--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী, অভিনেত্ৰীৰ শাৰীৰিক গঠন, ছবিৰ কেতবোৰ অন্তৰংগ মুহূৰ্ত আজিও মনোৰঞ্জন জগতৰ অন্যতম প্ৰধান আকৰ্ষণ। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চাঞ্চল্যকৰ খবৰে জোকাৰি যায় বলীউড। দশকপুৰণি তেনে এক ঘটনাই এইবাৰ পোহৰলৈ আহিছে। স্মিতা পাটিল। ৩১ বছৰ বয়সতে মৃত্যু হৈছিল এইগৰাকী জন‌প্ৰিয় অভিনেত্ৰীৰ। ছবিৰ কামৰ পৰা ৰাজ বব্বৰৰ সৈতে বিবাহলৈকে সকলো বিষয়ক লৈ সচেতন আছিল স্মিতা পাটিল। কম সময়ৰ ভিতৰতে দূৰদৰ্শনৰ বাতৰি পঢ়ুৱৈৰ পৰা অভিনেত্ৰী হোৱা স্মিতাই 'চক্ৰ'ছবিত কৰা সাৱলীল অভিনয়ত মুগ্ধ হৈছিল অনুৰাগী। দ্বিতীয়বাৰৰ বাবে লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা। স্মিতা পাটিল 'চক্ৰ' চলচ্চিত্ৰৰ বাবে মুম্বাইৰ বস্তিলৈ গৈছিল আৰু তাত সেই জীৱন শৃংখলা আয়ত্ত কৰি লৈছিল। স্মৰ্তব্য যে, 'চক্ৰ' ছবিত গা-ধোৱা এটা দৃশ্যক লৈ যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল অভিনেত্ৰীগৰাকীয়ে। ১৯৮১ চনত মুক্তি পোৱা ছবিখনক লৈ হোৱা বিতৰ্কৰ বিষয়ে নায়িকাগৰাকীয়ে নিজেই মুকলিকৈ মন্তব্য কৰিছিল। এক ভিডিঅ' সাক্ষাৎকাৰত তেওঁ কয়, ‘আমাৰ দেশৰ জনসাধাৰণৰ ওপৰত কিছুমান বস্তু আৰোপ কৰা হৈছে। উদাহৰণ স্বৰূপে, এই ছবিখনত যৌনগন্ধী দৃশ্য আছে। আকৌ সেই ছবিখনত অভিনেত্ৰীগৰাকীয়ে অৰ্ধ উলংগ হৈ গা ধুই থকাৰ দৃশ্যও আছে। এই ছবিখন আপোনালোকে চাবলৈ আহক। এনেধৰণৰ মনোভাৱ অতি ক্ষতিকাৰক। এখন ছবিত কোনে পুৰুষক অৰ্ধ-উলংগ হৈ থকাটো চাবলৈ নিবিচাৰে। কিন্তু যদি এগৰাকী মহিলাক অৰ্ধ-উলংগ দেখায়, তেন্তে আৰু ১০০জন মানুহ চিনেমাখন চাবলৈ আহিব! এতিয়া এইটোৱেই হৈ পৰিছে সহজলভ্য ধাৰণা।’ কেৱল নিজৰ চলচ্চিত্ৰৰ পৰিপ্ৰেক্ষিততে নহয়, ব্যক্তিগত জীৱনতো অভিনেত্ৰীগৰাকীয়ে সদায় মহিলাৰ সমস্যা আৰু অধিকাৰৰ বিষয়ে সোচ্চাৰ হৈ পৰা দেখা গৈছিল। স্মিতাৰ জন্ম পুনেত। ১৯৫৫ চনৰ ১৭ অক্টোবৰত। পিতৃ শিৱাজীৰাও গিৰধৰ পাটিল এজন ৰাজনীতিবিদ। মাতৃ বিদ্যাটাই পাটিল এগৰাকী সমাজকৰ্মী আছিল। দুয়োজনৰ ব্যক্তিত্বৰে প্ৰভাৱ পৰিছিল স্মিতাৰ জীৱনত। তেওঁৰ চলচ্চিত্ৰসমূহো পৰম্পৰাগত নায়ক প্ৰধান ছবিৰ বিপৰীত মেৰুৰ আছিল। মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰৰ এগৰাকী শক্তিশালী আৰু লেখত ল’বলগীয়া অভিনেত্ৰী আছিল স্মিতা পাটিল। তেওঁৰ প্ৰথম ছবি 'মেৰে সাথ চল' ১৯৭৪ চনত মুক্তি লাভ কৰিছিল। পৰৱৰ্তী বছৰটো হৈছে শ্যাম বেনেগলৰ পৰিচালিত 'নিশান্ত'। ইয়াৰ পিছত আছিল 'চৰনদাস চোৰ', 'মন্থন', 'ভূমিকা'। স্মিতাৰ অভিনয় আৰু শ্যাম বেনেগলৰ পৰিচালনাৰ যুগলবন্দীত বলীউডৰ এক নতুন অধ্যায়ৰ সূচনা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু