--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি জানেনে অমিতাভ বচ্ছনে কিমান পৰিশ্ৰমিকৰ বিনিময়ত এখন চিনেমাত অভিনয় কৰে? অথবা নাছিৰুদ্দিন শ্বাহ-অনুপম খেৰে কিমান পৰিশ্ৰমিক লাভ কৰে?

বলিউডত যিমানেই নতুন নতুন অভিনেতা-অভিনেত্ৰীয়ে জনপ্ৰিয়তা লাভ কৰি আহিছে, সিমানেই আদৰ আছে পুৰণা অভিনেতা-অভিনেত্ৰীসকলৰো। এওঁলোকেও পৰিশ্ৰমিক হিচাপে লাভ কৰে কোটি কোটি টকা।

অমিতাভ বচ্ছনৰ পৰা ৰত্না পাঠক শ্বাহ, নীতু কাপুৰৰ পৰা অনুপম খেৰলৈকে সকলোৱে আকাশলংঘী পৰিশ্ৰমিক লয়। চাও আহক কোন কোন বৃদ্ধ অভিনেতা-অভিনেত্ৰীয়ে কিমান পৰিশ্ৰমিকৰ বিনিয়মত এখন চিনেমাত অভিনয় কৰে।

শেহতীয়াকৈ ৰশ্মিকা মন্দানা, নীনা গুপ্তা আৰু অমিতাভ বচ্ছন অভিনীত 'গুডবাইছৱিখন চিত্ৰগৃহত মুক্তি লাভ কৰিছে। ছৱিখনত অমিতাভ বচ্ছনৰ অভিনয়ে সকলোৰে মন চুই গৈছে। জানিব পৰা মতে, ছৱিখনত অভিনয়ৰ পৰিশ্ৰমিক হিচাপে বচ্ছনে ১০ কোটি টকা লাভ কৰিছে।

দীৰ্ঘদিন ধৰি বলিউডৰ অন্যতম সফল অভিনেতাৰ ভিতৰত নাশ্বিৰুদ্দিন শ্বাহ অন্যতম। ১৯৬৭ চনৰ পৰা বলিউডত নাছিৰুদ্দিনে কাম কৰি আহিছে। ৮০ৰ দশকত এওঁ সফলতা লাভ কৰে।

শেহতীয়াকৈ 'গেহৰাইয়াঁনামৰ ছৱিখনত অভিনয় কৰিছিল নাছিৰুদ্দিন। জানিব পৰা মতে, ছৱিখনত কাম কৰাৰ বাবে ৪৫ লাখ টকা পৰিশ্ৰমিক হিচাপে লাভ কৰিছিল তেওঁ।

নাছিৰুদ্দিন শ্বাহৰ পত্নী ৰত্না পাঠক শ্বাহো এগৰাকী আগশাৰীৰৰ অভিনেত্ৰী। টিভি ধাৰাবাহিকৰ উপৰিও কেইবাখনো হিন্দী ছৱিত অভিনয় দক্ষতা প্ৰদৰ্শন কৰি আহিছে ৰত্নাই।

'লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা’, 'হাম দো হামাৰে দোকে ধৰি শেহতীয়া কেইবাখনো জনপ্ৰিয় ছৱিত ৰত্নাই অভিনয় কৰিছে। শেহতীয়া ছৱিসমূহৰ ভিতৰত 'জয়েশভাই জোৰদাৰনামৰ ছৱিখনত অভিনয় কৰি ৰত্নাই এক কোটি টকা পৰিশ্ৰমিক লাভ কৰিছে।

যশস্বী অভিনেতা ঋষি কাপুৰৰ পত্নী নীতু কাপুৰো এগৰাকী বলিষ্ঠ অভিনেতা। বলিউডত কেইবাখনো চুপাৰহিট ছৱিত নীতুৱে অভিনয় কৰি আহিছে।

নীতুৰ শেহতীয়া ছৱি হৈছে 'যুগ যুগ জিয়ো। ছৱিখনৰ পৰিশ্ৰমিক হিচাপে নীতুৱে লাভ কৰিছে ১ কোটি ২৫ লাখ টকা।

বলিউডৰ আন এগৰাকী ছুপাৰষ্টাৰ হৈছে ধৰ্মেন্দ্ৰ। 'ড্ৰীম গাৰ্লৰ পৰা 'শ্বোলে’- বলিউডৰ এই ক্লাছিক ছৱিসমূহত ধৰ্মেন্দ্ৰৰ অভিনয় কোনেও পাহৰিব নোৱাৰে।

বৃদ্ধকালতো ক্ষান্ত হোৱা নাই ধৰ্মেন্দ্ৰ। কৰি গৈছে ইখনৰ পাছত সিখনকৈ জনপ্ৰিয় ছৱি। তাৰ ভিতৰত অন্যতম হৈছে আলিয়া ভাট আৰু ৰণবীৰ সিং অভিনীত ৰকি অউৰ ৰাণী কি প্ৰেম কাহিনী। ছৱিখনত অভিনয় কৰি ধৰ্মেন্দ্ৰই পাঁচ কোটি টকা পৰিশ্ৰমিক হিচাপে লাভ কৰিছে।

অনুপম খেৰৰ চিনাকি কাকো দিব নালাগে। বলিষ্ঠ অভিনয়েৰে বলিউডত নাম কৰিছে অনুপমে। যিকোনো চৰিত্ৰতে অভিনয় দক্ষতা প্ৰদৰ্শন কৰি অহা অনুপমৰ শেহতীয়া ছৱিখন হৈছে বহুচৰ্চিত 'দা কাশ্মীৰ ফাইলছ। ছৱিখনত অভিনয় কৰি তেওঁ লাভ কৰিছে ১ কোটি টকাৰ পৰিশ্ৰমিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক