--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড এতিয়াৰেপৰা কৰ’নাৰ কৰাল গ্ৰাসত! কৰীণা কাপুৰ, অমৃতা অৰোৰা সুস্থ হোৱাৰ পাছত এতিয়া নোৰা ফাতেহী এতিয়া কৰ’নাৰ চিকাৰ হ’ল। নোৰাৰ মুখপাত্ৰই এই কথা নিশ্চিত কৰিছে৷ বিবৃতি অনুসৰি, নোৰা ফাতেহীৰ হৈ তেওঁৰ মুখপাত্ৰ হিচাপে, জনাব বিচাৰিব যে নোৰা ফাতেহীক ২৮ ডিচেম্বৰত ক’ভিড ১৯ৰ পজিটিভ পোৱা গৈছিল৷ নোৰাক তেতিয়াৰ পৰা সম্পূৰ্ণ ক’ভিড বিধি মানি চিকিৎসকৰ নিৰীক্ষণত আছে৷

উল্লেখ্য যে, বুধবাৰে অৰ্জুন কাপুৰ, অংশুলা কাপুৰ, ৰিয়া কাপুৰ আৰু স্বামী কৰণ বুলানীৰ ক’ভিড ১৯ পজিটিভ পোৱা গৈছিল। বিএমচি পৰামৰ্শ দিছে যে সোনকালেই অৰ্জুনৰ সংগী মালাইকা অৰোৰাৰো পৰীক্ষা কৰা হ’ব। অৰ্জুন কাপুৰক ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ক’ভিড ১৯ত আক্ৰান্ত হৈছে। ২০২০ চনৰ ছেপ্টেম্বৰতে অৰ্জুনক ক’ভিড ১৯ পজিটিভ পোৱা গৈছিল৷

নোৰা ফাতেহী অলপতে গায়ক গুৰু ৰন্ধাৱাৰ সৈতে ডান্স মেৰী ৰাণী গীতৰ ভিডিঅ’ত দেখা গৈছিল। গানটোৰ শ্বুটিঙৰ বাবে তেওঁলোক বিদেশলৈ যাব লগা হৈছিল৷ গানটোৰ প্ৰচাৰৰ বাবে নোৰাই দ্য কপিল শৰ্মা শ্ব’, বিগ বছ ১৫ৰ দৰে ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰিছিল। ২১ ডিচেম্বৰত প্ৰিমিয়াৰৰ পাছত গানটোৱে ভাৰতত খলকনি তুলিছে, ইউটিউবত ইতিমধ্যে ৫৪ মিলিয়নতকৈয়ো অধিক লোকে ভিডিঅ’টো চাইছে৷ নোৰাই তেওঁৰ শেহতীয়া গীত ডান্স মেৰী ৰাণীত আফ্ৰিকাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সংস্কৃতি আৰু শৈলীৰ মিশ্ৰণ উপস্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ