--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকা অভিনেতা-অভিনেত্ৰীৰ জীৱন কাহিনীয়ে অনুৰাগীক তৃপ্ত কৰে। বলীউডৰ দৰে বিশাল পৃথিৱীখনৰ পৰা প্ৰায়ে নানা ধৰণৰ খবৰ পোহৰলৈ আছে। প্ৰিয় তাৰকাৰ পৰা কিবা এক নতুনৰ আশাত  কাণ উনাই থাকে প্ৰতিজন অনুৰাগীয়ে। তাৰে মাজতে কিছুমান খবৰে জোকাৰি যায় সকলোকে। শেহতীয়াকৈ তেনে এক খবৰে দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ। এগৰাকী অভিনেত্ৰীক গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল বলীউডৰ প্ৰখ্যাত পৰিচালকে। কংগনা ৰাণাৱটৰ 'লক আপ' অনুষ্ঠানত এনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মন্দানা কৰিমীয়ে। মন্দনাৰ কথা শুনি উচুপি উঠে কংগনা। শেহতীয়াকৈ, অনুষ্ঠানটোৰ এটা প্ৰ’মো ভিডিঅ' পোহৰলৈ অহাৰ পাছতে ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। 

স্মৰ্তব্য যে, ২৭ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল কংগনাৰ ৰিয়েলিটি শ্ব 'লক আপ'। এইবাৰ অনুষ্ঠানটোৰ অন্যতম প্ৰতিযোগী আছিল মন্দনা । কংগনা ৰাণাৱটে মন্দনাক নিজৰ জীৱনৰ সৈতে জড়িত গোপন ৰহস্য প্ৰকাশ কৰিবলৈ কৈছিল। সুযোগৰ উচিত ব্যৱহাৰ কৰি মন্দনাই কয়, ‘ বিবাহ বিচ্ছেদৰ পাছত বলীউডৰ এজন প্ৰখ্যাত পৰিচালকৰ সৈতে সম্পৰ্কত সাঙোৰ খাই পৰিছিলো। সেই পৰিচালকজনে মোক গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল।’ এই ঘটনাৰ পাছত ভাগি পৰিছিল বুলিও জনায় মন্দানাই। কেৱল সেয়াই নহয় এই পুৰিচালক গৰাকীয়েই আকৌ ৰাজহুৱাভাৱে মহিলাৰ সুৰক্ষাৰ বিষয়ে ডাঙৰ ডাঙৰ কথা কোৱা বুলি সৰব হৈ পৰে মন্দানা।

মন কৰিবলগীয়া যে, মন্দানাৰ জন্ম ইৰাণৰ তেহৰাণত। পিতৃ ইৰাণৰ হ’লেও মন্দানাৰ মাতৃ ভাৰতীয়। জীৱনৰ শৈশৱকালটো এটা ৰক্ষণশীল পৰিয়ালত অতিবাহিত কৰা মন্দানাৰ জীৱনত ঘটি যোৱা এই ঘটনাটো পোৱৰলৈ অহাৰ পাছত আৱেগিক কৰি তুলিছে তেওঁৰ অনুৰাগীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু