--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘এয়া সম্পূৰ্ণ উৰাবাতৰি, বিবাহৰ সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই’- আলিয়াৰ পিতৃ মহেশ ভাটৰ এটা মন্তব্যই যেন সকলো স্থবিৰ কৰি তুলিলে৷ বিগত কেইমাহমানৰ পৰা, বি-টাউনৰ সৰ্বাতোকৈ চৰ্চিত প্ৰেমিক যুগল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহ সম্পৰ্কীয় বাতৰিবোৰে সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে। যদিও যুটিটোৱে তেওঁলোকৰ বিবাহ সম্পৰ্কীয় কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, তথাপিও নিগৰিত গুঞ্জনে এটাই প্ৰকাশ কৰিছে যে, তেওঁলোকে এই বছৰৰ অক্টোবৰত বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। কেইবাখনো প্ৰতিবেদনত এইটোও কোৱা হৈছিল যে দুয়োজনে এই বিশেষ দিনটোৰ বাবে বহু পৰিকল্পনা কৰিছে৷

ইপিনে, ৰণবীৰ কাপুৰৰ খুড়ী ৰীমা জৈনে আলিয়াৰ সৈতে তেওঁৰ বিবাহৰ চলিত বাতৰিৰ সন্দৰ্ভত কিছু মন্তব্য কৰিছিল৷ তেওঁ কয়, ‘মই এতিয়ালৈকে তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে অৱগত হোৱা নাই। তেওঁলোকে বিয়া পাতিব কিন্তু কেতিয়া পাতিব নাজানো। তেওঁলোকে সিদ্ধান্ত ল’লেহে ইয়াৰ বিষয়ে জানিব পাৰিম৷ লগতে তেওঁ কৈছিল যে, ‘হাম লোগ নে কুছ প্ৰস্তুত হি নেহী কিয়া তো শাদী কাইছে ইতনি জলদি হোগী৷’ আনহাতে তেওঁ কয়, ‘ যদি অক্টোবৰত হয় তেনেহ’লে সঁচাই আমি বৰ আচৰিত হম। বিবাহ নিশ্চিতভাৱে হ’ব, কিন্তু মই নাজানো কেতিয়া হ’ব।’

এদিন পাছত, আলিয়াৰ পিতৃ মহেশ ভাটেও স্পেকুৱেলচনবোৰ অস্বীকাৰ কৰি কয় ‘ এইটো এটা উৰাবাতৰি । বিবাহৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই ।’

এক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ স্বৰ্গীয় পিতৃ ঋষি কাপুৰৰ মুক্তিপ্ৰাপ্ত ‘শৰ্মাজী নামকিন’ৰ প্ৰচাৰ কৰোঁতে, ৰণবীৰে প্ৰেমিকা আলিয়াৰ সৈতে তেওঁৰ বিবাহৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল।বিবাহৰ তাৰিখৰ কথা অস্বীকাৰ কৰি ৰণবীৰে কয়, ‘সংবাদ মাধ্যমৰ আগত মই কেতিয়াও বিবাহৰ দিন ঘোষণা কৰা নাই। কিন্তু আলিয়া আৰু মোৰ সোনকালে বিবাহপাশত আবদ্ধ হোৱাৰ অভিপ্ৰায় আছে, সেই দিনটো যাতে সোনকালে আহক, তাৰেই আশা কৰোঁ।’

আলিয়া আৰু ৰণবীৰ তিনি বছৰতকৈও অধিক সময় ধৰি সম্পৰ্কত আছে। দুয়োজনে আয়ান মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ’ৰ ছেটত লগ পাইছিল, আৰু তেতিয়াৰ পৰাই দুয়োৱে ডেট কৰি আছে। অভিনেতা যুটিটোৱে আপলোড কৰা ফটোৱে মাজে মাজে ইণ্টাৰনেটত গুঞ্জনৰ সৃষ্টি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু