--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইবাৰ সাংসদ হ’বলৈ মন মেলিছে কংগনা ৰাণাউটে। শেহতীয়াকৈ ইখনৰ পাছত সিখনকৈ চিনেমাই বক্স অফিচত মাধমাৰ খোৱাৰ পাছত ৰাজনীতিলৈ আহিব বিচাৰিছে বলিউডৰ বহুবিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে।

নিজেই এই কথা প্ৰকাশ কৰিছে কংগনাই। এটা সংবাদমাধ্যমৰ স’তে হোৱা কথা-বাৰ্তাত কংগনাই কয় যে বিজেপিয়ে যদি তেওঁক হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ পৰা টিকট দিয়ে, তেন্তে লোকসভা নিৰ্বাচনত অংশ ল’বলৈ ইচ্ছ্যুক।

উল্লখ্য যে যোৱা কেইবাবছৰ ধৰি কংগনাই বিজেপিৰ হৈ বক্তব্য আগবঢ়াই আহিছে। নেপোটিজিমৰ পৰা সুশান্ত সিং ৰাজপুতৰ মৃত্যুলৈকে, সকলো বিতৰ্কতে কংগনাই সৰৱ হৈ আহিছে। তদুপৰি কাবিৰোধী আন্দোলন, কৃষক আন্দোলনৰ বিৰুদ্ধেও মাত মাতি আহিছে কংগনাই।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰি অহা কংগনাই যোৱা কিছুদিন ধৰি বিজেপিৰ সমৰ্থনত কেতবোৰ আপত্তিজনক মন্তব্যও কৰি আহিছে। ইয়াৰ বিপৰীতে তেওঁৰ চিনেমাসমূহ চুপাৰফ্লপ হৈ আহিছে। সেইবাবেই ৰাজনীতিলৈ মন মেলিছে বুলি অনেকে মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে বৰ্তমান মাণ্ডি লোকসভা সমষ্টিটো বৰ্তমান কংগ্ৰেছৰ দখলত আছে। সাংসদ হিচাপে আছে জয়পান প্ৰতিভা সিং। সেয়ে কংগ্ৰেছৰ পৰা সমষ্টিটো বিজেপিৰ হাতলৈ নিয়াৰ মন মেলিছে কংগনাই।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী