--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘এয়া সম্পূৰ্ণ উৰাবাতৰি, বিবাহৰ সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই’- আলিয়াৰ পিতৃ মহেশ ভাটৰ এটা মন্তব্যই যেন সকলো স্থবিৰ কৰি তুলিলে৷ বিগত কেইমাহমানৰ পৰা, বি-টাউনৰ সৰ্বাতোকৈ চৰ্চিত প্ৰেমিক যুগল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহ সম্পৰ্কীয় বাতৰিবোৰে সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে। যদিও যুটিটোৱে তেওঁলোকৰ বিবাহ সম্পৰ্কীয় কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, তথাপিও নিগৰিত গুঞ্জনে এটাই প্ৰকাশ কৰিছে যে, তেওঁলোকে এই বছৰৰ অক্টোবৰত বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। কেইবাখনো প্ৰতিবেদনত এইটোও কোৱা হৈছিল যে দুয়োজনে এই বিশেষ দিনটোৰ বাবে বহু পৰিকল্পনা কৰিছে৷

ইপিনে, ৰণবীৰ কাপুৰৰ খুড়ী ৰীমা জৈনে আলিয়াৰ সৈতে তেওঁৰ বিবাহৰ চলিত বাতৰিৰ সন্দৰ্ভত কিছু মন্তব্য কৰিছিল৷ তেওঁ কয়, ‘মই এতিয়ালৈকে তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে অৱগত হোৱা নাই। তেওঁলোকে বিয়া পাতিব কিন্তু কেতিয়া পাতিব নাজানো। তেওঁলোকে সিদ্ধান্ত ল’লেহে ইয়াৰ বিষয়ে জানিব পাৰিম৷ লগতে তেওঁ কৈছিল যে, ‘হাম লোগ নে কুছ প্ৰস্তুত হি নেহী কিয়া তো শাদী কাইছে ইতনি জলদি হোগী৷’ আনহাতে তেওঁ কয়, ‘ যদি অক্টোবৰত হয় তেনেহ’লে সঁচাই আমি বৰ আচৰিত হম। বিবাহ নিশ্চিতভাৱে হ’ব, কিন্তু মই নাজানো কেতিয়া হ’ব।’

এদিন পাছত, আলিয়াৰ পিতৃ মহেশ ভাটেও স্পেকুৱেলচনবোৰ অস্বীকাৰ কৰি কয় ‘ এইটো এটা উৰাবাতৰি । বিবাহৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই ।’

এক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ স্বৰ্গীয় পিতৃ ঋষি কাপুৰৰ মুক্তিপ্ৰাপ্ত ‘শৰ্মাজী নামকিন’ৰ প্ৰচাৰ কৰোঁতে, ৰণবীৰে প্ৰেমিকা আলিয়াৰ সৈতে তেওঁৰ বিবাহৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল।বিবাহৰ তাৰিখৰ কথা অস্বীকাৰ কৰি ৰণবীৰে কয়, ‘সংবাদ মাধ্যমৰ আগত মই কেতিয়াও বিবাহৰ দিন ঘোষণা কৰা নাই। কিন্তু আলিয়া আৰু মোৰ সোনকালে বিবাহপাশত আবদ্ধ হোৱাৰ অভিপ্ৰায় আছে, সেই দিনটো যাতে সোনকালে আহক, তাৰেই আশা কৰোঁ।’

আলিয়া আৰু ৰণবীৰ তিনি বছৰতকৈও অধিক সময় ধৰি সম্পৰ্কত আছে। দুয়োজনে আয়ান মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ’ৰ ছেটত লগ পাইছিল, আৰু তেতিয়াৰ পৰাই দুয়োৱে ডেট কৰি আছে। অভিনেতা যুটিটোৱে আপলোড কৰা ফটোৱে মাজে মাজে ইণ্টাৰনেটত গুঞ্জনৰ সৃষ্টি কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক