--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী, অভিনেত্ৰীৰ শাৰীৰিক গঠন, ছবিৰ কেতবোৰ অন্তৰংগ মুহূৰ্ত আজিও মনোৰঞ্জন জগতৰ অন্যতম প্ৰধান আকৰ্ষণ। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চাঞ্চল্যকৰ খবৰে জোকাৰি যায় বলীউড। দশকপুৰণি তেনে এক ঘটনাই এইবাৰ পোহৰলৈ আহিছে। স্মিতা পাটিল। ৩১ বছৰ বয়সতে মৃত্যু হৈছিল এইগৰাকী জন‌প্ৰিয় অভিনেত্ৰীৰ। ছবিৰ কামৰ পৰা ৰাজ বব্বৰৰ সৈতে বিবাহলৈকে সকলো বিষয়ক লৈ সচেতন আছিল স্মিতা পাটিল। কম সময়ৰ ভিতৰতে দূৰদৰ্শনৰ বাতৰি পঢ়ুৱৈৰ পৰা অভিনেত্ৰী হোৱা স্মিতাই 'চক্ৰ'ছবিত কৰা সাৱলীল অভিনয়ত মুগ্ধ হৈছিল অনুৰাগী। দ্বিতীয়বাৰৰ বাবে লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা। স্মিতা পাটিল 'চক্ৰ' চলচ্চিত্ৰৰ বাবে মুম্বাইৰ বস্তিলৈ গৈছিল আৰু তাত সেই জীৱন শৃংখলা আয়ত্ত কৰি লৈছিল। স্মৰ্তব্য যে, 'চক্ৰ' ছবিত গা-ধোৱা এটা দৃশ্যক লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল অভিনেত্ৰীগৰাকীয়ে। ১৯৮১ চনত মুক্তি পোৱা ছবিখনক লৈ হোৱা বিতৰ্কৰ বিষয়ে নায়িকাগৰাকীয়ে নিজেই মুকলিকৈ মন্তব্য কৰিছিল। এক ভিডিঅ' সাক্ষাৎকাৰত তেওঁ কয়, ‘আমাৰ দেশৰ জনসাধাৰণৰ ওপৰত কিছুমান বস্তু আৰোপ কৰা হৈছে। উদাহৰণ স্বৰূপে, এই ছবিখনত যৌনগন্ধী দৃশ্য আছে। আকৌ সেই ছবিখনত অভিনেত্ৰীগৰাকীয়ে অৰ্ধ উলংগ হৈ গা ধুই থকাৰ দৃশ্যও আছে। এই ছবিখন আপোনালোকে চাবলৈ আহক। এনেধৰণৰ মনোভাৱ অতি ক্ষতিকাৰক। এখন ছবিত কোনে পুৰুষক অৰ্ধ-উলংগ হৈ থকাটো চাবলৈ নিবিচাৰে। কিন্তু যদি এগৰাকী মহিলাক অৰ্ধ-উলংগ দেখায়, তেন্তে আৰু ১০০জন মানুহ চিনেমাখন চাবলৈ আহিব! এতিয়া এইটোৱেই হৈ পৰিছে সহজলভ্য ধাৰণা।’ কেৱল নিজৰ চলচ্চিত্ৰৰ পৰিপ্ৰেক্ষিততে নহয়, ব্যক্তিগত জীৱনতো অভিনেত্ৰীগৰাকীয়ে সদায় মহিলাৰ সমস্যা আৰু অধিকাৰৰ বিষয়ে সোচ্চাৰ হৈ পৰা দেখা গৈছিল। স্মিতাৰ জন্ম পুনেত। ১৯৫৫ চনৰ ১৭ অক্টোবৰত। পিতৃ শিৱাজীৰাও গিৰধৰ পাটিল এজন ৰাজনীতিবিদ। মাতৃ বিদ্যাটাই পাটিল এগৰাকী সমাজকৰ্মী আছিল। দুয়োজনৰ ব্যক্তিত্বৰে প্ৰভাৱ পৰিছিল স্মিতাৰ জীৱনত। তেওঁৰ চলচ্চিত্ৰসমূহো পৰম্পৰাগত নায়ক প্ৰধান ছবিৰ বিপৰীত মেৰুৰ আছিল। মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ এগৰাকী শক্তিশালী আৰু লেখত ল’বলগীয়া অভিনেত্ৰী আছিল স্মিতা পাটিল। তেওঁৰ প্ৰথম ছবি 'মেৰে সাথ চল' ১৯৭৪ চনত মুক্তি লাভ কৰিছিল। পৰৱৰ্তী বছৰটো হৈছে শ্যাম বেনেগলৰ পৰিচালিত 'নিশান্ত'। ইয়াৰ পিছত আছিল 'চৰনদাস চোৰ', 'মন্থন', 'ভূমিকা'। স্মিতাৰ অভিনয় আৰু শ্যাম বেনেগলৰ পৰিচালনাৰ যুগলবন্দীত বলীউডৰ এক নতুন অধ্যায়ৰ সূচনা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু