--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ চুপাৰষ্টাৰ অনুষ্কা শৰ্মাক বিয়া কৰোৱাৰ আগতে  বিৰাট কোহলীয়ে কেইবাগৰাকীও অভিনেত্ৰী আৰু মডেলৰ সৈতে ডেটিং কৰাৰ  খবৰ  ওলাইছিল। সেই অভিনেত্ৰীসকলৰ মাজৰে এগৰাকী আছিল তামান্না ভাটিয়া।এতিয়া তামান্না ভাটিয়াৰ সৈতে বিৰাটৰ এটা পুৰণি ভিডিঅ' ভাইৰেল হৈ পৰিছে, য'ত দুয়োকে এক নতুন ৰূপত  দেখুওৱা হৈছে।

বিৰাট কোহলী আৰু তামান্না ভাটিয়াৰ ভাইৰেল ভিডিঅ'টো টুইটাৰত প্ৰকাশ পাইছে, য'ত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে অভিনেত্ৰীগৰাকীৰ সৈতে 'ফ্লাৰ্টিং' কৰা দেখা গৈছে, যাক অতি শেহতীয়াকৈ নেটফ্লিক্স শৃংখলা লাষ্ট ষ্ট'ৰীজ ২ ত দেখা গৈছিল। পুৰণি ভাইৰেল ভিডিঅ'টো প্ৰকৃততে এটা টিভি বিজ্ঞাপন যিটো,  দুয়োএকেলগে দৃশ্যগ্ৰহণ কৰিছিল।

অনুষ্কা শৰ্মাক বিয়া কৰোৱাৰ  বহু বছৰ আগতে বিৰাট কোহলীয়ে অভিনেত্ৰী তামান্না ভাটিয়াৰ সৈতে ডেটিং কৰি আছিল বুলি সেই সময়তে চৰ্চা চলিছিল, কিন্তু দুয়োজনে কেতিয়াও ৰাজহুৱাভাৱে তেওঁলোকৰ সম্পৰ্কৰল কথা নিশ্চিত কৰা নাছিল। এই পুৰণি বিজ্ঞাপনটোৰ বাবে তেওঁলোকৰ ডেটিঙৰ উৰাবাতৰি আৰম্ভ হৈছিল, য'ত দুয়োকে ইজনে সিজনৰ সৈতে ’ফ্লাৰ্ট ’কৰা দেখা গৈছে।
প্ৰায় এক দশক পুৰণি ভাইৰেল ভিডিঅ'টোত বিৰাট কোহলীক তামান্না ভাটিয়াৰ ওচৰলৈ গৈ তেওঁৰ ফোন  নম্বৰ বিচৰা, বাৰ্তালাপ কৰা আৰু অভিনেত্ৰীগৰাকীৰ সৈতে ধেমালী কৰা দেখা গৈছে। ভিডিঅ'টোৱে সামাজিক মাধ্যমত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, আৰু বহুতো নেটিজেনে ধেমেলীয়াকৈ ভিডিঅ'টো অনুষ্কা শৰ্মাক টেগ কৰিছে।

বিৰাট কোহলীয়ে তামান্না ভাটিয়াৰ সৈতে ধেমালী  কৰা দেখি নেটিজেনসকল আমোদ পাইছে।  বহু  ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভাৰতীয় ক্ৰিকেটাৰজনৰ অভিনয় দক্ষতাৰো প্ৰশংসা কৰিছে আৰু ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত অভিনয় কৰিবলৈ আৰু বলীউডত আত্মপ্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।

তামান্না ভাটিয়াই পাঁচ বছৰৰ আগতে বিৰাট কোহলীৰ সৈতে ডেটিং কৰাৰ  উৰাবাতৰি সন্দৰ্ভত এক স্পষ্টীকৰণ জাৰি কৰি কৈছে যে বিজ্ঞাপনৰ দৃশ্যগ্ৰহণৰ সময়ত দুয়ো কেৱল সহকৰ্মী আছিল আৰু দৃশ্যগ্ৰহণৰ বাবেহে তেওঁলোকে তেনেদৰে  বাৰ্তালাপ কৰিছিল।

লাষ্ট ষ্ট'ৰীজ২  অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কৈছিল, "মই  বিজ্ঞাপন চলচ্চিত্ৰখনৰ সময়ত চাৰিটা শব্দ কৈছিলো, সেয়াই। তাৰ পিছত, মই কেতিয়াও বিৰাটক লগ পোৱা নাই বা কথা পতা নাই। কিন্তু, মই ক'ব লাগিব যে আমি কাম কৰা বেছিভাগ অভিনেতাতকৈ তেওঁ ভাল আছিল।"

ইফালে, তামান্না ভাটিয়াই শেহতীয়াকৈ অভিনেতা বিজয় বৰ্মাৰ সৈতে তেওঁৰ সম্পৰ্ক নিশ্চিত কৰিছে।  বিজয় বৰ্মাক লাষ্ট ষ্ট'ৰীজ ২-ত তেওঁৰ কাষত দেখা গৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক