--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলদৰ গাখীৰ খীৰোৱাৰ চেষ্টা কৰিছে উত্তৰ প্ৰদেশৰ  যোগীৰ চৰকাৰে। যোগী আদিত্যনাথৰ চৰকাৰে শেহতীয়াকৈ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশ্ববিদ্যালয়ৰ সৈতে ৩৫ হাজাৰ  কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কিন্তু অভিযোগ অনুসৰি উক্ত বিশ্ববিদ্যালয় খনত কোনো এজন  শিক্ষাৰ্থীয়েই অধ্যয়ন কৰি নাই।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে আমেৰিকাৰ অষ্টিন বিশ্ববিদ্যালয়ৰ সৈতে পঁয়ত্ৰিশ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে। যোগী চৰকাৰৰ এনে পদক্ষেপকলৈ  এতিয়া প্ৰশ্নৰ উত্থাপন  হৈছে।অলপতে  উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ কেইজনমান মন্ত্ৰী আৰু বিষয়াসকলে আমেৰিকা ভ্ৰমণ কৰিছিল| এই সময়ছোৱাতে যোগী চৰকাৰৰ মন্ত্ৰীসকলে উত্তৰ প্ৰদেশত এখন জ্ঞান স্মাৰ্ট চিটি নিৰ্মাণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চান ফ্ৰান্সিস্কোৰ অষ্টিন বিশ্ববিদ্যালয়ৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰে| অষ্টিন বিশ্ববিদ্যালয়ে উত্তৰ প্ৰদেশত ৫ হাজাৰ  একৰ ভূমিত  এখন নলেজ চিটি   নিৰ্মাণ কৰিব|
 
কিন্তু উত্তৰ প্ৰদেশ চৰকাৰৰ এই চুক্তি প্ৰশ্নৰ সন্মুখীন হৈছে| প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশ চৰকাৰৰ চুক্তিত উল্লেখ কৰা অষ্টিন বিশ্ববিদ্যালয়ত এজনো শিক্ষাৰ্থী অধ্যয়ন নাই| বিশ্ববিদ্যালয়খনৰ স্বীকৃতিও বাতিল কৰা হৈছে| অষ্টিন বিশ্ববিদ্যালয়ত বৰ্তমান ২৫ জন অনুষদ সদস্য আছে|কেলিফৰ্ণিয়াৰ উপভোক্তা পৰিক্ৰমা বিভাগৰ এক নিৰ্দেশ অনুসৰি অষ্টিন বিশ্ববিদ্যালয়ে ২০১১ চনত এখন  ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান চলাবলৈ অনুমতি লাভ কৰিছিল| পিছত সেই অনুমতিও  ২০২২ চনৰ ৮ ডিচেম্বৰত বাতিল কৰা হৈছিল| কেৱল এয়াই নহয় বিশ্ববিদ্যালয়খনক ৯৯৬৫ ডলাৰ জৰিমনাও বিহা  হৈছিল|

এই তথ্য ফাদিল হোৱাৰ পিছতে  সমাজবাদী পাৰ্টিয়ে যোগী চৰকাৰক আক্ৰমণৰ  লক্ষ্য কৰি কয় যে মাত্ৰ ২৫ জন লোকে আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত কাম কৰে, য'ত এগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন নকৰে| সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে কয়, "উত্তৰ প্ৰদেশত বিনিয়োগ অনাৰ নামত মন্ত্ৰীসকলক ৰাজহুৱা ধনৰ শৰাধ কৰিছে  আৰু মিছা প্ৰতিশ্ৰুতি দি অবান্তৰ  প্ৰচাৰ চলোৱা হৈছে"।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক