন আউট নহয়। ফিল্ডিং দলটোৱে আউটৰ বাবে আবেদন কৰাৰ পিছত কিছু আলোচনাৰ অন্তত আম্পায়াৰসকলে বেটছমেনক আউট নিদিলে।

এই সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। মাজৰ ষ্টাম্পটো আঁতৰোৱাৰ পিছতো ষ্টাম্পটোৰ ওপৰৰ বেল দুটা কেনেকৈ এটা দিশত সমৰ্থন নোহোৱাকৈ আবদ্ধ হৈ থাকিল, সেয়া আছিল এক আচৰিত কথা। কিন্তু ২০১৭ চনত ঠিক তেনেকুৱা এটা কাণ্ডত বেটছমেনক দিয়া হৈছিল। অষ্ট্ৰেলিয়াত অনুষ্ঠিত ক্লাব ক্ৰিকেট খেলত ভাৰতীয় মূলৰ বেটছমেন জ্যোতিন্দৰ সিঙক আউট কৰা হয়। মাজৰ ষ্টাম্পটো লৰচৰ কৰাৰ পিছতো বেলে আন দুটা ষ্টাম্পত অদ্ভুত ধৰণে আবদ্ধ হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক