--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্তন কেন্সাৰৰ সৈতে সাহসেৰে যুঁজ দিয়াৰ পাছত টেলিভিছন জগতৰ অভিনেত্ৰী চাভী মিট্টালে প্ৰকাশ কৰে যে তেওঁৰ কষ্টোচণ্ড্ৰাইটিছ ধৰা পৰিছে। কেন্সাৰৰ যুঁজত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ নতুন গুৰুতৰ অৱস্থাৰ বিষয়ে কয়।

টেলিভিছন শ্ব’ত বহুমুখী চৰিত্ৰৰ বাবে পৰিচিত চাভী মিট্টালে শেহতীয়াকৈ এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। যোৱা বছৰ স্তন কেন্সাৰৰ পৰা ওলাই অহা অভিনেত্ৰীগৰাকী পুনৰ কষ্টোচণ্ড্ৰাইটিছ ৰোগত আক্ৰান্ত হৈছে। 

চাভীয়ে ইনষ্টাগ্ৰাম পোষ্টটোতোত লিখিছে “ইয়াৰ কোনো নিৰাময় নাই। ই বুকুৰ কাৰ্টিলেজৰ আঘাত যাৰ বাবে উশাহ-নিশাহ লোৱাত বিষ হয়। একাধিক কাৰণত এনেকুৱা হয় আৰু কেইবা সপ্তাহ ধৰি থাকে।যিকোনো ব্যক্তি এজনে মাথোঁ ৰৈ থাকিব পাৰে যেতিয়ালৈকে ই নিজাববীয়াকৈ সুস্থ নহয়। সম্ভাৱ্য কাৰণ হ’ব পাৰে মই লোৱা কেন্সাৰৰ চিকিৎসাৰ পৰা বিকিৰণ, অষ্টিঅ’পেনিয়াৰ বাবে লোৱা বেজীৰ পাৰ্শ্বক্ৰিয়া, বা কেইদিনমান আগতে মোৰ অবিৰত কাহৰ বাবে হ’ব পাৰে।”

কষ্ট’কণ্ড্ৰাইটিছ হৈছে বুকুৰ হাড় (ষ্টাৰনাম)ৰ সৈতে সংযোগ কৰা কাৰ্টিলেজৰ প্ৰদাহ আৰু কোমলতা। এই অৱস্থাটো প্ৰায়ে বুকুৰ বিষ হিচাপে দেখা দিয়ে, যিটো মৃদুৰ পৰা গুৰুতৰলৈকে হ’ব পাৰে। কষ্ট’কণ্ড্ৰাইটিছ সাধাৰণতে ওপৰৰ কামিহাড়ৰ কাৰ্টিলেজত আক্ৰান্ত হয় যদিও আন অংশতো ই হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক