--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলটোৱে পোনে পোনে গৈ মিডল ষ্টাম্প ভাঙে। বলাৰজনে ন’বল কৰা নাই। বলটো আছিল একেবাৰে আইনী। কিন্তু বলাৰগৰাকীৰ আউটৰ আবেদন নাকচ কৰা হয়। অপৰাজিত হৈ থাকিল বেটছমেনগৰাকী। এনে এক নতুন ঘটনা সংঘটিত হৈছিল অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ এখন ক্লাব ক্ৰিকেট খেলত। যদিও বেটাৰ ব’ল্ড হৈছিল, আম্পায়াৰসকলে আউট দিয়া নাছিল। মিডল-ষ্টাম্পটো যথেষ্ট লৰচৰ কৰাৰ পিছতো বল দুটা লেগ আৰু অফ-ষ্টাম্পত আাঘাট কৰা নাছিল। এই অদ্ভুত ঘটনাৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বল কৰাৰ পিছতো বেটাৰজন কিয় আউট নহয়? অষ্ট্ৰেলিয়াৰ বেটছমেনগৰাকীক ৰক্ষা কৰে মেৰ্লব’ৰ্ণ ক্ৰিকেট ক্লাবৰ ২৯ নম্বৰ নিয়মে। এম চি চিৰ নিয়ম অনুসৰি এজন বেটছমেনক আউট কৰিবলৈ এটা উইকেট সম্পূৰ্ণৰূপে ভাঙিব লাগিব। অষ্ট্ৰেলিয়াৰ ক্লাব ক্ৰিকেটৰ এই ঘটনাত মাজৰ ষ্টাম্পটো বহু পিছুৱাই গৈছিল যদিও বল দুটা অদ্ভুতভাৱে লেগ আৰু অফ-ষ্টাম্পত আবদ্ধ হৈ পৰিছিল। মাজৰ ষ্টাম্পটোও মাটিৰ পৰা সম্পূৰ্ণৰূপে উভালি যোৱা নাই। অৰ্থাৎ উইকেট সম্পূৰ্ণ ভাঙি যোৱা নাই। গতিকে ক্ৰিকেটৰ নিয়ম অনুসৰি বেটছমেন আউট নহয়। ফিল্ডিং দলটোৱে আউটৰ বাবে আবেদন কৰাৰ পিছত কিছু আলোচনাৰ অন্তত আম্পায়াৰসকলে বেটছমেনক আউট নিদিলে।

এই সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। মাজৰ ষ্টাম্পটো আঁতৰোৱাৰ পিছতো ষ্টাম্পটোৰ ওপৰৰ বেল দুটা কেনেকৈ এটা দিশত সমৰ্থন নোহোৱাকৈ আবদ্ধ হৈ থাকিল, সেয়া আছিল এক আচৰিত কথা। কিন্তু ২০১৭ চনত ঠিক তেনেকুৱা এটা কাণ্ডত বেটছমেনক দিয়া হৈছিল। অষ্ট্ৰেলিয়াত অনুষ্ঠিত ক্লাব ক্ৰিকেট খেলত ভাৰতীয় মূলৰ বেটছমেন জ্যোতিন্দৰ সিঙক আউট কৰা হয়। মাজৰ ষ্টাম্পটো লৰচৰ কৰাৰ পিছতো বেলে আন দুটা ষ্টাম্পত অদ্ভুত ধৰণে আবদ্ধ হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু