--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত কোভিডৰ নতুন প্ৰজাতিয়ে সংহাৰৰ সৃষ্টি কৰাৰ সময়তে ভাৰততো বহু কেইজন লোক সেই নতুন প্ৰজাতিত আক্ৰান্ত  হৈছে। এনে সময়তে কেন্দ্ৰীয়  চৰকাৰে নৱবৰ্ষ আৰু বৰদিনৰ উলাহৰ মাজতে যাতে কোভিডত অধিক হাৰত বিয়পি পৰিব নোৱোৰে তাৰ বাবে কেইবাটাও গাইডলাইন জাৰি কৰিছে। মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে দিয়া  মৌলিক পৰামৰ্শ কেইটা এনেধৰণৰ :

মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখা

কৰোনা ভাইৰাছৰ সংক্ৰমণ  বৃদ্ধি হোৱা আৰু ভাৰতত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ বাবে মাস্ক পৰিধান কৰা  আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে   আহ্বান জনোৱা হৈছে। এইটোও কোৱা হৈছে যে এবিশেষকৈ বিমানত ভ্ৰমণকাৰীসকলে  সেয়া কৰিবই লাগিব। যিসকল যাত্ৰীৰ দেহত কোভিডৰ  লক্ষণে দেখা দিছে  তেওঁলোকে পৃথক  হৈ থকা  উচিত।

কোভিডৰ ৰেনডম  পৰীক্ষা
বিমানবন্দৰত কোভিডৰ পৰীক্ষা পুনৰ কৰা হৈছে। বিভিন্ন দেশৰ পৰা অহা যাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰখা  হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ক ২৪ ডিচেম্বৰৰ পৰা প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় বিমানেৰে  ভাৰতলৈ অহা ২ শতাংশ যাত্ৰীৰ বিমানবন্দৰত ৰেনডম    কোভিড পৰীক্ষা নিশ্চিত কৰিবলৈও কৈছে।

কোভিডৰ পৰীক্ষা বৃদ্ধি
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নতুন প্ৰকাৰৰসংক্ৰমণ ৰোধ কৰিবলৈ  পৰীক্ষা বৃদ্ধি কৰিবলৈ কৈছে।

বুষ্টাৰ পালি বৃদ্ধিৰ বাবে পঞ্জীয়ন
কো-উইন ৱেবছাইট আৰু পৰ্টেলত বুষ্টাৰ পালিৰ বাবে পঞ্জীয়ন বৃদ্ধি কৰিবলৈ কোৱা হৈছে।  চীনত কৰোনা ৰোগীৰ বৃদ্ধিৰ বাবে, মানুহে এতিয়া ভাৰততো সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি কোৱা হৈছে। 

সমাৱেশ পৰিহাৰ কৰক
ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ) লোকসকলক বিবাহ অনুষ্ঠান, ৰাজনৈতিক বা সামাজিক সভাৰ দৰে ৰাজহুৱা সমাৱেশ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে। আই.এম.এ.-য়ে লগতে কৈছে যে অতি প্ৰয়োজন নহ’লে  আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ পৰিহাৰ কৰিব লাগে

চিকিৎসকৰ পৰামৰ্শ
জ্বৰ, ডিঙিৰ বিষ, কাহ আদিৰ  দৰে লক্ষণে দেখা দিলে   চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে বুলিও চৰকাৰে কৈছে।

ভ্ৰমণৰ কোনো সীমাবদ্ধতা নাই
এতিয়ালৈকে চৰকাৰে দেশৰ ভিতৰত বা বাহিৰত কোনো ভ্ৰমণৰ সীমাবদ্ধতাৰ বিষয়ে অৱগত কৰা নাই। অৱশ্যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে  পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে। 

নিডল ফ্ৰী ভেকছিন
নিডল ফ্ৰী ভেকছিন ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰতো উপলব্ধ হ'ব আৰু শুক্ৰবাৰে সন্ধিয়া কো-উইন প্লেটফৰ্মত প্ৰৱৰ্তন কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক