--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমে এতিয়া দেশৰ প্ৰায়ভাগ ৰাজ্যত জনজীৱন ব্যাহত কৰি তুলিছে। গৰমত আনকি দেশৰ বহু কেই খন ৰাজ্যত বহু কেইজন লোকৰ মৃত্যুও ঘটিছে। এক কথাত ক’বলৈ গ’লে  যেতিয়ালৈকে সূৰ্য দেৱতা আকাশত থাকে তেতিয়ালৈকে যেন কোনেও ঘৰৰ বাহিৰলৈ শান্তিৰে ওলাব নোৱাৰে। আনকি ঘৰৰ ভিতৰতো শান্তি নাই।  

এনে পৰিস্থিতি দেশত প্ৰতিবছৰেই হৈ আহিছে যদিও বছৰি গৰমৰ প্ৰকোপ যেন বাঢ়িহে গৈছে। সেয়ে এটা সময়ত সূৰ্যৰ বিৰুদ্ধেই গোচৰ তৰিছিল এজন লোকে।  দেশত গৰমৰ প্ৰকোপ বঢ়াৰ লগে লগে সেই লোক জনৰ কথা পুনৰ আলোচনাৰ বিষয় হৈ পৰিছে। সূৰ্যই নিৰন্তৰ তাপ বৃদ্ধি কৰি থকাৰ বাবেই অতিষ্ঠ  হৈ এজন ব্যক্তিয়ে পোনে পোনে আৰক্ষী চকীলৈ গৈ সূৰ্যৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। লোক জনৰ কামত আনকি  আৰক্ষীও হতবাক হৈ পৰিছিল। কিন্তু কৰ্তব্যৰ খাতিৰত আৰক্ষীয়ে সূৰ্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছিল। অৱশ্যে ঘটনাটো ২০১৬ চনৰে। সূৰ্যৰ বিৰুদ্ধে গোচৰ তৰা শিৱপাল সিং যাদৱ নামৰ  লোকজন  মধ্যপ্ৰদেশৰ শ্বাজাপুৰ জিলাৰ বাসিন্দা। গৰমত অতিষ্ঠ হৈ মানুহজনে পোনে পোনে স্থানীয় আৰক্ষী চকীলৈ গৈছিল। 

তেওঁ থানাত উপস্থিত থকা  বিষয়াসকলক কৈছিল যে তেওঁ এজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিব বিচাৰিছে। মানুহজন পেছাত এজন অধিবক্তাও। তেওঁ কৈছিল যে তেওঁ ফৌজদাৰী ধাৰা ১৫৪-ৰ অধীনত এটা অভিযোগ দাখিল কৰিব বিচাৰিছে। কিন্তু মানুহজনে কাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিচাৰিছে  বুলিসোধাত তেওঁ যি উত্তৰ দিছিল সেয়া শুনিহে আৰক্ষী আচৰিত হৈছিল। মানুহজনে কৈছিল যে সূৰ্যৰ অসহনীয় গৰমৰ বাবে, মানুহ, জন্তু আৰু সকলো জীৱিত জন্তুৱে যোৱা এসপ্তাহ ধৰি শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট কষ্ট ভোগ কৰি আহিছে। 

সেয়েহে সূৰ্যৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিব বিচাৰে।এনে পৰিস্থিতিত আৰক্ষীয়ে কি কৰে? তেওঁলোকে কৈছিল যে অপৰাধী ধৰা পৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা সম্ভৱ, কিন্তু সূৰ্যৰ  ক্ষেত্ৰত এয়া সম্ভৱ নহয়। অৱশ্যে আইন অনুসৰি স্থানীয় আৰক্ষীয়ে  মানুহজনৰ অভিযোগ গ্ৰহণ কৰিছিল।মানুহজনৰ অদ্ভুত কাৰ্য্যৰ কথা এতিয়া পুনৰ চৰ্চালৈ আহিছে।  










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন