--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইচ্ছাশক্তি আৰু হাবিয়াস হ’লে মানুহৰ বাবে কি অসম্ভৱ! তেনে এজন ব্যক্তি হ’ল সামাজিক মাধ্যমত অতি জনপ্ৰিয় ইউটিউবাৰ আৰমান মালিক।আৰমানে তেওঁৰ দুই পত্নী পায়ল আৰু কৃতিকাৰ বাবেও শিৰোনাম দখল কৰিছে৷ শেহতীয়াকৈ এটা পুত্ৰসন্তান চিকুৰ পিতৃ আৰমানৰ ঘৰত উদযাপনৰ পৰিৱেশে গঢ় লৈ উঠিছিল।কাৰণ আৰমানৰ প্ৰথম পত্নী পায়লে যমজ সন্তান জন্ম দিয়াৰ বিপৰীতে দ্বিতীয় পত্নী কৃতিকাই এটি পুত্ৰ সন্তান জন্ম দিয়ে। সম্প্ৰতি আৰমান মালিকে আজিকালি নিজৰ সৰু ল'ৰা-ছোৱালীৰ সৈতে সুন্দৰ সময় উপভোগ কৰি আছে। শেহতীয়াকৈ আৰমানে এটা ভিডিঅ’ত নিজৰ পৰিয়াল আৰু জীৱনৰ সৈতে জড়িত বহু কথা প্ৰকাশ কৰিছিল।

এক সাক্ষাৎকাৰৰ সময়ত আৰমানে প্ৰকাশ কৰে যে তেওঁ আঠ বছৰ ধৰি শ্ৰমিক হিচাপে কাম কৰিছিল। এই কাম কৰাৰ আঁৰৰ কাহিনীও তেওঁ ক’লে। আৰমানে কৈছিল যে তেওঁ হাৰিয়ানাৰ আৰু সৰুতে স্কুললৈ যোৱাৰ ইচ্ছা নাছিল। ঘৰৰ মানুহে স্কুললৈ পঠিয়াইছিল যদিও স্কুললৈ যোৱাৰ সলনি খেলিছিল আৰু দুপৰীয়া স্কুল ছুটীৰ সময়ত ঘৰলৈ আহিছিল।

কিন্তু তেওঁৰ স্কুললৈ নোযোৱাৰ এই চুৰিটো বেছি দিন নাথাকিল, আচলতে চুবুৰীৰ এজনী ছোৱালীয়ে গৈ গোটেই কথাটো মাকক ক’লে। ইয়াৰ পাছত আৰমান মালিক যেতিয়া সন্ধিয়া ঘৰলৈ আহিছিল। দেউতাকে তেওঁক বহুত মাৰপিট কৰি নহয় আঠ বছৰ শ্ৰমিকৰ কাম কৰিবলৈও বাধ্য কৰাইছিল।

কিন্তু নিয়তিৰ কৰুণ পৰিণতি!অত্যাধিক মদ্যপানৰ বাবে কিছু সময়ৰ পাছত তেওঁৰ পিতৃৰ মৃত্যু হয়। একে সময়তে তেওঁৰ মাতৃও কেন্সাৰ ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে। আৰমানে কৈছিল যে সেই সময়ত মাকৰ চিকিৎসাৰ বাবে তেওঁৰ হাতত টকা নাছিল আৰু আত্মীয়ই তেওঁক কোনোধৰণৰ সহায় কৰা নাছিল।

মাকৰ মৃত্যুৰ পাছত আৰমানে হাৰিয়ানা এৰি দিল্লীলৈ আহি চাকৰি আৰম্ভ কৰে। এই সময়তে আৰমানে পায়লক লগ পায় আৰু কিছু সময়ৰ পাছত আৰমান আৰু পায়লে ঘৰৰ পৰা পলাই গৈ বিবাহ সম্পন্ন কৰে। ইয়াৰ পিছত আৰমানে কৃতিকাক বিয়া কৰায়। যদিও প্ৰথম পত্নী পায়লে কৃতিকাক বিয়া কৰাবলৈ লোৱা সিদ্ধান্তৰ কথা কওঁতে তেওঁৰ জীৱন উত্তেজিত হৈ উঠিছিল যদিও পাছলৈ সকলো ঠিকে হৈ পৰে। আজি পায়ল আৰু কৃতিকাই একেলগে একেখন চালিৰ তলত সুখেৰে আৰমানৰ সৈতে বাস কৰে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু