--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চলমান খানে এতিয়াও পাহৰিব পৰা নাই কেটৰিনা কাঈফৰ স্মৃতি! সেয়ে এতিয়া চলমানৰ লক্ষ্য হৈ পৰিছে কেটৰিনাৰ স্বামী বিকী কৌশল। বিকী কৌশলৰ ব্যক্তিগত জীৱন খুঁচৰিবলৈ উঠি পৰি লাগিছে বলিউডৰ ভাইজান!

শেহতীয়াকৈ ৰিয়েলিটি শ্ব’ বিগ বছৰ অনুষ্ঠানত নিজেই এই কথা প্ৰকাশ কৰিছে চলমান খানে। খোদ প্ৰাক্তন প্ৰেমিকা কেটৰিনা কাঈফৰ সন্মুখতে এই পৰিকল্পনা প্ৰকাশ কৰিছে।

অৱশ্যে ব্যংগাত্মকভাৱেহে চলমান খানে এনেদৰে কৈছে। ৰিয়েলিটি শ্ব’ বিগ বছৰ ১৬ নম্বৰ ছিজনৰ এটা অনুষ্ঠানত কেটৰিনা কাঈফে তেওঁৰ শেহতীয়া ছৱি ‘ফোন ভূত’ৰ প্ৰমোচন কৰিবলৈ আহিছিল। তেতিয়া বিগ বছৰ আয়োজক চলমান খানক কেটৰিনাই সোধে যে যদি চলমান খান এটা ভূত হৈ পৰে, তেতিয়া তেওঁ কাক লক্ষ্য কৰি ল’ব।

কেটৰিনাৰ প্ৰশ্নৰ উত্তৰস্বৰূপে চলমানে কয় যে তেওঁ ভূত হ’লে নিশ্চয়কৈ বিকী কৌশলকে লক্ষ্য কৰি ল’ব। বিকী কৌশলৰ ব্যক্তিগত গোপনীয় কথাসমূহ তেওঁ জানিবলৈ চেষ্টা কৰিব।

“এজনেই মানুহ আছে, তেওঁ হৈছে বিকী কৌশল।”- চলমানে কয়। কেটৰিনাই সোধে যে কিয় তেওঁ বিকী কৌশলক লক্ষ্য কৰি ল’ব।

চলমান খানে কয় যে যেতিয়াই বিকী কৌশলৰ কথা কোৱা হয়, কেটৰিনাই লাজ কৰে। সেইবাবেই তেওঁ বিকী কৌশলক লক্ষ্য কৰি লৈছে। লগে লগে কেটৰিনাই ভুৱন ভুলোৱা হাঁহিটো মাৰিব ধৰে।

উল্লেখ্য যে কেটৰিনা আৰু চলমানৰ প্ৰেম কাহিনীয়ে এসময়ত বলিউড গৰম কৰি ৰাখিছিল। কিন্তু দুয়োৰে মাজত বিচ্ছেদ হয়। অৱশেষত যোৱা বৰ্ষৰ ডিচেম্বৰত বিকী কৌশলৰ স’তে বিবাহপাশত আৱদ্ধ হয় মোহময়ী অভিনেত্ৰীগৰাকীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক