--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি জ্বালমুৰি খায় ভাল পায়নে? পথৰ কাষতে পোৱা এই জ্বালমুৰিৰ  জ্বলা-নিমখীয়া স্বাদৰ বাবে আপোনাৰ জিভাৰ পানী পৰেনে? যদি আপুনি জ্বালমুৰি ভাল পায়, তেন্তে ভাল খবৰ। অনুষ্কা শৰ্মাইও জ্বালমুৰি ভাল পায়।

শেহতীয়াকৈ বলিউডৰ অভিনেত্ৰীগৰাকী চাকডা এক্সপ্ৰেছ নামৰ এখন ছৱিৰ শ্বুটিঙৰ বাবে কলকাতাত আছে। শ্বুটিং চলি থকাৰ মাজতে কলিকতাৰ পথৰ কাষত পোৱা জ্বালমুৰিৰ সোৱাদ লৈছে অনুষ্কাই।

শুকুৰবাৰে ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁ জ্বালমুৰিৰ এখন ফটোও শ্বেয়াৰ কৰিছে। দেখা গৈছে যে বাতৰি কাগজৰ ঠোঙাত জ্বালমুৰি লৈ অনুষ্কাই তাৰ সোৱাদ লৈছে।

কেৱল জ্বালমুৰিয়েই নহয়, কলিকতাত তেওঁ ব্ৰেকফাষ্ট হিচাপে মধুৰিআমো খাইছে। ইনষ্টাগ্ৰামত অনুষ্কাই লিখিছে- “ব্ৰেকফাষ্টৰ বাবে জ্বালমুৰি আৰু মধুৰিআম!”

উল্লেখ্য যে নতুন ছৱি চাক্ডা এক্সপ্ৰেছৰ কামত ব্যস্ত আছে অনুষ্কা শৰ্মা। প্ৰসিৎ ৰয়ে পৰিচালনা কৰা চিনেমাখন ভাৰতীয় মহিলা ক্ৰিকেটাৰ তথা ফাষ্ট বলাৰ ঝুলন গোস্বামীৰ বায়’পিক।

চিনেমাখনত অনুষ্কাই ঝুলনৰ ভূমিকাত অৱতীৰ্ণ হৈছে। লণ্ডনকে ধৰি কেইবাটাও স্থানত ইয়াৰ দৃশ্যগ্ৰহণ হৈছে। ইতিমধ্যে চিনেমাখনৰ বাবে অনুষ্কাই লোৱা নতুন ৰূপে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী