--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে বক্স অফিচত 'আৰআৰআৰ'ৰ ধুমুহা। তেনেসময়তে মুক্তি পাবলৈ লৈছে  'কেজিএফ চেপ্টাৰ-২'। পাছে ‘আৰআৰআৰ’ৰ জয়যাত্ৰা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে শ্বাহিদ কাপুৰৰ আগন্তুক ছবি 'জাৰ্ছী’। ছবিৰ মুক্তিৰ দিন পিছুৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। দাক্ষিণাত্যৰ চলচ্চিত্ৰৰ প্ৰভাৱৰ বাবে প্ৰযোজকে বলীউডৰ চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি কটাক্ষ কৰিছে সমালোচকসকলে।

স্মৰ্তব্য যে, ২০১৯ চনত মুক্তি পাইছিল গৌতম টিন্নানুড়ী পৰিচালিত তেলেগু চলচ্চিত্ৰ 'জাৰ্ছী'। দাক্ষিণাত্যৰ তাৰকা নানীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখন এই তেলেগু ছবিখনকেই হিন্দী ৰূপ দিছে পৰিচালক-প্ৰযোজকে। হিন্দী ভাষাত মুক্তি পাবলগীয়া ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহিদ কাপুৰে। শ্বাহিদ কাপুৰ অভিনিত ‘জাৰ্ছী’ ছবিখন  ২০২০ চনৰ ২৮ আগষ্টত মুক্তি পোৱাৰ কথা আছিল। কিন্তু পূৰ্ব নিৰ্ধাৰিত সময়সূচী সালসলনি কৰি ২০২১বৰ্ষৰ ৫ নৱেম্বৰত ছবিখনৰ মুক্তিৰ দিন নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু কৰ’নাসৃষ্ট পৰিস্থিতিৰ বাবে পুনৰ পিছুৱাবলগীয়া হয় ছবিখন মুক্তিৰ তাৰিখ।

এনে বহু বাধা বিঘিনি অতিক্ৰম কৰাৰ পাছত উদ্যোক্তাই চলিত বৰ্ষৰ ১৪ এপ্ৰিলত ছবিখন মক্তি দিয়া হ’ব বুলি সদৰী কৰিছিল। পাছে এইবাৰ বাটৰ কাঁইট হৈ দেখা দিছে ৰাজামৌলী পৰিচালিত তথা জুনিয়ৰ এনটিআৰ আৰু ৰাম চৰণ অভিনীত 'আৰআৰআৰ'-এ।  

 এনে পৰিস্থিতিত, কানাড়া তাৰকা যশৰ ছবি 'কেজিএফ চেপ্টাৰ-২' ১৪ এপ্ৰিলত পুনৰ মুক্তিৰ বাবে সাজু হৈ পৰিছে। সঞ্জয় দত্ত, ৰবীনা টেণ্ডনৰ দৰে তাৰকাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। পাছে এইবাৰ আকৌ প্ৰশ্ন উঠিছে সামগ্ৰিক দিশটোলৈ লক্ষ্য ৰাখি তথা দাক্ষিণাত্যৰ ছবিৰ ধুমুহা অব্যাহত থকাৰ সময়ত পুমৰ পিছুৱাই দিয়া হ’ব নেকি ‘কেজিএফ চেপ্টাৰ-২’ৰ মুক্তিৰ দিন! সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু