--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইবাৰ সাংসদ হ’বলৈ মন মেলিছে কংগনা ৰাণাউটে। শেহতীয়াকৈ ইখনৰ পাছত সিখনকৈ চিনেমাই বক্স অফিচত মাধমাৰ খোৱাৰ পাছত ৰাজনীতিলৈ আহিব বিচাৰিছে বলিউডৰ বহুবিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে।

নিজেই এই কথা প্ৰকাশ কৰিছে কংগনাই। এটা সংবাদমাধ্যমৰ স’তে হোৱা কথা-বাৰ্তাত কংগনাই কয় যে বিজেপিয়ে যদি তেওঁক হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ পৰা টিকট দিয়ে, তেন্তে লোকসভা নিৰ্বাচনত অংশ ল’বলৈ ইচ্ছ্যুক।

উল্লখ্য যে যোৱা কেইবাবছৰ ধৰি কংগনাই বিজেপিৰ হৈ বক্তব্য আগবঢ়াই আহিছে। নেপোটিজিমৰ পৰা সুশান্ত সিং ৰাজপুতৰ মৃত্যুলৈকে, সকলো বিতৰ্কতে কংগনাই সৰৱ হৈ আহিছে। তদুপৰি কাবিৰোধী আন্দোলন, কৃষক আন্দোলনৰ বিৰুদ্ধেও মাত মাতি আহিছে কংগনাই।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰি অহা কংগনাই যোৱা কিছুদিন ধৰি বিজেপিৰ সমৰ্থনত কেতবোৰ আপত্তিজনক মন্তব্যও কৰি আহিছে। ইয়াৰ বিপৰীতে তেওঁৰ চিনেমাসমূহ চুপাৰফ্লপ হৈ আহিছে। সেইবাবেই ৰাজনীতিলৈ মন মেলিছে বুলি অনেকে মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে বৰ্তমান মাণ্ডি লোকসভা সমষ্টিটো বৰ্তমান কংগ্ৰেছৰ দখলত আছে। সাংসদ হিচাপে আছে জয়পান প্ৰতিভা সিং। সেয়ে কংগ্ৰেছৰ পৰা সমষ্টিটো বিজেপিৰ হাতলৈ নিয়াৰ মন মেলিছে কংগনাই।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক