--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানা অভিনীত তেলেগু ছবি পুষ্পাঃ দ্য ৰাইজ নামৰ চিনেমাখনে অভূতপূৰ্ব জনপ্ৰিয় লাভ কৰিবলৈ সক্ষম হৈছে। এই চিনেমাখনে কেইদিনমানৰ ভিতৰতে ২৭৫ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। চিনেমাখনত আল্লু অৰ্জুনৰ ষ্টাইলৰ পৰা চিনেমাখনৰ কাহিনীলৈকে আৰু প্ৰতিটো সংলাপে ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা লাভ কৰিছে আৰু পুষ্পা সকলো ঠাইতে প্ৰশংসিত হৈছে। পৰিচালক সুকুমাৰে তেওঁৰ চলচ্চিত্ৰ 'পুষ্পা: দ্য ৰাইজ'ৰ লগত জড়িত প্ৰতিজন লোকক কৃতজ্ঞতাৰ চিন হিচাপে ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

ছবিখনৰ পৰিচালকে ছবিখন নিৰ্মাণ কৰাসকলক পুৰস্কৃত কৰাৰ প্ৰতিশ্ৰুতি দিছে যিসকলে ছবিখন পৰ্দাৰ আঁৰত থাকি এই সফলতা কঢ়িয়াই আনিছে। পৰিচালক সুকুমাৰে কয় যে "মোৰ প্ৰযোজনা দলটোক তেওঁলোকৰ নিৰন্তৰ কষ্টৰ বাবে প্ৰশংসা কৰা প্ৰয়োজন। যিয়ে চিনেমাখন হিট হোৱাত দিন-ৰাতি একাকাৰ কৰি কাম কৰিছিল তেওঁলোকৰ প্ৰতিজনকে মই ১ লাখ টকা উপহাৰ দিব বিচাৰো।" পুষ্পাই লাভ কৰা অভূতপূৰ্ব সফলতাৰ বাবে চিনেমাখনৰ লগত জড়িত প্ৰতিজন লোকক ধন্যবাদ জনোৱাৰ উদ্দেশ্যৰে 'Thank You Meet' নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই অনুষ্ঠানতে পৰিচালক সুকুমাৰে এই ঘোষণা কৰে।

এই অনুষ্ঠানত পৰিচালক সুকুমাৰকে ধৰি সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ, অভিনেতা আল্লু অৰ্জুন, অভিনেত্ৰী ৰশ্মিকা মান্দানা আৰু দলৰ আন সদস্যসকল উপস্থিত আছিল, য'ত তেওঁলোকে ইজনে সিজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল। উল্লেখ্য যে 'পুষ্পা: দ্য ৰাইজ' ১৭ ডিচেম্বৰত মুক্তি পাইছিল আৰু চিনেমাখন এই ছিজনৰ অন্যতম ছুপাৰ হিট চিনেমা হিচাপে বিবেচিত হৈছে।

আৰু পঢ়কঃ কেন্সাৰৰ সৈতে যুঁজ! অৱশেষত মৃত্যুক সাবটিলে বলীউডৰ বিশিষ্ট প্ৰযোজক বিজয় গালানীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু