--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ইখনৰ পিছত সিখনকৈ বক্স অফিচত ফ্লপ হৈছে বলীউডৰ ছবি। লাল সিং চাড্ডা, ৰাধে শ্যাম আৰু সম্ৰাট পৃথ্বীৰাজৰ দৰে বিগ বাজেটৰ ছবি উপভোগ কৰিবলৈও যেন ছবিঘৰত দৰ্শকৰ অভাৱ। ইয়াৰ বিপৰীতে অসমৰ দৰে ৰাজ্যত বুলু ফিল্ম, লংকাকাণ্ড আদি ছবিৰ ক্ষেত্ৰতেই দশৰ্কৰ ভিৰ পৰিলক্ষিত হৈছে। কিন্তু বলীউডৰ ছবিসমূহে এতিয়া দৰ্শকক কিয় আকৰ্ষণ কৰিব পৰা নাই? এয়া বলীউডৰ ছবি পৰিচালক, কলা-কুশলী, প্ৰযোজক, অভিনেতা-অভিনেত্ৰীৰ বাবে এক হাজাৰ কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে। 

যিটো সময়ত বলীউডৰ ছবিৰ ক্ষেত্ৰত বক্স অফিছ সেমেকা, সেই সময়তে কম বাজেটৰ দক্ষিণ ভাৰতৰ ছবিৰ প্ৰতি দৰ্শকৰ আকৰ্ষণ বৃদ্ধি পাইছে। এই প্ৰসংগতে পুনৰ মুখ খুলিছে 'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। 

ছবি উদ্যোগটোৰ প্ৰতি পৰিচালকগৰাকীৰ  উপহাস নতুন কথা নহয়। কিন্তু শেহতীয়াকৈ তেওঁ যি মন্তব্য কৰিছে সেই মন্তব্যই বলীউডক জোকাৰি গৈছে। টুইটত  পৰিচালকজনে বলীউডক  ছবিৰ ক্ষেত্ৰত সৰল অংক নকৰাৰ বাবে অন্ধ, বধিৰ আৰু বোবা হৈ পৰা বুলি  সমালোচনা কৰিছে। কিন্তু কি এই  সৰল অংক? সেই চাৰিখন চলচ্চিত্ৰ - দ্য কাশ্মীৰ ফাইলছ, কাৰ্তিকেয়া ২, ৰকেটৰী আৰু কান্তাৰাই বলীউডৰ শেহতীয়া অভিলেখ ভংগ কৰি সামূহিকভাৱে প্ৰায় ৮০০ কোটি টকা উপাৰ্জন কৰিছে। কেউখন ছবিৰে  বাজেট আছিল নিচেই কম। পৰিচালকগৰাকীয়ে  কৈছে যে এই চলচ্চিত্ৰসমূহৰ প্ৰযোজনা ব্যয় ৭৫ কোটি টকাৰ তলত। বিবেকৰ 'দ্য কাশ্মীৰ ফাইলছ' আৰু ঋষভ চেট্টীৰ 'কান্তাৰা'ই লাল সিং চাড্ডা, ৰাধে শ্যাম আৰু সম্ৰাট পৃথ্বীৰাজৰ দৰে ১০০ কোটিতকৈও অধিক বাজেটৰ সৈতে ফেৰ মাৰি বাকী কেইখনৰ তুলনাত বক্স অফিচ গৰম কৰিছে। 'দ্য কাশ্মীৰ ফাইলছ'ত যিসকল লোকৰ জীৱন কাহিনী দেখুওৱা হৈছে তেওঁলোকে  ন্যায় পাব নে নাই সেয়া বেলেগ বিষয় যদিওছবি খনৰ উপাৰ্জনৰ পৰা বিবেকে মুম্বাইত ১৮ কোটি টকাৰ এটা এপাৰ্টমেণ্ট কিনিছে। 

এইক্ষেত্ৰত  বিবেকৰ অনুগামী আৰু অনুৰাগীসকলে তেওঁৰ দৃষ্টিভংগীৰ সৈতে একমত হোৱা দেখা গৈছে। অৱশ্যে কিছুসংখ্যক  নেটিজেনে  বিবেকক এজন চৰকাৰী  পৃষ্ঠপোষকতা , ৰাজসাহায্যপ্ৰাপ্ত আৰু কৃত্ৰিমভাৱে প্ৰচাৰিত ব্যক্তি বুলি উপহাস কৰিছে। প্ৰশ্ন হৈছে বলীউডৰ বিগ বাজেটৰ ছবিৰ প্ৰতি মানুহে পিঠি দিছে কিয়? কিয় বহু সময়ত দৰ্শক শূন্য প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰিবলগীয়া হৈছে বলীউডৰ বহু কেইখন শেহতীয়া ছবি? ছবি সমালোচকসকলৰ লগতে একাংশ সচেতন দৰ্শকে এইবুলি মন্তব্য কৰিছে যে বলীউদত শেহতীয়াকৈ  ড্ৰাছৰ অবাধ প্ৰচলনৰ যিবোৰ খবৰ প্ৰচাৰ হৈ আছে তেনে খবৰ বোৰে দৰ্শকক ছবি উদ্যোগটোৰ প্ৰতি বীতশ্ৰদ্ধ কৰি তুলিছে। 

বিশেষকৈ ড্ৰাগছ কাণ্ডৰ বাবেই অভিনেতা সুশান্ত ৰাজপুতৰ মৃত্যুৰ পিছতে বলীউডত চলি থকা ড্ৰাগছৰ প্ৰচলনৰ ভয়লগা ছবি খন পোহৰলৈ আহিছে। নামী-দামী বুলি সকলোৱে মৰমৰ চকুৰে চোৱা বলীউডৰ বহু তাৰকাক ড্ৰাগছ কাণ্ডত জেৰা কৰাৰ পিছত বলীউডৰ প্ৰতি বহুতৰে বিৰাগ জন্মিছে। সৌসিদিনা যোগগুৰু বাবা ৰামদেৱেও মুকলিকৈয়ে ছলমান খানৰ দৰে অভিনেতাই ড্ৰাগছ লয় বুলি কৈছিল। ড্ৰাগছৰ লগতে বলীউডৰ বহু তাৰকাই এতিয়া শাসকীয় দলৰ ৰাজনীতিৰ সৈতেও অপ্ৰত্যাশিত ভাবে লুতুৰি-পুতৰি হৈ পৰিছে। কংগনা ৰাণাৱটৰ দৰে অভিনেত্ৰীসকল এতিয়া শাসকীয় দলৰ স্তাৱক হৈ পৰিছে। এনেবোৰ কথাৰ প্ৰভাৱ সদ্য মুক্তিপ্ৰাপ্ত ছবিৰ ওপৰতো পৰিছে। তদুপৰি কেমেৰাৰ বাহিৰত চলা অবাধ যৌনাচাৰৰ খবৰ বোৰেও সেমেকা কৰি তুলিছে বলীউডৰ সদ্য মুক্তিপ্ৰাপ্ত ছবি বোৰৰ বজাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু