--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি জ্বালমুৰি খায় ভাল পায়নে? পথৰ কাষতে পোৱা এই জ্বালমুৰিৰ  জ্বলা-নিমখীয়া স্বাদৰ বাবে আপোনাৰ জিভাৰ পানী পৰেনে? যদি আপুনি জ্বালমুৰি ভাল পায়, তেন্তে ভাল খবৰ। অনুষ্কা শৰ্মাইও জ্বালমুৰি ভাল পায়।

শেহতীয়াকৈ বলিউডৰ অভিনেত্ৰীগৰাকী চাকডা এক্সপ্ৰেছ নামৰ এখন ছৱিৰ শ্বুটিঙৰ বাবে কলকাতাত আছে। শ্বুটিং চলি থকাৰ মাজতে কলিকতাৰ পথৰ কাষত পোৱা জ্বালমুৰিৰ সোৱাদ লৈছে অনুষ্কাই।

শুকুৰবাৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁ জ্বালমুৰিৰ এখন ফটোও শ্বেয়াৰ কৰিছে। দেখা গৈছে যে বাতৰি কাগজৰ ঠোঙাত জ্বালমুৰি লৈ অনুষ্কাই তাৰ সোৱাদ লৈছে।

কেৱল জ্বালমুৰিয়েই নহয়, কলিকতাত তেওঁ ব্ৰেকফাষ্ট হিচাপে মধুৰিআমো খাইছে। ইনষ্টাগ্ৰামত অনুষ্কাই লিখিছে- “ব্ৰেকফাষ্টৰ বাবে জ্বালমুৰি আৰু মধুৰিআম!”

উল্লেখ্য যে নতুন ছৱি চাক্ডা এক্সপ্ৰেছৰ কামত ব্যস্ত আছে অনুষ্কা শৰ্মা। প্ৰসিৎ ৰয়ে পৰিচালনা কৰা চিনেমাখন ভাৰতীয় মহিলা ক্ৰিকেটাৰ তথা ফাষ্ট বলাৰ ঝুলন গোস্বামীৰ বায়’পিক।

চিনেমাখনত অনুষ্কাই ঝুলনৰ ভূমিকাত অৱতীৰ্ণ হৈছে। লণ্ডনকে ধৰি কেইবাটাও স্থানত ইয়াৰ দৃশ্যগ্ৰহণ হৈছে। ইতিমধ্যে চিনেমাখনৰ বাবে অনুষ্কাই লোৱা নতুন ৰূপে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক