--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলদৰ গাখীৰ খীৰোৱাৰ চেষ্টা কৰিছে উত্তৰ প্ৰদেশৰ  যোগীৰ চৰকাৰে। যোগী আদিত্যনাথৰ চৰকাৰে শেহতীয়াকৈ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ৰ সৈতে ৩৫ হাজাৰ  কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কিন্তু অভিযোগ অনুসৰি উক্ত বিশ্ববিদ্যালয় খনত কোনো এজন  শিক্ষাৰ্থীয়েই অধ্যয়ন কৰি নাই।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে আমেৰিকাৰ অষ্টিন বিশ্ববিদ্যালয়ৰ সৈতে পঁয়ত্ৰিশ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে। যোগী চৰকাৰৰ এনে পদক্ষেপকলৈ  এতিয়া প্ৰশ্নৰ উত্থাপন  হৈছে।অলপতে  উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ কেইজনমান মন্ত্ৰী আৰু বিষয়াসকলে আমেৰিকা ভ্ৰমণ কৰিছিল| এই সময়ছোৱাতে যোগী চৰকাৰৰ মন্ত্ৰীসকলে উত্তৰ প্ৰদেশত এখন জ্ঞান স্মাৰ্ট চিটি নিৰ্মাণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰান্সিস্কোৰ অষ্টিন বিশ্ববিদ্যালয়ৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰে| অষ্টিন বিশ্ববিদ্যালয়ে উত্তৰ প্ৰদেশত ৫ হাজাৰ  একৰ ভূমিত  এখন নলেজ চিটি   নিৰ্মাণ কৰিব|
 
কিন্তু উত্তৰ প্ৰদেশ চৰকাৰৰ এই চুক্তি প্ৰশ্নৰ সন্মুখীন হৈছে| প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশ চৰকাৰৰ চুক্তিত উল্লেখ কৰা অষ্টিন বিশ্ববিদ্যালয়ত এজনো শিক্ষাৰ্থী অধ্যয়ন নাই| বিশ্ববিদ্যালয়খনৰ স্বীকৃতিও বাতিল কৰা হৈছে| অষ্টিন বিশ্ববিদ্যালয়ত বৰ্তমান ২৫ জন অনুষদ সদস্য আছে|কেলিফৰ্ণিয়াৰ উপভোক্তা পৰিক্ৰমা বিভাগৰ এক নিৰ্দেশ অনুসৰি অষ্টিন বিশ্ববিদ্যালয়ে ২০১১ চনত এখন  ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান চলাবলৈ অনুমতি লাভ কৰিছিল| পিছত সেই অনুমতিও  ২০২২ চনৰ ৮ ডিচেম্বৰত বাতিল কৰা হৈছিল| কেৱল এয়াই নহয় বিশ্ববিদ্যালয়খনক ৯৯৬৫ ডলাৰ জৰিমনাও বিহা  হৈছিল|

এই তথ্য ফাদিল হোৱাৰ পিছতে  সমাজবাদী পাৰ্টিয়ে যোগী চৰকাৰক আক্ৰমণৰ  লক্ষ্য কৰি কয় যে মাত্ৰ ২৫ জন লোকে আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত কাম কৰে, য'ত এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন নকৰে| সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কয়, "উত্তৰ প্ৰদেশত বিনিয়োগ অনাৰ নামত মন্ত্ৰীসকলক ৰাজহুৱা ধনৰ শৰাধ কৰিছে  আৰু মিছা প্ৰতিশ্ৰুতি দি অবান্তৰ  প্ৰচাৰ চলোৱা হৈছে"।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু