--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনত কোভিডৰ নতুন প্ৰজাতিয়ে সংহাৰৰ সৃষ্টি কৰাৰ সময়তে ভাৰততো বহু কেইজন লোক সেই নতুন প্ৰজাতিত আক্ৰান্ত  হৈছে। এনে সময়তে কেন্দ্ৰীয়  চৰকাৰে নৱবৰ্ষ আৰু বৰদিনৰ উলাহৰ মাজতে যাতে কোভিডত অধিক হাৰত বিয়পি পৰিব নোৱোৰে তাৰ বাবে কেইবাটাও গাইডলাইন জাৰি কৰিছে। মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে দিয়া  মৌলিক পৰামৰ্শ কেইটা এনেধৰণৰ :

মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখা

কৰোনা ভাইৰাছৰ সংক্ৰমণ  বৃদ্ধি হোৱা আৰু ভাৰতত কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ বাবে মাস্ক পৰিধান কৰা  আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে   আহ্বান জনোৱা হৈছে। এইটোও কোৱা হৈছে যে এবিশেষকৈ বিমানত ভ্ৰমণকাৰীসকলে  সেয়া কৰিবই লাগিব। যিসকল যাত্ৰীৰ দেহত কোভিডৰ  লক্ষণে দেখা দিছে  তেওঁলোকে পৃথক  হৈ থকা  উচিত।

কোভিডৰ ৰেনডম  পৰীক্ষা
বিমানবন্দৰত কোভিডৰ পৰীক্ষা পুনৰ কৰা হৈছে। বিভিন্ন দেশৰ পৰা অহা যাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰখা  হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ক ২৪ ডিচেম্বৰৰ পৰা প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় বিমানেৰে  ভাৰতলৈ অহা ২ শতাংশ যাত্ৰীৰ বিমানবন্দৰত ৰেনডম    কোভিড পৰীক্ষা নিশ্চিত কৰিবলৈও কৈছে।

কোভিডৰ পৰীক্ষা বৃদ্ধি
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নতুন প্ৰকাৰৰসংক্ৰমণ ৰোধ কৰিবলৈ  পৰীক্ষা বৃদ্ধি কৰিবলৈ কৈছে।

বুষ্টাৰ পালি বৃদ্ধিৰ বাবে পঞ্জীয়ন
কো-উইন ৱেবছাইট আৰু পৰ্টেলত বুষ্টাৰ পালিৰ বাবে পঞ্জীয়ন বৃদ্ধি কৰিবলৈ কোৱা হৈছে।  চীনত কৰোনা ৰোগীৰ বৃদ্ধিৰ বাবে, মানুহে এতিয়া ভাৰততো সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি কোৱা হৈছে। 

সমাৱেশ পৰিহাৰ কৰক
ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ) লোকসকলক বিবাহ অনুষ্ঠান, ৰাজনৈতিক বা সামাজিক সভাৰ দৰে ৰাজহুৱা সমাৱেশ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে। আই.এম.এ.-য়ে লগতে কৈছে যে অতি প্ৰয়োজন নহ’লে  আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ পৰিহাৰ কৰিব লাগে

চিকিৎসকৰ পৰামৰ্শ
জ্বৰ, ডিঙিৰ বিষ, কাহ আদিৰ  দৰে লক্ষণে দেখা দিলে   চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে বুলিও চৰকাৰে কৈছে।

ভ্ৰমণৰ কোনো সীমাবদ্ধতা নাই
এতিয়ালৈকে চৰকাৰে দেশৰ ভিতৰত বা বাহিৰত কোনো ভ্ৰমণৰ সীমাবদ্ধতাৰ বিষয়ে অৱগত কৰা নাই। অৱশ্যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে  পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে। 

নিডল ফ্ৰী ভেকছিন
নিডল ফ্ৰী ভেকছিন ব্যক্তিগত স্বাস্থ্য কেন্দ্ৰতো উপলব্ধ হ'ব আৰু শুক্ৰবাৰে সন্ধিয়া কো-উইন প্লেটফৰ্মত প্ৰৱৰ্তন কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু