--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান হিন্দী ছবি জগতৰ অন্যতম ডাঙৰ ছুপাৰষ্টাৰ, আৰু তেওঁ যিয়েই নকৰক কিয় সংবাদ শিৰোনাম দখল কৰে। অভিনেতাগৰাকীয়ে তেওঁৰ চিনেমা পাথানৰ সীমাহীন সফলতাৰে বছৰটোৰ আৰম্ভণি কৰিছিল।

শ্বাহৰুখ খানৰ বৃহৎ অনুৰাগী আছে আৰু ছুপাৰষ্টাৰগৰাকীয়ে কোনো পোষ্ট বা ভিডিঅ’ শ্বেয়াৰ কৰিলে তেওঁলোক সদায় উত্তেজিত হৈ পৰে।

শ্বাহৰুখ খানৰ পিতৃ তাজ মহম্মদ খান পেছাৱৰৰ পৰা ভাৰতলৈ আহি ইয়াতে বসতি স্থাপন কৰিছিল। অভিনেতাগৰাকীৰ মাত্ৰ ১৫ বছৰ বয়সতে কৰ্কট ৰোগত আক্ৰান্ত হৈ পিতৃৰ মৃত্যু হয়। মাতৃ লতিফ ফাতিমা খানে তেওঁক আৰু তেওঁৰ ভগ্নীক ১৯৯০ চনত মৃত্যুৰ আগলৈকে চোৱা-চিতা কৰিছিল।

শ্বাহৰুখ খানে কয় যে, "সৰুতে মোৰ সদায় ডাঙৰ হ'বলৈ মন গৈছিল, আৰু এতিয়া বুঢ়া হোৱাৰ সময়ত মোৰ শৈশৱলৈ সঁচাকৈয়ে মনত পৰিছে। মই ভাবো যে আমি যেতিয়ালৈকে আছো, সেই তেতিয়াই আমাৰ জীৱনৰ সৰ্বোত্তম সময়।" মোৰ মনত আছে মোৰ মায়ে বেছিভাগ মোক নিজৰ হাতেৰে খুৱাইছিল - মোৰ বয়স প্ৰায় ২৫ বছৰ হোৱালৈকে। গতিকে, মই এতিয়াও নিজৰ হাতেৰে খাই সহজ অনুভৱ নকৰো। মোক হাস্যকৰ যেন লাগে!"

তেওঁ আৰু কয়, "মই মোগলাই আৰু ডেক্কানী খাদ্য খাই ডাঙৰ হৈছো। চাওক, মোৰ দেউতা এজন পাঠান আছিল আৰু তেওঁৰ খাদ্যৰ প্ৰতি থকা প্ৰেম অপৰিসীম আছিল। মোৰ দেউতাই কেৱল খায়ে নহয়, ৰন্ধা-বঢ়াও ভাল পাইছিল। গতিকে মোৰ পাঠান পিতৃ আৰু হায়দৰাবাদী মাতৃৰ সম্পৰ্ক ৰন্ধনৰ ক্ষেত্ৰত নিখুঁত আছিল। মোৰ মা-দেউতাই বহু কিবাকিবি ৰান্ধি খুৱাইছিল। মই মোৰ ল'ৰা-ছোৱালীৰ লগত তেনেকুৱা নকৰো! কিন্তু হয়, মই সিহঁতৰ বাবে পাস্তা বনাইছো। মই আৰিয়ানৰ লগত বেটমেন কুকিজ বনাইছিলো যেতিয়া তেওঁ সৰু আছিল। মই কণী সিজাব পাৰো, চাহ বনাব পাৰো। আৰু মই বহুত ভাল পকৰী বনাওঁ। মই পাস্তাও অলপ বনাব জানো।"










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু