--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানা অভিনীত তেলেগু ছবি পুষ্পাঃ দ্য ৰাইজ নামৰ চিনেমাখনে অভূতপূৰ্ব জনপ্ৰিয় লাভ কৰিবলৈ সক্ষম হৈছে। এই চিনেমাখনে কেইদিনমানৰ ভিতৰতে ২৭৫ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। চিনেমাখনত আল্লু অৰ্জুনৰ ষ্টাইলৰ পৰা চিনেমাখনৰ কাহিনীলৈকে আৰু প্ৰতিটো সংলাপে ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা লাভ কৰিছে আৰু পুষ্পা সকলো ঠাইতে প্ৰশংসিত হৈছে। পৰিচালক সুকুমাৰে তেওঁৰ চলচ্চিত্ৰ 'পুষ্পা: দ্য ৰাইজ'ৰ লগত জড়িত প্ৰতিজন লোকক কৃতজ্ঞতাৰ চিন হিচাপে ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

ছবিখনৰ পৰিচালকে ছবিখন নিৰ্মাণ কৰাসকলক পুৰস্কৃত কৰাৰ প্ৰতিশ্ৰুতি দিছে যিসকলে ছবিখন পৰ্দাৰ আঁৰত থাকি এই সফলতা কঢ়িয়াই আনিছে। পৰিচালক সুকুমাৰে কয় যে "মোৰ প্ৰযোজনা দলটোক তেওঁলোকৰ নিৰন্তৰ কষ্টৰ বাবে প্ৰশংসা কৰা প্ৰয়োজন। যিয়ে চিনেমাখন হিট হোৱাত দিন-ৰাতি একাকাৰ কৰি কাম কৰিছিল তেওঁলোকৰ প্ৰতিজনকে মই ১ লাখ টকা উপহাৰ দিব বিচাৰো।" পুষ্পাই লাভ কৰা অভূতপূৰ্ব সফলতাৰ বাবে চিনেমাখনৰ লগত জড়িত প্ৰতিজন লোকক ধন্যবাদ জনোৱাৰ উদ্দেশ্যৰে 'Thank You Meet' নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই অনুষ্ঠানতে পৰিচালক সুকুমাৰে এই ঘোষণা কৰে।

এই অনুষ্ঠানত পৰিচালক সুকুমাৰকে ধৰি সংগীত পৰিচালক দেৱী শ্ৰী প্ৰসাদ, অভিনেতা আল্লু অৰ্জুন, অভিনেত্ৰী ৰশ্মিকা মান্দানা আৰু দলৰ আন সদস্যসকল উপস্থিত আছিল, য'ত তেওঁলোকে ইজনে সিজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল। উল্লেখ্য যে 'পুষ্পা: দ্য ৰাইজ' ১৭ ডিচেম্বৰত মুক্তি পাইছিল আৰু চিনেমাখন এই ছিজনৰ অন্যতম ছুপাৰ হিট চিনেমা হিচাপে বিবেচিত হৈছে।

আৰু পঢ়কঃ কেন্সাৰৰ সৈতে যুঁজ! অৱশেষত মৃত্যুক সাবটিলে বলীউডৰ বিশিষ্ট প্ৰযোজক বিজয় গালানীয়ে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ