--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমে এতিয়া দেশৰ প্ৰায়ভাগ ৰাজ্যত জনজীৱন ব্যাহত কৰি তুলিছে। গৰমত আনকি দেশৰ বহু কেই খন ৰাজ্যত বহু কেইজন লোকৰ মৃত্যুও ঘটিছে। এক কথাত ক’বলৈ গ’লে  যেতিয়ালৈকে সূৰ্য দেৱতা আকাশত থাকে তেতিয়ালৈকে যেন কোনেও ঘৰৰ বাহিৰলৈ শান্তিৰে ওলাব নোৱাৰে। আনকি ঘৰৰ ভিতৰতো শান্তি নাই।  

এনে পৰিস্থিতি দেশত প্ৰতিবছৰেই হৈ আহিছে যদিও বছৰি গৰমৰ প্ৰকোপ যেন বাঢ়িহে গৈছে। সেয়ে এটা সময়ত সূৰ্যৰ বিৰুদ্ধেই গোচৰ তৰিছিল এজন লোকে।  দেশত গৰমৰ প্ৰকোপ বঢ়াৰ লগে লগে সেই লোক জনৰ কথা পুনৰ আলোচনাৰ বিষয় হৈ পৰিছে। সূৰ্যই নিৰন্তৰ তাপ বৃদ্ধি কৰি থকাৰ বাবেই অতিষ্ঠ  হৈ এজন ব্যক্তিয়ে পোনে পোনে আৰক্ষী চকীলৈ গৈ সূৰ্যৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। লোক জনৰ কামত আনকি  আৰক্ষীও হতবাক হৈ পৰিছিল। কিন্তু কৰ্তব্যৰ খাতিৰত আৰক্ষীয়ে সূৰ্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছিল। অৱশ্যে ঘটনাটো ২০১৬ চনৰে। সূৰ্যৰ বিৰুদ্ধে গোচৰ তৰা শিৱপাল সিং যাদৱ নামৰ  লোকজন  মধ্যপ্ৰদেশৰ শ্বাজাপুৰ জিলাৰ বাসিন্দা। গৰমত অতিষ্ঠ হৈ মানুহজনে পোনে পোনে স্থানীয় আৰক্ষী চকীলৈ গৈছিল। 

তেওঁ থানাত উপস্থিত থকা  বিষয়াসকলক কৈছিল যে তেওঁ এজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিব বিচাৰিছে। মানুহজন পেছাত এজন অধিবক্তাও। তেওঁ কৈছিল যে তেওঁ ফৌজদাৰী ধাৰা ১৫৪-ৰ অধীনত এটা অভিযোগ দাখিল কৰিব বিচাৰিছে। কিন্তু মানুহজনে কাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিচাৰিছে  বুলিসোধাত তেওঁ যি উত্তৰ দিছিল সেয়া শুনিহে আৰক্ষী আচৰিত হৈছিল। মানুহজনে কৈছিল যে সূৰ্যৰ অসহনীয় গৰমৰ বাবে, মানুহ, জন্তু আৰু সকলো জীৱিত জন্তুৱে যোৱা এসপ্তাহ ধৰি শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট কষ্ট ভোগ কৰি আহিছে। 

সেয়েহে সূৰ্যৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিব বিচাৰে।এনে পৰিস্থিতিত আৰক্ষীয়ে কি কৰে? তেওঁলোকে কৈছিল যে অপৰাধী ধৰা পৰিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা সম্ভৱ, কিন্তু সূৰ্যৰ  ক্ষেত্ৰত এয়া সম্ভৱ নহয়। অৱশ্যে আইন অনুসৰি স্থানীয় আৰক্ষীয়ে  মানুহজনৰ অভিযোগ গ্ৰহণ কৰিছিল।মানুহজনৰ অদ্ভুত কাৰ্য্যৰ কথা এতিয়া পুনৰ চৰ্চালৈ আহিছে।  










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ