--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মায়া নগৰী মুম্বাইত বহু ঘটনাই ঘটি থাকে। তাৰে কিছুমান ঘটনা পোহৰলৈ আহে, কিছুমান নাহে। শেহতীয়াকৈ মুম্বাইৰ গোৰেগাঁও অঞ্চলত দেহ ব্যৱসায়ী চক্ৰৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে দুগৰাকী মডেলক। আৰক্ষীয়ে অভিযান চলাই মডেল দুগৰাকীক  উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এগৰাকী মহিলা কাষ্টিং পৰিচালকক গ্ৰেপ্তাৰ কৰিছে। 

মুম্বাই আৰক্ষীৰ  অপৰাধ শাখাই  প্ৰকাশ কৰা মতে  গ্ৰেপ্তাৰ কৰা  কাষ্টিং পৰিচালককগৰাকীক আৰ্টি মিত্তাল বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বয়স প্ৰায়  ৩০ বছৰ। আৰক্ষীয়ে প্ৰকাশ কৰা মতে "মুম্বাই অপৰাধ শাখাৰ ইউনিট ১১-এ গোৰেগাঁৱত এটা যৌন ৰেকেট উদ্ঘাটন কৰিছে। ঘটনাস্থলীৰ পৰা দুগৰাকী মডেলক উদ্ধাৰ কৰা হৈছে। কাষ্টিং ডাইৰেক্টৰ আৰ্টি মিত্তালক গ্ৰেপ্তাৰ কৰা হৈছে। ''

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি মডেল দুগৰাকীক বলীউডৰ ছবিত  অভিনয় কৰাৰ  সুযোগ দিয়াৰ অজুহাতত সেই স্থানলৈ নিয়া হৈছিল। তাৰ পিছত তেওঁলোকক জোৰকৈ দেহ ব্যৱসায়ত লিপ্ত কৰোৱা হৈছিল।  আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে আৰু চক্ৰটোৰ সৈতে আন কোন কোন জড়িত থাকিব পাৰে সেয়া অনুসন্ধান কৰি আছে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ