--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চলমান খানে এতিয়াও পাহৰিব পৰা নাই কেটৰিনা কাঈফৰ স্মৃতি! সেয়ে এতিয়া চলমানৰ লক্ষ্য হৈ পৰিছে কেটৰিনাৰ স্বামী বিকী কৌশল। বিকী কৌশলৰ ব্যক্তিগত জীৱন খুঁচৰিবলৈ উঠি পৰি লাগিছে বলিউডৰ ভাইজান!

শেহতীয়াকৈ ৰিয়েলিটি শ্ব’ বিগ বছৰ অনুষ্ঠানত নিজেই এই কথা প্ৰকাশ কৰিছে চলমান খানে। খোদ প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাঈফৰ সন্মুখতে এই পৰিকল্পনা প্ৰকাশ কৰিছে।

অৱশ্যে ব্যংগাত্মকভাৱেহে চলমান খানে এনেদৰে কৈছে। ৰিয়েলিটি শ্ব’ বিগ বছৰ ১৬ নম্বৰ ছিজনৰ এটা অনুষ্ঠানত কেটৰিনা কাঈফে তেওঁৰ শেহতীয়া ছৱি ‘ফোন ভূত’ৰ প্ৰমোচন কৰিবলৈ আহিছিল। তেতিয়া বিগ বছৰ আয়োজক চলমান খানক কেটৰিনাই সোধে যে যদি চলমান খান এটা ভূত হৈ পৰে, তেতিয়া তেওঁ কাক লক্ষ্য কৰি ল’ব।

কেটৰিনাৰ প্ৰশ্নৰ উত্তৰস্বৰূপে চলমানে কয় যে তেওঁ ভূত হ’লে নিশ্চয়কৈ বিকী কৌশলকে লক্ষ্য কৰি ল’ব। বিকী কৌশলৰ ব্যক্তিগত গোপনীয় কথাসমূহ তেওঁ জানিবলৈ চেষ্টা কৰিব।

“এজনেই মানুহ আছে, তেওঁ হৈছে বিকী কৌশল।”- চলমানে কয়। কেটৰিনাই সোধে যে কিয় তেওঁ বিকী কৌশলক লক্ষ্য কৰি ল’ব।

চলমান খানে কয় যে যেতিয়াই বিকী কৌশলৰ কথা কোৱা হয়, কেটৰিনাই লাজ কৰে। সেইবাবেই তেওঁ বিকী কৌশলক লক্ষ্য কৰি লৈছে। লগে লগে কেটৰিনাই ভুৱন ভুলোৱা হাঁহিটো মাৰিব ধৰে।

উল্লেখ্য যে কেটৰিনা আৰু চলমানৰ প্ৰেম কাহিনীয়ে এসময়ত বলিউড গৰম কৰি ৰাখিছিল। কিন্তু দুয়োৰে মাজত বিচ্ছেদ হয়। অৱশেষত যোৱা বৰ্ষৰ ডিচেম্বৰত বিকী কৌশলৰ স’তে বিবাহপাশত আৱদ্ধ হয় মোহময়ী অভিনেত্ৰীগৰাকীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু