--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপুনি জানেনে অমিতাভ বচ্ছনে কিমান পৰিশ্ৰমিকৰ বিনিময়ত এখন চিনেমাত অভিনয় কৰে? অথবা নাছিৰুদ্দিন শ্বাহ-অনুপম খেৰে কিমান পৰিশ্ৰমিক লাভ কৰে?

বলিউডত যিমানেই নতুন নতুন অভিনেতা-অভিনেত্ৰীয়ে জনপ্ৰিয়তা লাভ কৰি আহিছে, সিমানেই আদৰ আছে পুৰণা অভিনেতা-অভিনেত্ৰীসকলৰো। এওঁলোকেও পৰিশ্ৰমিক হিচাপে লাভ কৰে কোটি কোটি টকা।

অমিতাভ বচ্ছনৰ পৰা ৰত্না পাঠক শ্বাহ, নীতু কাপুৰৰ পৰা অনুপম খেৰলৈকে সকলোৱে আকাশলংঘী পৰিশ্ৰমিক লয়। চাও আহক কোন কোন বৃদ্ধ অভিনেতা-অভিনেত্ৰীয়ে কিমান পৰিশ্ৰমিকৰ বিনিয়মত এখন চিনেমাত অভিনয় কৰে।

শেহতীয়াকৈ ৰশ্মিকা মন্দানা, নীনা গুপ্তা আৰু অমিতাভ বচ্ছন অভিনীত 'গুডবাই’ ছৱিখন চিত্ৰগৃহত মুক্তি লাভ কৰিছে। ছৱিখনত অমিতাভ বচ্ছনৰ অভিনয়ে সকলোৰে মন চুই গৈছে। জানিব পৰা মতে, ছৱিখনত অভিনয়ৰ পৰিশ্ৰমিক হিচাপে বচ্ছনে ১০ কোটি টকা লাভ কৰিছে।

দীৰ্ঘদিন ধৰি বলিউডৰ অন্যতম সফল অভিনেতাৰ ভিতৰত নাশ্বিৰুদ্দিন শ্বাহ অন্যতম। ১৯৬৭ চনৰ পৰা বলিউডত নাছিৰুদ্দিনে কাম কৰি আহিছে। ৮০ৰ দশকত এওঁ সফলতা লাভ কৰে।

শেহতীয়াকৈ 'গেহৰাইয়াঁ’ নামৰ ছৱিখনত অভিনয় কৰিছিল নাছিৰুদ্দিন। জানিব পৰা মতে, ছৱিখনত কাম কৰাৰ বাবে ৪৫ লাখ টকা পৰিশ্ৰমিক হিচাপে লাভ কৰিছিল তেওঁ।

নাছিৰুদ্দিন শ্বাহৰ পত্নী ৰত্না পাঠক শ্বাহো এগৰাকী আগশাৰীৰৰ অভিনেত্ৰী। টিভি ধাৰাবাহিকৰ উপৰিও কেইবাখনো হিন্দী ছৱিত অভিনয় দক্ষতা প্ৰদৰ্শন কৰি আহিছে ৰত্নাই।

'লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা’, 'হাম দো হামাৰে দো’কে ধৰি শেহতীয়া কেইবাখনো জনপ্ৰিয় ছৱিত ৰত্নাই অভিনয় কৰিছে। শেহতীয়া ছৱিসমূহৰ ভিতৰত 'জয়েশভাই জোৰদাৰ’ নামৰ ছৱিখনত অভিনয় কৰি ৰত্নাই এক কোটি টকা পৰিশ্ৰমিক লাভ কৰিছে।

যশস্বী অভিনেতা ঋষি কাপুৰৰ পত্নী নীতু কাপুৰো এগৰাকী বলিষ্ঠ অভিনেতা। বলিউডত কেইবাখনো চুপাৰহিট ছৱিত নীতুৱে অভিনয় কৰি আহিছে।

নীতুৰ শেহতীয়া ছৱি হৈছে 'যুগ যুগ জিয়ো’। ছৱিখনৰ পৰিশ্ৰমিক হিচাপে নীতুৱে লাভ কৰিছে ১ কোটি ২৫ লাখ টকা।

বলিউডৰ আন এগৰাকী ছুপাৰষ্টাৰ হৈছে ধৰ্মেন্দ্ৰ। 'ড্ৰীম গাৰ্ল’ৰ পৰা 'শ্বোলে’- বলিউডৰ এই ক্লাছিক ছৱিসমূহত ধৰ্মেন্দ্ৰৰ অভিনয় কোনেও পাহৰিব নোৱাৰে।

বৃদ্ধকালতো ক্ষান্ত হোৱা নাই ধৰ্মেন্দ্ৰ। কৰি গৈছে ইখনৰ পাছত সিখনকৈ জনপ্ৰিয় ছৱি। তাৰ ভিতৰত অন্যতম হৈছে আলিয়া ভাট আৰু ৰণবীৰ সিং অভিনীত ৰকি অউৰ ৰাণী কি প্ৰেম কাহিনী’। ছৱিখনত অভিনয় কৰি ধৰ্মেন্দ্ৰই পাঁচ কোটি টকা পৰিশ্ৰমিক হিচাপে লাভ কৰিছে।

অনুপম খেৰৰ চিনাকি কাকো দিব নালাগে। বলিষ্ঠ অভিনয়েৰে বলিউডত নাম কৰিছে অনুপমে। যিকোনো চৰিত্ৰতে অভিনয় দক্ষতা প্ৰদৰ্শন কৰি অহা অনুপমৰ শেহতীয়া ছৱিখন হৈছে বহুচৰ্চিত 'দা কাশ্মীৰ ফাইলছ’। ছৱিখনত অভিনয় কৰি তেওঁ লাভ কৰিছে ১ কোটি টকাৰ পৰিশ্ৰমিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু