--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ ছুপাৰষ্টাৰসকলে নাম, ধন, সফলতা, প্ৰতিপত্তি এই সকলোবোৰ তেওঁলোকৰ অভিনয় দক্ষতাৰে আহৰণ কৰে। কিন্তু তেওঁলোকৰ শিক্ষাৰ দৌৰ কিমান জানেনে? যিমানেই সফল নহওক কিয়, জীৱনত শিক্ষাই ডাঙৰ ভূমিকা পালন কৰে। শিক্ষাই মানুহক মানুহ কৰি তোলে। বলীউডৰ বহু তাৰকা উচ্চ শিক্ষিত হ’লেও একাংশ অভিনেতায়ে নামমাত্ৰহে অধ্যয়ন কৰিছে। বলীউডৰ ছুপাৰষ্টাৰৰ শৈক্ষিক অৰ্হতাৰ ওপৰত এবাৰ চকু ফুৰাও আহক।

 অমিতাভ বচ্চনঃ-বলীউডৰ তাৰকাৰ ভিতৰত অন্যতম শিক্ষিত ছুপাৰষ্টাৰ অমিতাভ বচ্চন। তেওঁ বলীউডৰ বহু ছবি ছুপাৰহিট হৈছে। কিন্তু অভিনয়ৰ ক্ষেত্ৰলৈ অহাৰ আগতে তেওঁ কঠোৰ পঢ়া-শুনা কৰিছিল। নেনিতালৰ শ্বেৰউড কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল তেওঁ। ইয়াৰ পাছত তেওঁ কিৰোৰিমাল কলেজৰ পৰা কলা আৰু বিজ্ঞানত ডাবল মেজৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰে।

 শ্বাহৰুখ খান:-বলীউডৰ ৰজাৰ শৈক্ষিক অৰ্হতা কম নহয়, তেওঁ স্কুল-কলেজত পঢ়ি থকা সময়ত এজন মেধাৱী ছাত্ৰ আছিল। শ্বাহৰুখে ছেইণ্ট কলম্বিয়া স্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পাছত হন্সৰাজ কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত শ্বাহৰুখে জামিয়া মিলিয়া ইছলামিয়াত গণসংযোগ ডিগ্ৰীৰ বাবে ভৰ্তি হয়। অৱশ্যে এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ আগতে তেওঁ অভিনয়ৰ ক্ষেত্ৰত সোমাই পৰে।

 জন আব্ৰাহামঃ-বলীউডৰ উচ্চ শিক্ষিত তাৰকাৰ ভিতৰত জন আব্ৰাহাম। জন আছিল নাৰ্ছি মাঞ্জী কলেজ অব মেনেজমেণ্ট ষ্টাডিজৰ ছাত্ৰ। তাতেই এম বি এ ডিগ্ৰী লাভ কৰিছিল। জন বম্বে স্কটিছ স্কুলত অধ্যয়ন কৰিছিল। জয় হিন্দ মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

 বিদ্যা বালান:-১৬ বছৰ বয়সত অভিনয়ৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিল বিদ্যা বালানে। বলীউডৰ অন্যতম শিক্ষিত অভিনেত্ৰী। বিদ্যাই ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

 আয়ুষমান খুৰানা:-আয়ুষ্মান খুৰানা প্ৰথমে ডি এ ভি কলেজত অধ্যয়ন কৰিছিল। চণ্ডীগড়ৰ সেই মহাবিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। চণ্ডীগড়ৰ স্কুল অব কমিউনিকেচন ষ্টাডিজৰ পৰা গণসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে।

 পৰিনীতি চোপ্ৰা:-পৰিনীতি চোপ্ৰাই ব্ৰিটেইনৰ মানচেষ্টাৰ বিজনেছ স্কুলত অধ্যয়ন কৰিছিল। ইয়াৰ পৰাই পৰিনীতিয়ে বিজনেছ ফাইনেন্স আৰু ইকনমিক্সত ত্ৰিগুণ সন্মান লাভ কৰে। পঢ়া-শুনা সমাপ্ত কৰি তেওঁ অভিনয়ৰ জগতখনত প্ৰৱেশ কৰে। এইক্ষেত্ৰত তেওঁ ভগ্নী প্ৰিয়ংকা চোপ্ৰাৰ পৰা অনুপ্ৰাণিত হৈছিল।

 সোহা আলী খান:-শৰ্মিলা ঠাকুৰ আৰু মনছুৰ আলী খান পাটৌদিৰ কন্যা ৰাজকুমাৰী সোহাই অক্সফৰ্ডৰ বেলিওল কলেজৰ পৰা আধুনিক ইতিহাসৰ ডিগ্ৰী লাভ কৰে। ব্ৰিটেইনৰ লণ্ডন স্কুল অব ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্সৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।

 ৰণদীপ হুদা:-বলীউডৰ এইগৰাকী বিখ্যাত অভিনেতা শিক্ষাৰ ক্ষেত্ৰত বাকীসকলতকৈ কম নহয়। অষ্ট্ৰেলিয়াৰ পৰা বিজনেছ মেনেজমেণ্ট আৰু হিউমেন ৰিচ’ৰ্চ মেনেজমেণ্টত মাৰ্কেটিং আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তাৰ পাছত তেওঁ দেশলৈ উভতি আহি অভিনয় কৰিবলৈ আৰম্ভ কৰে।

 বৰুণ ধাৱনঃ-এইজন বলীউডৰ নায়ক কম শিক্ষিত নহয়। ব্ৰিটেইনৰ নটিংহাম ট্ৰেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বিজনেছ মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰিছিল। অৱশ্যে অৱশেষত সকলো এৰি দেশলৈ উভতি আহি অভিনয় কৰিবলৈ আৰম্ভ কৰে।

 ছাৰা আলী খানঃ-ছাৰাই মুম্বাইৰ বেছান্ত মন্টেছৰী স্কুলত অধ্যয়ন কৰিছিল। ছাইফ আলী খান আৰু অমৃতা সিঙৰ ৰাজকুমাৰীয়ে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি ইতিহাস আৰু ৰাজনীতি বিজ্ঞানত ডিগ্ৰী লাভ কৰে। তাৰ পাছত দেশলৈ উভতি আহি পিতৃ-মাতৃৰ দৰে অভিনয়ৰ কাম হাতত লয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক