--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিধৱা মহিলাই শহুৰেক-শাহুৱেকৰ ভৰণ-পোষণৰ খৰচ বহন কৰিব লাগিবনে নে নাই তাকেলৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈ আহিছে। এনে সময়তে  বোম্বাই উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দিছে। ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ধাৰা ১২৫ ৰ অধীনত কোনো ল’ৰাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বিধৱা বোৱাৰীৰ পৰা ৰক্ষণাবেক্ষণৰ খৰচ  দাবী কৰিব পাৰিবনে বুলি সোধা প্ৰশ্নৰ উত্তৰ দি বোম্বাই উচ্চ ন্যায়ালয়ৰ ঔৰঙ্গাবাদ বিচাৰপীঠে এক বিশেষ ৰায় দিয়ে। 

খণ্ডপীঠে কয় যে কয় যে বিধৱা মহিলাই শহুৰেক-শাহুৱেকৰ ভৰণ-পোষণৰ খৰচ বহন নকৰিলেও হ’ব। এইক্ষেত্ৰত বিধৱা মহিলাক কোনেও বাধ্য কৰোৱাব নোৱাৰে।  ন্যায়াধীশ কিশোৰ চান্টৰ বিচাৰপীঠে মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমত (এমএছআৰটিচি) কণ্ডাক্টৰ হিচাপে কাম কৰি থকা এজন ব্যক্তিৰ এগৰাকী ৩৮ বছৰীয়া বিধৱা পত্নীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি  আদালতে এই ৰায় দিয়ে। স্বামীৰ মৃত্যুৰ পিছত বিধৱা গৰাকীয়ে তেওঁৰ জীয়াই থকাৰ বাবে স্বাস্থ্য বিভাগত চাকৰি কৰিবলৈ আৰম্ভ কৰে। তেওঁ বৰ্তমান মুম্বাইৰ এখন  চিকিৎসালয়ত কাম কৰি আছে। বিধৱাগৰাকীৰ স্বামীৰ মৃত্যুৰ পিছত শহুৰ-শাহুৱেকৰ ভৰণ-পোষণৰ দায়িত্ব বিধৱা মহলাগৰাকীৰ ওপৰতে পৰিছিল। 

তেওঁলোকক চোৱাচিতা কৰিবলৈ কোনো নাই আৰু সেয়েহে তেওঁলোকে ৰাজ্যখনৰ লাতুৰ জিলাৰ জলকোটৰ ন্যায়াধিকাৰী গ্ৰাম নিয়ায়ালয়াৰ সন্মুখত ৰক্ষণাবেক্ষণৰ খৰচ বিচাৰি আবেদন দাখিল কৰিছিল। আনহাতে, বিধৱাগৰাকীয়ে কৈছিল যে শহুৰ-শাহুৱেকৰ  চাৰিজনী ছোৱালী আছে, তেওঁলোকৰ বিয়া হৈছে আৰু  স্বামীৰ সৈতে বাস কৰি আছে। তেওঁ লগতে কৈছিল যে ছোৱালী কেইজনীয়ে  তেওঁলোকৰ মাক-দেউতাকৰ সম্পত্তিৰ  অংশ লৈছে ।সেয়েহে তেওঁলোকে তেওঁলোকৰ পিতৃ-মাতৃক ভৰণ-পোষণৰ খৰচ  পৰিশোধ কৰিবলৈ দায়বদ্ধ। তেওঁ লগতে কয় যে তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত শহুৰ-শাহুৱেকে  এমএছআৰটিচিৰ পৰা ১,৮৮,০০০ টকা লাভ কৰিছে। বাকী থকা ধন খিনি তেওঁৰ  নাবালক পুত্ৰক দিয়া হৈছিল। বিধৱাগৰাকীৰ মতে তেওঁৰ  চাকৰি সহানুভূতিৰ ভিত্তি দিয়া হোৱা নাছিল। সেয়ে তেওঁ  আইনীভাৱে তেওঁৰ শহুৰ-শাহুৱেকৰ  ৰক্ষণাবেক্ষণৰ খৰচ  দিবলৈ বাধ্য নহয়।

 নিম্ন আদালতে শহুৰ-শাহুৱেকৰ আবেদনৰ ভিত্তিত কৈছিল যে   শহুৰ-শাহৱেকৰ কোনো উপাৰৰ্জনৰ   উৎস নাই।  গতিকে বিধৱাগৰাকীয়ে তেওঁলোকক  ৰক্ষণাবেক্ষণ দিবলৈ দায়বদ্ধ। এই আদেশটোক বিধৱাগৰাকীয়ে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। বিধৱাগৰাকীৰ আবেদন গ্ৰহণ কৰি ন্যায়াধীশ চাণ্টে উল্লেখ কৰে যে চিআৰপিচিৰ ধাৰা ১২৫ ধাৰাত বৰ্ণনা কৰা হৈছে যে যিকোনো ব্যক্তিৰ নিজকে জীয়াই  ৰখাৰ পৰ্যাপ্ত উপায় আছে তেওঁলোকে যদি নিজকে ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম নহয়, তেন্তে তেওঁলোকৰ পত্নী, সন্তান আৰু পিতৃ-মাতৃৰ পৰা ৰক্ষণাবেক্ষণৰ দাবী  অস্বীকাৰ কৰিব নোৱাৰে। অৱশ্যে সেই তালিকাত শহুৰ-শাহুৱেক নাই।  

বিচাৰকজনে উল্লেখ কৰে  যে "সম্পৰ্কৰ তালিকাখন সম্পূৰ্ণ আৰু ইয়াত আন কোনো ব্যাখ্যাৰ সুযোগ নাই"। ন্যায়াধীশ চাণ্টে লগতে উল্লেখ কৰে যে বিধৱা গৰাকীৰ চাকৰিত নিযুক্তি তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত সহানুভূতিৰ ভিত্তিত হোৱা নাছিল আৰু বৃদ্ধ দম্পতীয়ে তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ পিছত ১,৮৮,০০০ টকা লাভ কৰিছিল।সেয়ে বিধৱাগৰাকীয়ে তেওঁলোকক ভৰণ-পোষণৰ খৰচ নিদিলেও হ’ব। 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন