--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিধৱা মহিলাই শহুৰেক-শাহুৱেকৰ ভৰণ-পোষণৰ খৰচ বহন কৰিব লাগিবনে নে নাই তাকেলৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈ আহিছে। এনে সময়তে  বোম্বাই উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিছে। ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ধাৰা ১২৫ ৰ অধীনত কোনো ল’ৰাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বিধৱা বোৱাৰীৰ পৰা ৰক্ষণাবেক্ষণৰ খৰচ  দাবী কৰিব পাৰিবনে বুলি সোধা প্ৰশ্নৰ উত্তৰ দি বোম্বাই উচ্চ ন্যায়ালয়ৰ ঔৰঙ্গাবাদ বিচাৰপীঠে এক বিশেষ ৰায় দিয়ে। 

খণ্ডপীঠে কয় যে কয় যে বিধৱা মহিলাই শহুৰেক-শাহুৱেকৰ ভৰণ-পোষণৰ খৰচ বহন নকৰিলেও হ’ব। এইক্ষেত্ৰত বিধৱা মহিলাক কোনেও বাধ্য কৰোৱাব নোৱাৰে।  ন্যায়াধীশ কিশোৰ চান্টৰ বিচাৰপীঠে মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমত (এমএছআৰটিচি) কণ্ডাক্টৰ হিচাপে কাম কৰি থকা এজন ব্যক্তিৰ এগৰাকী ৩৮ বছৰীয়া বিধৱা পত্নীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি  আদালতে এই ৰায় দিয়ে। স্বামীৰ মৃত্যুৰ পিছত বিধৱা গৰাকীয়ে তেওঁৰ জীয়াই থকাৰ বাবে স্বাস্থ্য বিভাগত চাকৰি কৰিবলৈ আৰম্ভ কৰে। তেওঁ বৰ্তমান মুম্বাইৰ এখন  চিকিৎসালয়ত কাম কৰি আছে। বিধৱাগৰাকীৰ স্বামীৰ মৃত্যুৰ পিছত শহুৰ-শাহুৱেকৰ ভৰণ-পোষণৰ দায়িত্ব বিধৱা মহলাগৰাকীৰ ওপৰতে পৰিছিল। 

তেওঁলোকক চোৱাচিতা কৰিবলৈ কোনো নাই আৰু সেয়েহে তেওঁলোকে ৰাজ্যখনৰ লাতুৰ জিলাৰ জলকোটৰ ন্যায়াধিকাৰী গ্ৰাম নিয়ায়ালয়াৰ সন্মুখত ৰক্ষণাবেক্ষণৰ খৰচ বিচাৰি আবেদন দাখিল কৰিছিল। আনহাতে, বিধৱাগৰাকীয়ে কৈছিল যে শহুৰ-শাহুৱেকৰ  চাৰিজনী ছোৱালী আছে, তেওঁলোকৰ বিয়া হৈছে আৰু  স্বামীৰ সৈতে বাস কৰি আছে। তেওঁ লগতে কৈছিল যে ছোৱালী কেইজনীয়ে  তেওঁলোকৰ মাক-দেউতাকৰ সম্পত্তিৰ  অংশ লৈছে ।সেয়েহে তেওঁলোকে তেওঁলোকৰ পিতৃ-মাতৃক ভৰণ-পোষণৰ খৰচ  পৰিশোধ কৰিবলৈ দায়বদ্ধ। তেওঁ লগতে কয় যে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত শহুৰ-শাহুৱেকে  এমএছআৰটিচিৰ পৰা ১,৮৮,০০০ টকা লাভ কৰিছে। বাকী থকা ধন খিনি তেওঁৰ  নাবালক পুত্ৰক দিয়া হৈছিল। বিধৱাগৰাকীৰ মতে তেওঁৰ  চাকৰি সহানুভূতিৰ ভিত্তি দিয়া হোৱা নাছিল। সেয়ে তেওঁ  আইনীভাৱে তেওঁৰ শহুৰ-শাহুৱেকৰ  ৰক্ষণাবেক্ষণৰ খৰচ  দিবলৈ বাধ্য নহয়।

 নিম্ন আদালতে শহুৰ-শাহুৱেকৰ আবেদনৰ ভিত্তিত কৈছিল যে   শহুৰ-শাহৱেকৰ কোনো উপাৰৰ্জনৰ   উৎস নাই।  গতিকে বিধৱাগৰাকীয়ে তেওঁলোকক  ৰক্ষণাবেক্ষণ দিবলৈ দায়বদ্ধ। এই আদেশটোক বিধৱাগৰাকীয়ে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। বিধৱাগৰাকীৰ আবেদন গ্ৰহণ কৰি ন্যায়াধীশ চাণ্টে উল্লেখ কৰে যে চিআৰপিচিৰ ধাৰা ১২৫ ধাৰাত বৰ্ণনা কৰা হৈছে যে যিকোনো ব্যক্তিৰ নিজকে জীয়াই  ৰখাৰ পৰ্যাপ্ত উপায় আছে তেওঁলোকে যদি নিজকে ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম নহয়, তেন্তে তেওঁলোকৰ পত্নী, সন্তান আৰু পিতৃ-মাতৃৰ পৰা ৰক্ষণাবেক্ষণৰ দাবী  অস্বীকাৰ কৰিব নোৱাৰে। অৱশ্যে সেই তালিকাত শহুৰ-শাহুৱেক নাই।  

বিচাৰকজনে উল্লেখ কৰে  যে "সম্পৰ্কৰ তালিকাখন সম্পূৰ্ণ আৰু ইয়াত আন কোনো ব্যাখ্যাৰ সুযোগ নাই"। ন্যায়াধীশ চাণ্টে লগতে উল্লেখ কৰে যে বিধৱা গৰাকীৰ চাকৰিত নিযুক্তি তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত সহানুভূতিৰ ভিত্তিত হোৱা নাছিল আৰু বৃদ্ধ দম্পতীয়ে তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ পিছত ১,৮৮,০০০ টকা লাভ কৰিছিল।সেয়ে বিধৱাগৰাকীয়ে তেওঁলোকক ভৰণ-পোষণৰ খৰচ নিদিলেও হ’ব। 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ