--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে বক্স অফিচত 'আৰআৰআৰ'ৰ ধুমুহা। তেনেসময়তে মুক্তি পাবলৈ লৈছে  'কেজিএফ চেপ্টাৰ-২'। পাছে ‘আৰআৰআৰ’ৰ জয়যাত্ৰা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে শ্বাহিদ কাপুৰৰ আগন্তুক ছবি 'জাৰ্ছী’। ছবিৰ মুক্তিৰ দিন পিছুৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। দাক্ষিণাত্যৰ চলচ্চিত্ৰৰ প্ৰভাৱৰ বাবে প্ৰযোজকে বলীউডৰ চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি কটাক্ষ কৰিছে সমালোচকসকলে।

স্মৰ্তব্য যে, ২০১৯ চনত মুক্তি পাইছিল গৌতম টিন্নানুড়ী পৰিচালিত তেলেগু চলচ্চিত্ৰ 'জাৰ্ছী'। দাক্ষিণাত্যৰ তাৰকা নানীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখন এই তেলেগু ছবিখনকেই হিন্দী ৰূপ দিছে পৰিচালক-প্ৰযোজকে। হিন্দী ভাষাত মুক্তি পাবলগীয়া ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহিদ কাপুৰে। শ্বাহিদ কাপুৰ অভিনিত ‘জাৰ্ছী’ ছবিখন  ২০২০ চনৰ ২৮ আগষ্টত মুক্তি পোৱাৰ কথা আছিল। কিন্তু পূৰ্ব নিৰ্ধাৰিত সময়সূচী সালসলনি কৰি ২০২১বৰ্ষৰ ৫ নৱেম্বৰত ছবিখনৰ মুক্তিৰ দিন নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু কৰ’নাসৃষ্ট পৰিস্থিতিৰ বাবে পুনৰ পিছুৱাবলগীয়া হয় ছবিখন মুক্তিৰ তাৰিখ।

এনে বহু বাধা বিঘিনি অতিক্ৰম কৰাৰ পাছত উদ্যোক্তাই চলিত বৰ্ষৰ ১৪ এপ্ৰিলত ছবিখন মক্তি দিয়া হ’ব বুলি সদৰী কৰিছিল। পাছে এইবাৰ বাটৰ কাঁইট হৈ দেখা দিছে ৰাজামৌলী পৰিচালিত তথা জুনিয়ৰ এনটিআৰ আৰু ৰাম চৰণ অভিনীত 'আৰআৰআৰ'-এ।  

 এনে পৰিস্থিতিত, কানাড়া তাৰকা যশৰ ছবি 'কেজিএফ চেপ্টাৰ-২' ১৪ এপ্ৰিলত পুনৰ মুক্তিৰ বাবে সাজু হৈ পৰিছে। সঞ্জয় দত্ত, ৰবীনা টেণ্ডনৰ দৰে তাৰকাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। পাছে এইবাৰ আকৌ প্ৰশ্ন উঠিছে সামগ্ৰিক দিশটোলৈ লক্ষ্য ৰাখি তথা দাক্ষিণাত্যৰ ছবিৰ ধুমুহা অব্যাহত থকাৰ সময়ত পুমৰ পিছুৱাই দিয়া হ’ব নেকি ‘কেজিএফ চেপ্টাৰ-২’ৰ মুক্তিৰ দিন! সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক