--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড তাৰকা অভিনেতা-অভিনেত্ৰীৰ জীৱন কাহিনীয়ে অনুৰাগীক তৃপ্ত কৰে। বলীউডৰ দৰে বিশাল পৃথিৱীখনৰ পৰা প্ৰায়ে নানা ধৰণৰ খবৰ পোহৰলৈ আছে। প্ৰিয় তাৰকাৰ পৰা কিবা এক নতুনৰ আশাত  কাণ উনাই থাকে প্ৰতিজন অনুৰাগীয়ে। তাৰে মাজতে কিছুমান খবৰে জোকাৰি যায় সকলোকে। শেহতীয়াকৈ তেনে এক খবৰে দৃষ্টি আকৰ্ষণ কৰিছে অনুৰাগীৰ। এগৰাকী অভিনেত্ৰীক গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল বলীউডৰ প্ৰখ্যাত পৰিচালকে। কংগনা ৰাণাৱটৰ 'লক আপ' অনুষ্ঠানত এনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মন্দানা কৰিমীয়ে। মন্দনাৰ কথা শুনি উচুপি উঠে কংগনা। শেহতীয়াকৈ, অনুষ্ঠানটোৰ এটা প্ৰ’মো ভিডিঅ' পোহৰলৈ অহাৰ পাছতে ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো। 

স্মৰ্তব্য যে, ২৭ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল কংগনাৰ ৰিয়েলিটি শ্ব 'লক আপ'। এইবাৰ অনুষ্ঠানটোৰ অন্যতম প্ৰতিযোগী আছিল মন্দনা । কংগনা ৰাণাৱটে মন্দনাক নিজৰ জীৱনৰ সৈতে জড়িত গোপন ৰহস্য প্ৰকাশ কৰিবলৈ কৈছিল। সুযোগৰ উচিত ব্যৱহাৰ কৰি মন্দনাই কয়, ‘ বিবাহ বিচ্ছেদৰ পাছত বলীউডৰ এজন প্ৰখ্যাত পৰিচালকৰ সৈতে সম্পৰ্কত সাঙোৰ খাই পৰিছিলো। সেই পৰিচালকজনে মোক গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল।’ এই ঘটনাৰ পাছত ভাগি পৰিছিল বুলিও জনায় মন্দানাই। কেৱল সেয়াই নহয় এই পুৰিচালক গৰাকীয়েই আকৌ ৰাজহুৱাভাৱে মহিলাৰ সুৰক্ষাৰ বিষয়ে ডাঙৰ ডাঙৰ কথা কোৱা বুলি সৰব হৈ পৰে মন্দানা।

মন কৰিবলগীয়া যে, মন্দানাৰ জন্ম ইৰাণৰ তেহৰাণত। পিতৃ ইৰাণৰ হ’লেও মন্দানাৰ মাতৃ ভাৰতীয়। জীৱনৰ শৈশৱকালটো এটা ৰক্ষণশীল পৰিয়ালত অতিবাহিত কৰা মন্দানাৰ জীৱনত ঘটি যোৱা এই ঘটনাটো পোৱৰলৈ অহাৰ পাছত আৱেগিক কৰি তুলিছে তেওঁৰ অনুৰাগীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক