--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মায়া নগৰী মুম্বাইত বহু ঘটনাই ঘটি থাকে। তাৰে কিছুমান ঘটনা পোহৰলৈ আহে, কিছুমান নাহে। শেহতীয়াকৈ মুম্বাইৰ গোৰেগাঁও অঞ্চলত দেহ ব্যৱসায়ী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে দুগৰাকী মডেলক। আৰক্ষীয়ে অভিযান চলাই মডেল দুগৰাকীক  উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এগৰাকী মহিলা কাষ্টিং পৰিচালকক গ্ৰেপ্তাৰ কৰিছে। 

মুম্বাই আৰক্ষীৰ  অপৰাধ শাখাই  প্ৰকাশ কৰা মতে  গ্ৰেপ্তাৰ কৰা  কাষ্টিং পৰিচালককগৰাকীক আৰ্টি মিত্তাল বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বয়স প্ৰায়  ৩০ বছৰ। আৰক্ষীয়ে প্ৰকাশ কৰা মতে "মুম্বাই অপৰাধ শাখাৰ ইউনিট ১১-এ গোৰেগাঁৱত এটা যৌন ৰেকেট উদ্ঘাটন কৰিছে। ঘটনাস্থলীৰ পৰা দুগৰাকী মডেলক উদ্ধাৰ কৰা হৈছে। কাষ্টিং ডাইৰেক্টৰ আৰ্টি মিত্তালক গ্ৰেপ্তাৰ কৰা হৈছে। ''

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মডেল দুগৰাকীক বলীউডৰ ছবিত  অভিনয় কৰাৰ  সুযোগ দিয়াৰ অজুহাতত সেই স্থানলৈ নিয়া হৈছিল। তাৰ পিছত তেওঁলোকক জোৰকৈ দেহ ব্যৱসায়ত লিপ্ত কৰোৱা হৈছিল।  আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে আৰু চক্ৰটোৰ সৈতে আন কোন কোন জড়িত থাকিব পাৰে সেয়া অনুসন্ধান কৰি আছে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন